শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Investment Scheme: এইবাৰ পৰিৱৰ্তন হ'বনে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ?

Investment Scheme: এইবাৰ পৰিৱৰ্তন হ’বনে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ?

Manas Borah
Manas Borah | Updated On: 01 Jul 2025 21:38 PM

পৰিৱৰ্তন নহয় ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ। এক অধিসূচনা জাৰি কৰি এই সিদ্ধান্তৰ কথা অৱগত কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে। কোৱা হৈছে যে, কেন্দ্ৰীয় ক্ষুদ্ৰ সঞ্চয় আঁচনি, যেনে পিপিএফ, কিষাণ বিকাশৰ দৰে আঁচনিৰ সুতৰ হাৰ বৃদ্ধি বা হ্ৰাস নহয়।

একেৰাহে ষষ্ঠবাৰৰ বাবে কোনো পৰিৱৰ্তন নহয় ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ। এক অধিসূচনা জাৰি কৰি এই সিদ্ধান্তৰ কথা অৱগত কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে। কোৱা হৈছে যে, কেন্দ্ৰীয় ক্ষুদ্ৰ সঞ্চয় আঁচনি, যেনে পিপিএফ, কিষাণ বিকাশৰ দৰে আঁচনিৰ সুতৰ হাৰ বৃদ্ধি বা হ্ৰাস নহয়। অপৰিৱৰ্তিত হৈ থাকিব এই আঁচনিৰ সুতৰ হাৰ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কয়, “চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ বাবে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। যিটো মঙলবাৰৰ পৰা অৰ্থাৎ ১ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে কাৰ্যকৰী হ’ব। এই সময়ছোৱাত কিছুমান সঞ্চয় আঁচনিৰ সুতৰ হাৰৰ কোনো পৰিৱৰ্তন নহয়।”