জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত শ্বহীদ দুই জোৱানঃ বৰফৰ মাজৰ পৰা উদ্ধাৰ মৃতদেহ
প্ৰকাশিত খবৰ অনুসৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশ হিচাপে কৰ্তব্যত থকাৰ সময়তে দুয়োগৰাকী সেনা জোৱান নিৰুদ্দেশ হৈ পৰে। ভাৰতীয় সেনাৰ সূত্ৰ মতে বৰফৰ ধুমুহাৰ মাজতে সন্ধানহীন হৈ পৰে জোৱান দুজন।

জম্মু-কাশ্মীৰত শেহতীয়া সময়ছোৱাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে জোৰদাৰ গতিত অভিযান চলোৱা হৈছে। নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবিৰোধী অভিযানত নিহত হৈছে বহু সন্ত্ৰাসবাদী সদস্য। আনহাতে প্ৰাণ হেৰুৱাইছে বহুকেইজন নিৰাপত্তাৰক্ষীয়েও। উপত্যকাটোৰ অনন্তনাগ জিলাত এনে এক অভিযানৰ সময়তে শ্বহীদ হৈছে ভাৰতীয় সেনাৰ দুজন পেৰা কমাণ্ডো। অভিযানৰ অংশ হিচাপে কৰ্তব্যৰত অৱস্থাতে শ্বহীদ হয় লেঞ্চ নায়ক সুজয় ঘোষ আৰু হাবিলদাৰ পলাশ ঘোষ।
দুয়ো পশ্চিম বংগৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশ হিচাপে কৰ্তব্যত থকাৰ সময়তে দুয়োগৰাকী সেনা জোৱান নিৰুদ্দেশ হৈ পৰে। ভাৰতীয় সেনাৰ সূত্ৰ মতে বৰফৰ ধুমুহাৰ মাজতে সন্ধানহীন হৈ পৰে জোৱান দুজন।
ইয়াৰ পিছতে সেনাবাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু বৰফৰ মাজৰ পৰা জোৱান দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি ২৪-৩৬ ঘণ্টা ধৰি এই অনুসন্ধান অভিযান চলোৱা হৈছিল। প্ৰতিকূলতাৰ পিছতো সেনাই ক্ষিপ্ৰতাৰে চলাইছিল উদ্ধাৰ অভিযান।
ইতিমধ্যে এই শোকৰ খবৰ দুয়োগৰাকী জোৱানৰ পৰিয়াললৈ দিয়া হৈছে। সম্পূৰ্ণ বিভাগীয় মৰ্যাদাৰে নিহত জোৱান দুজনৰ মৃতদেহ ঘৰলৈ পঠিয়াব সেনাই। নিজত জোৱান দুজনৰ এজনৰ ঘৰ মুৰ্ছিদাবাদৰ হৰিহৰপাৰাত, আনজনৰ ঘৰ বীৰভুমত বুলি জানিব পৰা গৈছে।
এই খবৰ লাভৰ পিছতে দুয়োৰে পৰিয়াল তথা অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে প্ৰাকৃতিক দুৰ্যোগৰ মাজতো নিজ কৰ্তব্যত অটল থকা নিহত জোৱান দুগৰাকীৰ বীৰত্বৰ প্ৰশংসা কৰিছে ভাৰতীয় সেনাই। অৱশ্যে এই অভিযানৰ সময়ত জোৱান দুজন কিদৰে নিৰুদ্দেশ হৈছিল, সেই বিষয়ে সেনাই তদন্ত কৰি থকা বুলি জানিব পৰা গৈছে।