চৰকাৰী কাৰ্যালয়ৰ চাহৰ বাকীয়ে দেউলীয়া কৰিলে দোকানীকঃ বাকীকৈ খালে ইমান পৰিমাণৰ চাহ
চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলে বাকীকৈ দোকানখনত খাইছিল চাহ। তেওঁলোকে চাহৰ নামত দোকানীজনৰ ওচৰত প্ৰায় ১.২৫ লাখ টকা বাকী কৰিছিল বুলি তথ্য পোহৰলৈ আহিছিল। প্ৰায় দুবছৰ ধৰি চাহৰ বাবে বাকী থকা ধন পৰিশোধ কৰা নাই কৰ্মচাৰীসকলে। এই বৃহৎ পৰিমাণৰ ধন অনাদায় হৈ থকাৰ ফলত দোকানীজনে নিজেই ঋণৰ আশ্ৰয় ল’বলগা হৈছে।

এখন চাহৰ দোকানৰ উপাৰ্জনেৰে পেটে ভাটে খাই থকা সাধাৰণ এজন লোক। এটা চৰকাৰী কাৰ্যালয়ৰ সমীপতে তেওঁৰ চাহৰ দোকান। সেয়ে কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও তেওঁৰ ওচৰতে খায় দিনটোৰ চাহকাপ। পিছে তেওঁলোকৰ এই অভ্যাসেই দোকানীজনৰ বাবে হৈ পৰিল বিপদৰ কাৰণ। ঋণৰ বোজাত এতিয়া ডুব যাব লগা হৈছে দোকানীজন। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ নালন্দা জিলাত। তথ্য অনুসৰি নালন্দা জিলা পৰিষদৰ চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিদিনে চাহ খাইছিল তেওঁৰ দোকানত। কিন্তু বিগত বহুকেইটা দিন ধৰি কৰ্মচাৰীসকলে পৰিশোধ কৰা নাছিল চাহৰ দাম।
জিলা পৰিষদৰ চৰকাৰী কৰ্মচাৰীসকলে বাকীকৈ দোকানখনত খাইছিল চাহ। তেওঁলোকে চাহৰ নামত দোকানীজনৰ ওচৰত প্ৰায় ১.২৫ লাখ টকা বাকী কৰিছিল বুলি তথ্য পোহৰলৈ আহিছিল। প্ৰায় দুবছৰ ধৰি চাহৰ বাবে বাকী থকা ধন পৰিশোধ কৰা নাই কৰ্মচাৰীসকলে। এই বৃহৎ পৰিমাণৰ ধন অনাদায় হৈ থকাৰ ফলত দোকানীজনে নিজেই ঋণৰ আশ্ৰয় ল’বলগা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ এই আচৰণত এতিয়া হতাশ হৈ পৰিছে দোকানীজন।
এই দোকানীজনৰ নাম কাৰু ৰাম। নালন্দাৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ বাহিৰত চাহৰ দোকান দিয়ে ৰামে। কাৰু ৰামে দাবী কৰা মতে বিগত চাৰিমাহে জিলা পৰিষদৰ প্ৰাক্তন সভাপতি পিংকি কুমাৰীয়ে তেওঁক ধন পৰিশোধ কৰা নাই। আনহাতে বৰ্তমানৰ জিলা পৰিষদৰ সভানেত্ৰী তনুজা কুমাৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁক সাক্ষাৎ কৰা নাই বুলি উল্লেখ কৰি কাৰু ৰামে জানিবলৈ দিয়া মতে তনুজা কুমাৰীয়েও তেওঁক ৪ মাহৰ বাকী ধন দিয়া নাই।
তেওঁলোক দুগৰাকীৰ উপৰিও আন বহুকেইজন কৰ্মচাৰীৰ এতিয়াও কিছু বাকী আছে বুলি কাৰু ৰামে সদৰী কৰিছে। প্ৰায় ১.২৫ লাখ টকা এতিয়াও বাকী আছে বুলি জানিবলৈ দি কাৰু ৰামে লগতে তেওঁ এতিয়া নিজেই আনৰ পৰা ঋণ লৈ দোকানখন চলাই আছে বুলি কয়। উল্লেখ্য যে কাৰু ৰামৰ উপৰি পুৰুষসকলেও অঞ্চলটোত চাহ বিক্ৰী কৰিছিল। তেওঁলোকৰ পদাংক অনুসৰণ কৰিয়েই কাৰু ৰামে এতিয়া এই দোকানখন দিছে।
কাৰু ৰামে কয় যে তেওঁ জিলা পৰিষদৰ কাৰ্যালয়ত জনপ্ৰতিনিধি, কৰ্মচাৰী, অধ্যক্ষ আৰু উপাধ্যক্ষক চাহ পৰিৱেশন কৰে। কিন্তু যোৱা দুবছৰ ধৰি চৰকাৰী কৰ্মচাৰীয়ে বাকীত চাহ খাই আছে। চাহৰ বাবদ পাব লগা ধন তেওঁলোকে এতিয়াও পৰিশোধ কৰা নাই বুলি ৰামে কয়।
ইফালে বৰ্তমানৰ জিলা পৰিষদৰ অধ্যক্ষ তনুজা কুমাৰীয়ে এনে অভিযোগ স্বীকাৰ কৰিছে। তেওঁ উল্লেখ কৰা মতে নিজৰ বাকী ধনৰ বাহিৰেও প্ৰাক্তন অধ্যক্ষগৰাকীয়ে ছমাহ বা চাৰি মাহৰ অনাদায় ধনো ইতিমধ্যে পৰিশোধ কৰা হৈছে। চাহৰ বাবে দোকানীজনক মাহেকীয়াকৈ ধন দিয়া হয় বুলিও তনুজা কুমাৰীয়ে সদৰী কৰে।
তেওঁ লগতে পৰিষদৰ উপাধ্যক্ষ আৰু সমগ্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰো কাৰু ৰামৰ ওচৰত ধন বাকী আছে বুলি জানিবলৈ দিয়ে। কাৰু ৰামে কোৱাৰ দৰেই সমগ্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী মিলি দোকানত প্ৰায় ১.২৫ লাখ টকা বাকী হৈ আছে বুলি উল্লেখ কৰে তনুজা কুমাৰীয়ে।