পুৱা উঠি কৰক এই কাম, সুন্দৰ হৈ পৰিব আপোনাৰ জীৱন…

এটা ভাল পুৱাইহে এটা ভাল দিন দিয়ে। যদি আপুনি গোটেই দিনটো ভাল হোৱা বিচাৰে তেন্তে আপোনাৰ পুৱাৰ ৰুটিনত এই বিশেষ দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাতো অতি গুৰুত্বপূৰ্ণ।

পুৱা উঠি কৰক এই কাম, সুন্দৰ হৈ পৰিব আপোনাৰ জীৱন...

গুড মৰ্ণিং

Published: 

13 Aug 2024 | 06:42 AM

এটা ভাল দিনৰ সোৱাদ ল’বলৈ আপোনাৰ পুৱাৰ সময়খিনি ভাল হোৱাতো অত্যন্ত প্ৰয়োজনী। কাৰণ আপুনি দিনটো কি হিচাপে আৰম্ভ কৰিছে তাৰ ওপৰতে আপোনাৰ বাকী সময়খিনিও নিৰ্ভৰ কৰে। এটা ভাল দিন বিচাৰিছিলে এটা ভাল পুৱা অতিকে প্ৰয়োজনীয়। উদাহৰণ স্বৰূপে পুৱা উঠিয়ে যদি আপোনাৰ কিবা কথাত খং উঠে, বা মন অশান্ত হৈ থাকে তেন্তে গোটেই দিনটো একেদৰেই পাৰ হয়। প্ৰতিটো সৰু সৰু কথাতে আপুনি বিৰক্ত আৰু খং অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়াই আপোনাৰ পুৱাৰ সময়খিনি ভালদৰে আৰম্ভ হয় তেতিয়া আপোনাৰ বাকী সময়খিনিও ভালদৰে যায়।

এনে পৰিস্থিতিত যদি আপুনি গোটেই দিনটো ভাল হোৱা বিচাৰে তেন্তে আপোনাৰ পুৱাৰ ৰুটিনত এই বিশেষ দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাতো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি প্ৰতিদিনে পুৱা সাৰ পোৱাৰ লগে লগে এই অভ্যাসবোৰ গঢ়ি তোলে তেন্তে ই আপোনাক গোটেই দিনটোত শক্তি প্ৰদান কৰিব আৰু  দিনটো ভাল হ’ব।

সূৰ্যৰ পোহৰ

সূৰ্যৰ ৰশ্মিত ভিটামিন ডি পোৱা যায় । ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হাড়ৰ স্বাস্থ্যৰ বাবে ভাল বুলি প্ৰমাণিত হয়। কিন্তু একে সময়তে ই আমাৰ মুডও ঠিক কৰে। কাৰণ সূৰ্যৰ পোহৰে মগজুত চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। যিয়ে মুড ভাল কৰে আৰু শিথিলতা প্ৰদান কৰে। গতিকে পুৱা সোনকালে উঠি ১৫ৰ পৰা ২০ মিনিট সূৰ্যৰ পোহৰত বহিলে আপোনাৰ বাবে উপকাৰী হ’ব পাৰে।

ইতিবাচক চিন্তা

আমি যি ভাবো আৰু কওঁ, তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ জীৱনত পৰে। এনে পৰিস্থিতিত ইতিবাচক চিন্তাই আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে।  যদি আপুনি আপোনাৰ প্ৰতিটো দিন ইতিবাচক কথাৰে আৰম্ভ কৰে, তেন্তে আপুনি আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন দেখিব পাৰে।

ব্যায়াম

আমাৰ শৰীৰ বাবে ব্যায়াম অত্যন্ত জৰুৰী। পুৱা যদি আপুনি ব্যায়াম কৰে, খোজ কঢ়া বা যোগাসন কৰে তেন্তে ই আপোনাৰ মুড ভাল কৰাৰ গতে শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব । ই  আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও উপকাৰী । পুৱা ১৫-২০ মিনিট ব্যায়াম কৰা শৰীৰ আৰু মন দুয়োটাৰে বাবে ভাল।

পুৱাৰ খাদ্য

আমি যি খাওঁ, তাৰ দ্বাৰা আমাৰ শৰীৰে শক্তি লাভ কৰে। সেয়েহে সদায় পুৱা স্বাস্থ্যসন্মত খাদ্য খাব লাগে। য’ত প্ৰ’টিন, কাৰ্বহাইড্ৰেটৰ দৰে সকলো পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত থাকিব লাগে।

হাইড্ৰেটেড

পুৱা সাৰ পোৱাৰ লগে লগে এগিলাচ পানী খাব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ মেটাবলিজম ক্ৰিয়া সুস্থ হৈ থাকে। ডিটক্স ড্ৰিংকছও খাব পাৰে। উদাহৰণস্বৰূপে, বিশেষ একো অসুবিধা নাথাকিলে পুৱা সাৰ পোৱাৰ পিছত নেমুৰ পানী খাব পাৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...