বিচাৰিছিল ১কোটি টকা, পুত্ৰ সন্তান আৰু গাড়ী! দিব নোৱাৰাৰ বাবে মহিলাৰ সৈতে বৰ্বৰ কাণ্ড…

পুনৰ পোহৰলৈ আহিছে যৌতুকৰ লগত জড়িত এক ডাঙৰ ঘটনা। ১ কোটি টকা আৰু চাৰিচকীয়া বাহন যৌতুক হিচাপে দিব নোৱাৰাৰ বাবে এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰি স্বামীৰ পৰিয়ালৰ লোকে।

বিচাৰিছিল ১কোটি টকা, পুত্ৰ সন্তান আৰু গাড়ী! দিব নোৱাৰাৰ বাবে মহিলাৰ সৈতে বৰ্বৰ কাণ্ড...

ভুক্তভোগী মহিলাগৰাকী

Published: 

23 Oct 2025 17:01 PM

আজিৰ শিক্ষিত সমাজতো নাৰী নিৰ্যাতনৰ ঘটনা কম হোৱা নাই। এতিয়াও কিছুমান পাষাণ লোকে কেৱল যৌতুকৰ বাবে বহু মহিলাক হত্যা কৰাৰ খবৰ পোহৰলৈ আহে। এনে এক ঘটনাই আচৰিত কৰি তুলিব আপোনাক। অভিযোগ অনুসৰি, মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে যৌতুক হিচাপে ১ কোটি টকা আৰু চাৰিচকীয়া বাহন দাবী কৰিছিল। কিন্তু দাবী পূৰণ কৰিব নোৱাৰা বাবে তেওঁলোকে মহিলাগৰাকীক হত্যা কৰে। আজিৰ পৰা কেইটামান মাহ পূৰ্বে এই ঘটনা সংঘটিত হৈছিল উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত।

জানিব পৰা মতে, যৌতুকৰ বাবে শহুৰেকৰ ঘৰে মহিলাগৰাকীক প্ৰায়ে নিৰ্যাতন চলাইছিল। নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি তেওঁলোকে মহিলাগৰাকীক বিষাক্ত পদাৰ্থ খুৱাইছিল। যেতিয়া তেওঁৰ অৱস্থা অধিক বেয়া হৈ যায় তেতিয়া হাস্পাতালত ভৰ্তি কৰে। কিন্তু প্ৰাণ ৰক্ষা নপৰিল মহিলাগৰাকীৰ। চিকিৎসকৰ মতে, দীৰ্ঘদিন ধৰি মহিলাগৰাকীক স্বামীৰ পৰিয়ালে মাৰাত্মক ঔষধ দি আহিছিল।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বলৰাম আগৰৱালাৰ একমাত্ৰ কন্যা জ্যোতিয়ে ২০২৩ চনৰ ২২ এপ্ৰিলত নৈনিতালৰ প্ৰতাপপুৰ নিবাসী দীপাংশু মিত্তলৰ বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ সময়ত তেওঁলোতে যৌতুক হিচাপে ৫১ লাখ টকা, এখন ইনোভা গাড়ী, প্ৰায় ১৫ লাখ টকাৰ গহনা, ঘৰুৱা সামগ্ৰী দিছিল। কিন্তু বিয়াৰ পাছতে দীপাংশু, শাহুৱেক ইন্দু মিত্তল, শহুৰেক সুনীল মিত্তল, ভনীয়েক ডাঃ দিব্যাংশী মিট্টল, আৰু ভায়েক হিমাংশু মিত্তলে ১ কোটি টকা আৰু এখন ফৰ্চুনাৰ গাড়ী দাবী কৰিবলৈ আৰম্ভ কৰে।

বিয়াৰ পাছত জ্যোতিয়ে এগৰাকী কন্যা সন্তান জন্ম দিছিল। ইয়াৰ বাবে পুনৰ শহুৰেকৰ পৰিয়ালে তেওঁক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি, জ্যোতি পুনৰ গৰ্ভৱতী হৈছিল, কিন্তু শহুৰেকৰ পৰিয়ালে অবৈধভাৱে লিংগ নিৰ্ণয় কৰি গৰ্ভপাত কৰায়। তাৰ পাছত জ্যোতিৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটিছিল। মহিলাগৰাকীক প্ৰতিদিনে কৰি গৈছিল নিৰ্যাতন।

জ্যোতিৰ পিতৃৰ মতে, ২০২৫ চনৰ ৪ জুলাইত শহুৰেকে ফোন কৰি জনাইছিল যে তেওঁৰ কন্যা ড্ৰাগছ আসক্ত আৰু তেওঁক ৰিহাবলৈ লৈ যোৱা হৈছে। ইয়াৰ পিছতে ১১ জুলাইত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। পিতৃৰ মতে, এয়া এক হত্যাকাণ্ড। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীসহ ৫ জনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে বহু প্ৰমাণো লাভ কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশই তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছেঃ মুখ্যমন্ত্ৰী

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি খাব লাগে? জানিলে দূৰ হ’ব মনৰ শংকা
এডিলেইডত বিশ্ব অভিলেখ গঢ়িলে ৰোহিতে, পিছ পৰিল পাকিস্তানৰ এইগৰাকী তাৰকা
বাৰে বাৰে কাহ হৈ থাকে নেকি? কি ৰোগৰ লক্ষণ, জানক...
পুৱাৰ সময়ত মূৰৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণ...