পৰকীয় প্ৰেমৰ সন্দেহ আৰু এটা ড্ৰাম! পত্নীৰ সৈতে নৃশংস কাণ্ড স্বামীৰ, ২ মাহ পিছত…
আৰক্ষী অধীক্ষকে জনোৱা মতে, ১৪ আগষ্টত লোকজনে নিজৰ পত্নীক হত্যা কৰিছিল। তাৰ পিছত ঘৰৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত মৃতদেহটো পেলাই দিয়ে। জেৰাৰ সময়ত অভিযুক্তই স্বীকাৰ কৰে যে তেওঁ পত্নী প্ৰিয়া (২৬)ক হত্যা কৰিছে। তেওঁৰ মনত পত্নীৰ একাধিক প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহ জাগিছিল।

এইবাৰ স্বামী নহয়, ড্ৰাম ভিতৰৰ পৰা উদ্ধাৰ হ’ল পত্নীৰ মৃতদেহ। সন্দেহৰ ভিত্তিত ২ মাহ পূৰ্বে নৃশংসভাৱে হত্যা কৰিছিল পত্নীক। তেওঁ পত্নীক হত্যা কৰি মৃতদেহটো এটা কবৰস্থানৰ ওচৰত ড্ৰামত পেলাই দিছিল।
তামিলনাডুৰ চেন্নাইৰ সমীপৰ তিৰুভাল্লুৰত সংঘটিত হৈছে এই ঘটনা। ২২ অক্টোবৰ বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। ধৃত ব্যক্তিজনৰ নাম চিলাম্বৰাছন (৩৩)। পত্নীক হত্যা কৰাৰ কথাও স্বীকাৰ কৰিছে চিলাম্বৰাছনে। তেওঁৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে লোকজনৰ পত্নীৰ মৃতদেহ উদ্ধাৰ কৰে। তেওঁ এটা ড্ৰামত ভৰাই তিৰুৱল্লুৰ জিলাৰ সমীপৰ এটা কবৰস্থানৰ ওচৰত মাটি খান্দি পুতি থৈছিল পত্নীৰ মৃতদেহ।
আৰক্ষী অধীক্ষকে জনোৱা মতে, ১৪ আগষ্টত লোকজনে নিজৰ পত্নীক হত্যা কৰিছিল। তাৰ পিছত ঘৰৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত মৃতদেহটো পেলাই দিয়ে। জেৰাৰ সময়ত অভিযুক্তই স্বীকাৰ কৰে যে তেওঁ পত্নী প্ৰিয়া (২৬)ক হত্যা কৰিছে। তেওঁৰ মনত পত্নীৰ একাধিক প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহ জাগিছিল। ইয়াৰ ফলত তেওঁলোকৰ মাজত সমস্যা আৰু অশান্তিৰ সৃষ্টি হয়।
শেহতীয়াকৈ প্ৰিয়াৰ পিতৃ শ্ৰীনিবাসনে কন্যাৰ নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল। তেওঁ কয় যে, তেওঁৰ ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ কেইদিনমান আগতে তেওঁলোকৰ ওচৰলৈ আহিছিল আৰু স্বামীৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা কৈছিল। তাৰ পিছত তেওঁলোকে প্ৰিয়াক স্বামীৰ ঘৰলৈ ঘূৰাই পঠিয়াই দিলে। শহুৰেকৰ ঘৰলৈ উভতি অহাৰ পিছত প্ৰিয়াৰ কোনো খবৰ নাছিল। তাৰ পিছতে তেওঁলোকৰ দুই নাতি জনাই যে তেওঁলোকে দুমাহে মাতৃক দেখা নাই। এই কথা শুনি শ্ৰীনিবাসনে কন্যাৰ নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিলে। ইয়াৰ পিছতে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।