পুনৰ অশান্ত জম্মু-কাশ্মীৰ ! পহলগামৰ পূৰ্বে সংঘটিত ১১ টা ভয়াৱহ সন্ত্ৰাসবাদীৰ আক্ৰমণ…সবিশেষ চাওক
জম্মু-কাশ্মীৰত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাৰ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও বহুকেইটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হৈছে দেশবাসী । ২০০০ চনৰ পৰা ২০২৫ চনলৈকে যদি চোৱা যায় তেন্তে দেখা যায় যে, জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনে কেইবাটাও ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ।

জম্মু-কাশ্মীৰ
২২ এপ্ৰিল মঙলবাৰে কশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ লগে সমগ্ৰ বিশ্ব জোকাৰি গ’ল। নিষিদ্ধ পাকিস্তানস্থিত লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী সংগঠনৰ অংশ ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)ৰ এটা দলে পহলগামৰ পৰ্যটক আৰু সাধাৰণ নাগৰিকক লক্ষ্য় কৰি নিৰ্বিচাৰে গুলীচালনা কৰে । এই ঘটনাত এতিয়ালৈকে পৰ্যটকসহ ২৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে । ইফালে এই ঘটনাত আন কেইবাজনো লোক আহত হয় ।
এই ঘটনা সংঘটিত হোৱাৰ পাছত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিছে ভাৰত চৰকাৰে । ইফালে, এই আক্ৰমণ সংঘটিত হোৱাৰ পাছতে দুদিনীয়া চৌদি আৰৱ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণসূচী আধাতে সামৰি দেশলৈ উভতি আহে । একেদৰে গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰৰ দিনটোত আক্ৰমণ সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছতে শ্ৰীনগৰলৈ ৰাওনা হয় আৰু উপস্থিত হৈ পৰিস্থিতি বুজ লয় । ইফালে, এই ঘটনাক দেশৰ লগতে সমগ্ৰ বিশ্বই তীব্ৰ গৰিহণা দিছে ।
উল্লেখ্য যে, জম্মু-কাশ্মীৰত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাৰ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও বহুকেইটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হৈছে দেশবাসী । ২০০০ চনৰ পৰা ২০২৫ চনলৈকে যদি চোৱা যায় তেন্তে দেখা যায় যে, জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনে কেইবাটাও ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে । এই আক্ৰমণবোৰত সামৰিক বাহিনীৰ লোকৰ লগতে বহু অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে ।
২০০০ চনৰ ২১ মাৰ্চত অনন্তনাগ জিলাৰ এখন গাঁৱত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা এতিয়া দেশবাসীয়ে পাহৰা নাই । প্ৰকাশিত খবৰ অনুসৰি, সংখ্যালঘু শিখ সম্প্ৰদায়ক লক্ষ্য কৰি সেই আক্ৰমণ সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে । আক্ৰমণত ৩৬ জন লোকৰ মৃত্যু হয়। একেদৰে সেই বছৰতে আগষ্ট মাহত নানৱান বেছ কেম্পত এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত ২৪ জন অমৰনাথ তীৰ্থযাত্ৰীকে ধৰি ৩২ জন লোক নিহত হয়।
ইয়াৰ পিছৰ বছৰত ২০০১ চনৰ জুলাই মাহত অনন্তনাগৰ শ্বেছনাগ বেছ কেম্পত পুনৰ অমৰনাথ যাত্ৰীসকলক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে ।এই আক্ৰমণত ১৩ জন লোক নিহত হয় । একে বছৰতে ২০০১ চনৰ ১ অক্টোবৰত শ্ৰীনগৰৰ জম্মু-কাশ্মীৰ ৰাজ্যিক বিধানসভা কমপ্লেক্সত সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণৰ ফলত ৩৬ জন লোক নিহত হয়।
২০০২ চনটো সাধাৰণ নাগৰিকক লক্ষ্য় কৰি লৈছিল সন্ত্ৰাসবাদীয়ে । চন্দনৱাৰী বেছ কেম্পত সংঘটিত এক সন্ত্ৰাসবাদীৰ আক্ৰমণত ১১ জন অমৰনাথ তীৰ্থযাত্ৰী নিহত হৈছিল। একেদৰে ২০০২ চনৰ ২৩ নৱেম্বৰত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ কাশ্মীৰৰ লোয়াৰ মুণ্ডাত সংঘটিত হোৱা বিস্ফোৰণত নিৰাপত্তা বাহিনীৰ ৯ জন জোৱান নিহত হোৱাৰ লগতে মহিলা-শিশুসহ ১৯ জন লোক নিহত হয়।
২০০৩ চনৰ ২৩ মাৰ্চত পুলৱামাৰ নন্দিমাৰ্গ গাঁৱত সন্ত্ৰাসবাদীয়ে ১১ গৰাকী মহিলা আৰু দুটি শিশুকে ধৰি ২৪ জন কাশ্মীৰী পণ্ডিতক হত্যা কৰা ঘটনা পোহৰলৈ আহিছিল । ২০০৫ চনৰ ১৩ জুনত ভিৰ কৰা পুলৱামাৰ এখন বজাৰত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে । এই ঘটনাত দুজন স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি ১৩ জন সাধাৰণ নাগৰিক আৰু তিনিজন চি আৰ পি এফ বিষয়াৰ নিহত হয় আৰু ১০০ জনতকৈ অধিক লোক আহত হয়।
২০১৬ চনৰ ১৮ ছেপ্টেম্বৰ সংঘটিত উৰি আক্ৰমণ আৰু ২০১৭ চনৰ ১০ জুলাইত সংঘটিত কুলগামত অমৰনাথ যাত্ৰা বাছত সংঘটিত আক্ৰমণৰ সাক্ষী হৈছিল দেশবাসী । উৰিত থকা ভাৰতীয় সেনাৰ ব্ৰিগেডৰ মুখ্য কাৰ্যালয়ত জৈছ-ই-মহম্মদৰ চাৰিটা সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল । এই আক্ৰমণত ১৯ জন জোৱান নিহত হোৱাৰ লগতে ৩০ জন আহত হয় । একেদৰে কুলগামত অমৰনাথ যাত্ৰা বাছত সংঘটিত আক্ৰমণৰ ফলত ৮ জন লোকৰ মৃত্যু হয়।
ইফালে, ২০১৯ চনত সংঘটিত পুলৱামাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক এতিয়াও পাহৰা নাই ভাৰতবাসীয়ে । ২০১৯ চনৰ ১৫ ফেব্ৰুৱাৰীত পুলৱামাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তাৰক্ষী কঢ়িয়াই অনা কনভয়ত আত্মঘাতী বোমা বিস্ফোৰণ কৰিছিল সন্ত্ৰাসবাদীয়ে । এই ঘটনা ৪০ জন জোৱান শ্বহীদ হয় ।