গুৱাহাটীৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল, কি কি সুবিধা থাকিব আৰু ভাড়া কিমান হ’ব?
এই অত্যাধুনিক শ্লীপাৰ ৰে’লখন দীৰ্ঘ দূৰত্ব আৰু নিশাৰ যাত্ৰাৰ বাবে ডিজাইন কৰা হৈছে। সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত এই ৰে’লখনত মুঠ ১৬টা ডবা থাকিব, য’ত ১১টা এচি ৩-টায়াৰ, ৪টা এচি ২-টায়াৰ, আৰু ১টা এচি ফাৰ্ষ্ট ক্লাছ ডবা থাকিব। প্ৰতিখন ৰে’লত মুঠ ৮২৩ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।

বন্দে ভাৰত এক্সপ্ৰেছ
বছৰৰ আৰম্ভণিতে আহিছে এটা ভালখবৰ। এতিয়াৰে পৰা ৰে’লযাত্ৰা আৰু অধিক আৰামদায়ক হ’ব যাত্ৰীসকলৰ বাবে। অসম আৰু পশ্চিম বংগ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চল আৰু পূব ভাৰত সংযোগী বৃহৎ ৰে’ল প্ৰকল্পৰ কথা ঘোষণা কৰিছে। ভাৰতীয় ৰে’লৱেই অতি সোনকালে গুৱাহাটী আৰু কলকাতাৰ মাজত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল মুকলি কৰিব। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি সোনকালে এই অৰ্ধ-দ্ৰুতবেগী ৰে’লখনৰ ফ্লেগ অফ কৰিব।
এই অত্যাধুনিক শ্লীপাৰ ৰে’লখন দীৰ্ঘ দূৰত্ব আৰু নিশাৰ যাত্ৰাৰ বাবে ডিজাইন কৰা হৈছে। সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত এই ৰে’লখনত মুঠ ১৬টা ডবা থাকিব, য’ত ১১টা এচি ৩-টায়াৰ, ৪টা এচি ২-টায়াৰ, আৰু ১টা এচি ফাৰ্ষ্ট ক্লাছ ডবা থাকিব। প্ৰতিখন ৰে’লত মুঠ ৮২৩ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।
প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ পৰীক্ষামূলক যাত্ৰা
বন্দে ভাৰত শ্লীপাৰ ৰে’লখনৰ স্পীড প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ, আনহাতে বাণিজ্যিকভাৱে ১৬০ কিলোমিটাৰ বেগত চলিব। ট্ৰাইল ৰানৰ সময়ত ৰে’লখনে ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগ লাভ কৰিছিল আৰু স্থিৰতা পৰীক্ষাৰ সময়ত আনকি ইয়াত পানী ভৰ্তি কৰি বিশেষভাৱে ৰখা গ্লাছো লৰচৰ নোহোৱাকৈ আছিল। ভাৰতীয় ৰে’লৱেৰ তথ্য অনুসৰি গুৱাহাটী আৰু হাওৰাৰ মাজত বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ ভাড়া বিমান যাত্ৰাতকৈ কম হ’ব।
- এচি ৩-টায়াৰ: ২,৩০০ টকা
- এচি ২-টায়াৰ: ৩,০০০ টকা
- এ চি প্ৰথম শ্ৰেণী: ৩,৬০০ টকা
যাত্ৰীসকলে অত্যাধুনিক সুবিধা লাভ কৰিব
বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত ইউৰোপীয় ডিজাইন মানদণ্ডৰ ওপৰত ভিত্তি কৰি কোচ থাকিব, য’ত আৰামদায়ক কুশ্বনযুক্ত বাৰ্থ, ওপৰৰ বাৰ্থত উঠিবল উন্নত সুবিধা, আৰু নিশা কোমল পোহৰৰ ব্যৱস্থা থাকিব। ৰে’লখনত চিচিটিভি কেমেৰা, দৃশ্যমান তথ্য প্ৰদৰ্শন, ৰাজহুৱা সম্বোধন ব্যৱস্থা, আৰু মডিউলাৰ পেণ্ট্ৰি ইউনিট থাকিব।
পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ কথা বিবেচনা কৰিলে ইয়াত উন্নত বায়’-ভেকুয়াম শৌচাগাৰ, বিশেষভাৱে সক্ষম যাত্ৰীৰ বাবে নিৰ্দিষ্ট শৌচাগাৰ, শিশুৰ যত্ন লোৱা ঠাই, আৰু প্ৰথম শ্ৰেণীৰ ডবাত গৰম পানীৰ শ্বাৱাৰ আদি অন্তৰ্ভুক্ত কৰা হ’ব। সুৰক্ষাৰ বাবে থলুৱা কাভাচ এণ্টি কলিচন ব্যৱস্থা স্থাপন কৰা হৈছে। প্ৰতিটো ডবাত ব্যক্তিগত ৰিডিং লাইট, মোবাইল চাৰ্জিং পইণ্ট, ভাঁজ কৰিব পৰা টেবুল, আৰু জৰুৰীকালীন টকবেক ব্যৱস্থা থাকিব, যাৰ ফলত যাত্ৰীসকলে লোকো পাইলটৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব।
Vande Bharat Sleeper tested today by Commissioner Railway Safety. It ran at 180 kmph between Kota Nagda section. And our own water test demonstrated the technological features of this new generation train. pic.twitter.com/w0tE0Jcp2h
— Ashwini Vaishnaw (@AshwiniVaishnaw) December 30, 2025
স্থানীয় ৰুচিৰ কথাও বিবেচনা কৰা হ’ব
ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গুৱাহাটীৰ পৰা যাত্ৰা কৰা ৰে’লত যাত্ৰীসকলক অসমীয়া খাদ্য পৰিবেশন কৰা হ’ব, আনহাতে কলকাতাৰ পৰা যাত্ৰা কৰা ৰে’লত বঙালী খাদ্য পৰিবেশন কৰা হ’ব। ভাৰতীয় ৰে’লৱেই অহা ছমাহত আৰু আঠখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত বছৰৰ শেষলৈকে এই সংখ্যা ১২খনলৈ বৃদ্ধি পাব। লক্ষ্য হৈছে আগন্তুক বছৰবোৰত সমগ্ৰ দেশতে ২০০ৰো অধিক বন্দে ভাৰত শ্লীপাৰ ৰে’ল চলাচল কৰা।