টাটা ষ্টীলৰ চিনিয়ৰ মেনেজাৰৰ বাসগৃহত উদ্ধাৰ ৪ টা মৃতদেহ, পত্নী, দুই সন্তান আৰু…

টাটা ষ্টীলৰ চিনিয়ৰ মেনেজাৰ কৃষ্ণ কুমাৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। তেওঁৰ ঘৰৰ ভিতৰত উদ্ধাৰ হয় ৪ টাকৈ মৃতদেহ। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

টাটা ষ্টীলৰ চিনিয়ৰ মেনেজাৰৰ বাসগৃহত উদ্ধাৰ ৪ টা মৃতদেহ, পত্নী, দুই সন্তান আৰু...

স্বামী-স্ত্ৰী

Published: 

24 May 2025 15:31 PM

টাটা ষ্টীলৰ চিনিয়ৰ মেনেজাৰ কৃষ্ণ কুমাৰ সন্দৰ্ভত এক ডাঙৰ খবৰ পোহৰলৈ আহিছে।  এই খবৰে দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কৃষ্ণই তেওঁৰ পত্নী ডলী দেৱী আৰু দুই কন্যা সন্তানৰ সৈতে মিলি চৰম পন্থা গ্ৰহণ কৰে। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ পূব সিংভূম জিলাত। উল্লেখ কৰা প্ৰয়োজন যে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কৃষ্ণ কুমাৰ।

কৃষ্ণ কুমাৰৰ ঘৰ আদিত্যপুৰ থানা এলেকাৰ গমহৰীয়া চিত্ৰগুপ্ত নগৰত। চুবুৰীয়াৰ লোকে জনাই যে, দীৰ্ঘসময় ধৰি তেওঁলোকৰ ঘৰৰ পৰা কোনো ওলাই অহা নাছিল। তাকে লৈ সন্দেহ হৈছিল। তেতিয়াই স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পাছতে আৰক্ষী ঘৰটোত উপস্থিত হয় আৰু দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰে। কিন্তু ঘৰৰ ভিতৰৰ অৱস্থা দেখি আচৰিত হৈ পৰে আৰক্ষীয়। কিয়নো, ঘৰৰ ভিতৰত আছিল ৪ টাকৈ মৃতদেহ। পৰিয়ালৰ প্ৰতিজন সদস্যই লৈছিল চৰম সিদ্ধান্ত।

লগে লগে আৰক্ষীয়ে মৃতদেহসমূহ ওপৰৰ পৰা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত কৃষ্ণকুমাৰৰ পৰিয়ালৰ অন্য লোকে জনোৱা মতে, তেওঁ দীৰ্ঘ সময় ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। শেহতীয়াকৈ তেওঁ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল আৰু তাত তেওঁক চিকিৎসকে কেমোথেৰাপি ল’বলৈ পৰামৰ্শ দিছিল। তেওঁৰ গৃহ চহৰ চহৰ জামছেদপুৰতো কেমোথেৰাপিৰ সুবিধা উপলব্ধ, যাৰ বাবে তেওঁ ১৯ মেত মুম্বাইৰ পৰা জামছেদপুৰলৈ উভতি আহে।

তাৰ পাছতে তেওঁক কেমোথেৰাপিৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। চিকিৎসাৰ বাবে তেওঁ কোম্পানীত আবেদন দাখিল কৰিছিল। কিন্তু চিকিৎসা আৰম্ভ হোৱাৰ পূৰ্বে কৃষ্ণ কুমাৰে পত্নী আৰু সন্তানৰ সৈতে মিলি চৰম সিদ্ধান্ত গ্ৰহণ কৰে। জানিব পৰা মতে, কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰাৰ পাছৰে পৰা লোকজন ডিপ্ৰেছনত ভুগি আছিল।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক গোচৰত এয়া তেওঁলোকৰ চৰম পন্থা যেন লাগিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহালৈও অপেক্ষা কৰি আছে আৰক্ষীয়ে। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ এই ভয়ংকৰ ঘটনা সংঘটিত হল।

 

 

অন্য খবৰ পঢ়কঃ পৰিচয় দিছিল তৃতীয় লিংগৰ বুলি আৰু পাছত…চৰকাৰী চিকিৎসকৰ কাণ্ড শুনিলে আচৰিত হ’ব আপুনি…

বিৰাট নে গিল, টেষ্ট অধিনায়ক নিৰ্বাচিত হোৱাৰ আগলৈকে কাৰ ৰেকৰ্ড অধিক উন্নত!
শুভমন গিলে লাভ কৰিব ৭ কোটি টকা, টেষ্ট অধিনায়ক হোৱাৰ লগে লগে হ’ল নিশ্চিত!
গা ধোৱাৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকে নেকি? জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত টেঙা পানীয় বা খাদ্যই কি কি সমস্যা দূৰ কৰে ? জানক উপকাৰিতাৰ বিষয়ে...