জাবৰৰ মাজত পৰি আছিল এটা বেগ! উদ্ধাৰ মহিলাৰ মৃতেদহ…

এগৰাকী মহিলাৰ হত্যাকাণ্ডই জোকাৰিছে এটা অঞ্চল। ডাম্পিং গ্ৰাউণ্ডৰ পৰা উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। উদ্ধাৰৰ সময়ত মৃতদেহটোৰ অৱস্থা ইমানেই বেয়া আছিল যে এতিয়ালৈকে চিনাক্ত হোৱা নাই কোন এই মহিলাগৰাকী।

জাবৰৰ মাজত পৰি আছিল এটা বেগ! উদ্ধাৰ মহিলাৰ মৃতেদহ...

প্ৰতীকী ফটো

Published: 

28 Dec 2025 15:25 PM

বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। দেওবাৰ (২৮ ডিচেম্বৰ)য়ে পুৱা নয়ডাৰ ১৪২ নং ছেক্টৰ থানা এলেকাৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰা এটি অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ লগে লগে সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃৃষ্টি হয় আৰু স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, এটা বেগৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো। উদ্ধাৰৰ সময়ত মহিলাগৰাকীৰ হাত-ভৰি বান্ধি থোৱা অৱস্থাত আছিল। ইয়াৰোপৰি মৃতদেহটো মুখখন জ্বলি যোৱা অৱস্থাত এটা পাৰ্চেল বেগত উদ্ধাৰ হৈছে, যাৰ বাবে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে।

প্ৰাপ্ত খবৰ মতে, আজি পুৱা ডাম্পিং গ্ৰাউণ্ডত কাম কৰা একাংশ লোকে জাবৰৰ মাজত এখন বেগ লক্ষ্য কৰে। যেতিয়া বেগটোৰ ওচৰলৈ যায় তেতিয়া তাৰ পৰা বেয়া গোন্ধ ওলাবলৈ ধৰে। কথা বিষম দেখি লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটোৰ অৱস্থা দেখি আৰক্ষী প্ৰায় স্পষ্ট হৈ পৰিছে যে, মহিলাগৰাকীক নিৰ্মমভাৱে হত্যা কৰি প্ৰমাণ নষ্ট কৰিবলৈ তাত পেলাই থৈ গৈছে।

আৰক্ষীৰ মতে, মৃতদেহটোৰ হাত-ভৰি বন্ধা অৱস্থাত আছিল, ইয়াৰোপৰি মুখৰ লগতে শৰীৰৰ কিছু অংশত জ্বলাৰ চিন স্পষ্ট আছিল। যাৰ বাবে সন্দেহ কৰা হৈছে যে, প্ৰথমে মহিলাগৰাকীক প্ৰহাৰ কৰি হত্যা কৰা হৈছে আৰু পাছত কেমিকেলৰ দ্বাৰা মুখখন নষ্ট কৰোৱাৰ চেষ্টা কৰিছে। অৱশ্যে সঠিক মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে পোৱা যাব।

বৰ্তমান আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ চিনাক্তকৰণৰ কাম কৰি আছে। মহিলাগৰাকী কোন, কোনে হত্যা কৰিলে, কোনে এনেকৈ পেলাই থৈ গল সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ চিকেন নেক’ত বাংলাদেশৰ হেঁচা! পিছে ভাৰতৰ এই পদক্ষেপে ইউনুছক দিব পাৰে ডাঙৰ চিন্তা…

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ পুৱা কি কি খাব লাগে? জানক...
ভাগৰ আৰু অনিদ্ৰা...কি ভিটামিনৰ অভাৱত এনে সমস্যা হয়? জানক...
একেৰাহে ২১ দিন চেনি নাখালে শৰীৰৰ কি কি পৰিৱৰ্তন হ'ব? জানক চিকিৎসকৰ পৰা...
পেট ফুলাৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? খাদ্য খোৱাৰ আগত আৰু পাছত এই ৫ টা নিময় মানি চলক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...