এলাৰ্জী আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব বৃদ্ধি, অমিতা খোৱাৰ পূৰ্বে সাৱধান!

শৰীৰৰ বহু সমস্যাৰ বাবে অমিতা ঔষধ হিচাপে গণ্য কৰা হয়। কাহৰ লগত তেজ ওলোৱা, কেঁচুমুৰীয়া, মূত্ৰনালীৰ ক্ষতত, কোষ্ঠকাঠিণ্যত আৰু কৃমিত হিতকৰ। কিন্তু অত্যধিক খোৱাৰ ফলত ই আপোনাৰ ক্ষতিও কৰে।

এলাৰ্জী আৰু পাচনতন্ত্ৰৰ সমস্যা হব বৃদ্ধি, অমিতা খোৱাৰ পূৰ্বে সাৱধান!

অমিতা খোৱাৰ পূৰ্বে সাৱধান!

Published: 

02 Sep 2025 | 11:06 PM

অমিতা শৰীৰৰ বাবে কিমান উপকাৰী। অমিতাই মানৱ শৰীৰত যথেষ্ঠ উপকাৰো সাধন কৰে। ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে অমিতা খোৱাটো উত্তম। ইয়াৰ উপৰিও ই ছালৰ বহুতো উপকাৰ কৰে। শৰীৰৰ বহু সমস্যাৰ বাবে অমিতা ঔষধ হিচাপে গণ্য কৰা হয়। কাহৰ লগত তেজ ওলোৱা, কেঁচুমুৰীয়া, মূত্ৰনালীৰ ক্ষতত, কোষ্ঠকাঠিণ্যত আৰু কৃমিত হিতকৰ। পকা অমিতা কেঁচুমুৰীয়া ৰোগ আৰু কোষ্ঠকাঠিন্য ৰোগত হিতকৰ। অমিতাত প্ৰচুৰ পেপেন এনজাইম আছে যি মানুহৰ পাকস্থলীত আমিষ হজমত সহায় কৰে। কিন্তু অত্যধিক খোৱাৰ ফলত ই আপোনাৰ ক্ষতিও কৰে।

খজুৱতি বা এলাৰ্জী হোৱা

পেপেইন নামৰ এটা মৌল অমিতাত পোৱা যায়। অতিমাত্ৰা পেপেইন সেৱন কৰিলে শৰীৰত খজুৱতি, ফুলা, ফোহা, মূৰৰ বিষ, এলাৰ্জী আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে প্ৰয়োজন অনুসৰিহে খাব লাগে।

পাচনতন্ত্ৰৰ সমস্যা

অমিতাত ফাইবাৰ আৰু এনজাইম পেপেইন পোৱা যায়। যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু ইয়াক বেছিকৈ খালে আপোনাৰ পাচনতন্ত্ৰ নষ্ট হ’ব পাৰে। যাৰ বাবে ডায়েৰিয়াৰ দৰে সমস্যা হ’ব পাৰে।

ব্লাড চুগাৰ কম

অমিতাত প্ৰাকৃতিক যৌগ পোৱা যায়। যিসকল লোকৰ ব্লাড চুগাৰৰ মাত্ৰা কম হোৱাৰ সমস্যা আছে তেওঁলোকে অমিতা খাব নালাগে। কাৰণ অমিতাই ইনচুলিন বৃদ্ধি কৰে, যাৰ ফলত তেজৰ চেনিৰ পৰিমাণ অতি কম হৈ পৰে।

গৰ্ভৱতী মহিলাই খাব নালাগে

গৰ্ভৱতী মহিলাৰ বাবে অমিতা একেবাৰেই উপকাৰী নহয়। বিশেষকৈ গৰ্ভৱতী মহিলাই কেঁচা অমিতা খাব নালাগে। কেঁচা অমিতাত লেটেক্স পোৱা যায়, যিটো জৰায়ুৰ বাবে ক্ষতিকাৰক। ইয়াৰ লগতে ইয়াত পেপেইনও পোৱা যায় যিয়ে কোষৰ আৱৰণৰ ক্ষতি কৰে। ইয়াৰ ফলত ভ্ৰুণৰ বিকাশত সমস্যাৰ সৃষ্টি হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...