কি অভ্যাসে কিডনী বেয়া কৰে? জানক সকলো...

17 July 2025

TV9 ASSAM

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই তেজ পৰিস্কাৰ কৰাৰ লগতে শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য আৰু ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰে। এনে অৱস্থাত বৃক্কৰ যত্ন লোৱা অতি দৰকাৰ।

বৃক্ক

বহু বেছি পেইন কিলাৰ সেৱন কৰা, বেছিকৈ নিমখ খোৱা, জাংক ফুড খোৱা, পানী কমকৈ খোৱা, কম টোপনি, বহু প্ৰটিনযুক্ত খাদ্য খোৱা আদি বিভিন্ন সৰু সৰু কাৰণৰ ফলত বৃক্কত সমস্যা আহিব পাৰে। সাধাৰণ ৬টা অভ্যাসে আপোনাৰ বৃক্ক বিকল কৰিব পাৰে।

বৃক্ক বিকল

আইবুপ্ৰফেন বা এছপিৰিনৰ দৰে পেইন কিলাৰ খোৱাৰ ফলত বৃক্ক প্ৰভাৱিত হয়।  এই ঔষধে তেজৰ চলাচল কম কৰিব পাৰে।  এনেস্থলত চিকিৎসকৰ পৰামৰ্শ লৈহে পেইন কিলাৰ সেৱন কৰিব লাগে।

পেইন কিলাৰ

বেছি নিমখ খোৱাৰ ফলত ব্লাড চুগাৰ বৃদ্ধি হয়। ই আপোনাৰ বৃক্ক ক্ষতি কৰিব পাৰে।  ইয়াৰোপৰি প্ৰচেড ফুডে বৃক্ক বিকল কৰিব পাৰে। ২০২২ চনৰ গৱেষণাৰ তথ্য মতে, ২৪ শতাংশ বৃক্কৰ বেমাৰৰ কাৰণ বেছি নিমখ, বেছি চেনি, চৰ্বিযুক্ত খাদ্য খোৱা।

বেছি নিমখ, প্ৰচেড ফুড

পৰ্যাপ্ত টোপনিৰ অভাৱো বৃক্ক বিকল হোৱাৰ কাৰণ হ'ব পাৰে। যেতিয়া শৰীৰে আৰাম লাভ নকৰে তেতিয়া সমস্যা হয়। প্ৰতিদিনে ৭-৮ ঘন্টা সময় শুব লাগে। ভাল টোপনি নহ'লে বৃক্কৰ সমস্যা আহিব পাৰে।

টোপনি

প্ৰ'টিন স্বাস্থ্যৰ বাবে ভাল। কিন্তু যদি আপুনি অত্যাধিক প্ৰ'টিন সেৱন কৰে তেন্তে বৃক্কই অধিক চাপ লাভ কৰে। ইয়াৰ ফলত বৃক্ক প্ৰভাৱিত হয়। বৃক্কই বেয়া বস্তু ভালদৰে ফিল্টাৰ কৰিব নোৱাৰে, যাৰ ফলত সমস্যা হয়।

প্ৰ'টিন

বেছিকৈ চেনি খোৱা শৰীৰৰ বাবে বেয়া। ইয়াৰ ফলত শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে, আনকি ডায়েবেটিছৰ আশংকা বৃদ্ধি পাব পাৰে। এনে অৱস্থাত বৃক্ক বিকল হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে।

চেনি

পঢ়িবলৈ ক্লিক কৰক 

ডেংগুৰ কাৰণ