আমাজনৰ পৰা অৰ্ডাৰ কৰিছিল হাতুৰী আৰু কণ্ডম! স্বামীৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ মহিলা আৰু প্ৰেমিকৰ,,,

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী মহিলাই প্ৰেমিকৰ সৈতে মিলি ডাঙৰ ষড়যন্ত্ৰ ৰচে।

আমাজনৰ পৰা অৰ্ডাৰ কৰিছিল হাতুৰী আৰু কণ্ডম! স্বামীৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ মহিলা আৰু প্ৰেমিকৰ,,,

স্বামীক লৈ ভয়ংকৰ ষড়যন্ত্ৰ

Published: 

06 Oct 2025 15:10 PM

বৰ্তমান সময়ত দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পোহৰলৈ আহিছে এগৰাকী মহিলাৰ কু-কৰ্ম। এজন অভিযন্তাৰ পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে। কিন্তু এই পৰিকল্পনাৰ কথা জানিব পৰা স্বামীয়ে আৰু কথমপি প্ৰাণ ৰক্ষা পৰে। উত্তৰাখণ্ডৰ ঋষিকেশৰ এখন হোটেলত প্ৰেমিকৰ সৈতে পত্নীক ধৰা পেলাই স্বামীয়ে।

ইয়াৰ পাছত পত্নীয়ে নিজকে প্ৰাপ্তবয়স্ক বুলি দাবী কৰি নিজৰ ইচ্ছামতে হোটেলত থকা বুলি কয়। এই কথা শুনাৰ পাছতে স্বামীয়ে পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰে। স্বামীয়ে এই সন্দৰ্ভত কোনো এজাহাৰ দাখিল নকৰে যদিও কেনেবাকৈ তেওঁৰ জীৱন ৰক্ষা পৰে। এই লোকজন হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা।

জানিব পৰা মতে হাৰিয়ানা গুৰুগ্ৰামৰ চফটৱেৰ ইঞ্জিনিয়াৰ শুভম চৌধাৰীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গাজিয়াবাদৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। শুভমৰ পত্নীও আছিল চফটৱেৰ ইঞ্জিনিয়াৰ। পৰিয়ালৰ সন্মতি সাপেক্ষে বিয়া হৈছিল যদিও যুৱতীগৰাকীৰ পূৰ্বৰ পৰা আছিল আন এজনৰ সৈতে সম্পৰ্ক। এই কথা তেওঁৰ পৰিয়ালে জানিছিল। কিন্তু পৰিয়ালৰ হেঁচাত তেওঁ বিয়াত বহিবলৈ বাধ্য হৈছিল।

আমাজনৰ পৰা অৰ্ডাৰ

শুভমে আৰক্ষীক জনোৱা মতে, পত্নীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰিছিল। প্ৰতিবাৰে বিভিন্ন অজুহাত দেখুৱাইছিল। যাৰ বাবে শুভমৰ সন্দেহ হয়। এনে অৱস্থাত এদিন শুভমে পত্নীৰ ফোন চেক কৰে য’ত তেওঁ দেখা পাই যে পত্নীয়ে বহু লোকৰ সৈতে কথা পাতে। শুভমে আমাজন এপটোও চেক কৰে, কিন্তু পত্নীয়ে অৰ্ডাৰ কৰা বস্তু দেখি তেওঁ আচৰিত হৈ পৰে।

পত্নীয়ে আমাজনৰ পৰা হাতুৰী আৰু কণ্ডম অৰ্ডাৰ কৰিছিল। তাৰ পাছতে শুভমে তেওঁৰ হাতে লোটে ধৰা পেলোৱাৰ চেষ্টা কৰে। ইয়াৰ বাবে শুভমে তিয়ানজু ইনভেষ্টিগেটিভ চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ সহায় লয়। পাছত আৰম্ভ হয় পত্নীক লৈ তদন্ত। ইয়াৰ মাজতে ৩০ ছেপ্টেম্বৰত পত্নী প্ৰেমিকৰ সৈতে গাড়ীৰে ঋষিকেশত উপস্থিত হয় আৰু হোটেলত থাকে।

লগে লগে এই খবৰ ইনভেষ্টিগেটিভ এজেন্সিয়ে স্বামীক দিয়ে। খবৰ পোৱাৰ পাছতে শুভমে হোটেলত উপস্থিত হয় আৰু দুয়োকে হাতে লোটে ধৰা পেলায়। কিন্তু পত্নীয়ে কয় যে তেওঁ প্ৰাপ্ত বয়স্ক আৰু নিজৰ ইচ্ছা অনুসৰি হোটেলত আছে। ইয়াৰ পাছতে পত্নীয়ে প্ৰেমিকৰ সৈতে গুচি যায়।

 

অন্য খবৰ পঢ়ক- নাপালে ৫ লাখ টকা! ৪ মাহৰ গৰ্ভৱতী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ পৰিয়ালৰ…

হাতলৈ আহিব ধন! মাত্ৰ মানিবেগত ৰাখক এই বস্তু...
আহিব দুৰ্দশা! শিৱ মন্দিৰৰ পৰা উভতাৰ পথত নকৰিব এই ৫টা ভুল...
মদ্যপান কৰাৰ পাছত কেনে ধৰণৰ খাদ্য খাব নালাগে? খালে কি কি সমস্যা হ'ব পাৰে? জানক
মেদবহুলতাক আওকাণ নকৰিব ! কি কি বেমাৰত ওজন বৃদ্ধি হয় ? জানক