যিকোনো সময়তে আৰম্ভ হ’ব পাৰে বিশ্বযুদ্ধঃ নীতিন গাডকাৰী

বিশ্বযুদ্ধক লৈ সকীয়নি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। তেওঁ কয় যে, বৰ্তমান বিশ্বত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে যিকোনো সময়তে বিশ্বযুদ্ধ আৰম্ভ হ'ব পাৰে। তেওঁ কয় যে, দিনক দিনে সকলো ধ্বংসৰ পিনে গতি কৰি আছে।

যিকোনো সময়তে আৰম্ভ হব পাৰে বিশ্বযুদ্ধঃ নীতিন গাডকাৰী

নীতিন গাডকাৰী

Published: 

06 Jul 2025 | 07:40 PM

যিকোনো সময়তে বিশ্বত সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে- এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। তেওঁ কয় যে, ৰাছিয়া-ইউক্ৰেইন, ইজৰাইল-ইৰাণৰ দৰে যুদ্ধৰ বাবে বিশ্বত সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া এনে পৰিস্থিতিৰ সৃষ্টি আহি পৰিছে যিকোনো সময়তে বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে। গডকাৰীয়ে কয় যে মহাশক্তিসমূহৰ একনায়কত্ববাদ আৰু স্বৈৰাচাৰীতাৰ বাবে সমন্বয়, পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ অন্ত পৰিছে আৰু সমগ্ৰ বিশ্বতে সংঘাতৰ পৰিৱেশ বিৰাজ কৰিছে।

দেওবাৰে (৬ জুলাই) নাগপুৰত ‘বিয়ন্দ বৰ্ডাৰ্ছ’ শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰি গাডকাৰীয়ে কয় যে, আজি সমগ্ৰ বিশ্বতে সংঘাতময় পৰিৱেশে বিৰাজ কৰিছে। ৰাছিয়া-ইউক্ৰেইন আৰু ইজৰাইল-ইৰাণৰ মাজত যুদ্ধ চলি আছে। এই যুদ্ধবোৰৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে যিকোনো সময়তে বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে। এই সময়চোৱাত তেওঁ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যকো প্ৰশংসা কৰে। ভাৰতক বিশ্বৰ সত্য, অহিংসা আৰু শান্তিৰ বাৰ্তা প্ৰদান কৰা বুদ্ধৰ দেশ বুলি অভিহিত কৰি গডকাৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰিঘটনাসমূহ পুনৰীক্ষণ কৰি নীতি প্ৰণয়ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ আৰু কয় যে, যুদ্ধৰ সৈতে জড়িত প্ৰযুক্তিগত উন্নতিৰ বাবেও মানৱতাক ৰক্ষা কৰাটো কঠিন হৈ পৰিছে। বৰ্তমান সময়ত যুদ্ধৰ প্ৰযুক্তি সম্পূৰ্ণ সলনি হৈ পৰিছে। এতিয়া টেংক আৰু পৰম্পৰাগত বিমানৰ উপযোগিতা কম হৈ পৰিছে, ইয়াৰ বিপৰীতে যুদ্ধত এতিয়া ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ দৰে আধুনিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ অধিক হৈ পৰিছে। এতিয়া অসামৰিক বসতিস্থলত পোনপটীয়াকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে, যাৰ ফলত মানুহৰ ৰক্ষা কৰাতো অধিক কঠিন বিষয় হৈ পৰিছে। এয়া এক গুৰুতৰ সমস্যা। ইয়াৰ ওপৰত বিশ্ব পৰ্যায়ত আলোচনা হোৱাৰ পোষকতা কৰে তেওঁ।

মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়া এইবোৰ কথা কোৱা ঠিক নহয়, কিন্তু সত্য এয়াই যে বৰ্তমান সকলো ধ্বংসৰ দিশে গৈ আছে। মহাশক্তিসমূহৰ একনায়কত্ববাদ আৰু স্বৈৰাচাৰীতাই সমন্বয়, সম্প্ৰীতি আৰু প্ৰেম নিৰ্মূল কৰিছে। ই জনসাধাৰণৰ বাবে ভাল লক্ষণ নহয়। এনেবোৰ কাৰণতে বিশ্বত সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

 

অন্য খবৰ পঢ়কঃ মোদীৰ ব্ৰাজিল ভ্ৰমণৰ পৰা ইলন মাস্কৰ নতুন দল গঠনলৈ, আজিৰ দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...