শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহাকাশ জয় কৰি আজি পৃথিৱীত ভৰি দিব ভাৰতৰ শুভাংশুৱে, কেতিয়া, ক’ত অৱতৰণ কৰিব? সকলো জানক…

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা এক্সিয়াম-৪ অভিযানৰ অধীনত ১৮ দিন মহাকাশত থকাৰ পিছত আন চাৰিজন মহাকাশচাৰীৰ সৈতে পৃথিৱীলৈ উভতিছে। নাছা আৰু স্পেচএক্সৰ এই যৌথ অভিযানত চাৰিখন দেশৰ মহাকাশচাৰী জড়িত আছিল। প্ৰায় ২৩ ঘণ্টাৰ যাত্ৰাৰ অন্তত আজি বিয়লি প্ৰায় ৩ বজাত পৃথিৱীত উপস্থিত হ’ব শুভাংশু।

মহাকাশ জয় কৰি আজি পৃথিৱীত ভৰি দিব ভাৰতৰ শুভাংশুৱে, কেতিয়া, ক’ত অৱতৰণ কৰিব? সকলো জানক…
শুভাংশু শুক্লা
trishna-kalita
Trishna Kalita | Published: 15 Jul 2025 12:15 PM

নিজৰ অভিযান সম্পূৰ্ণ কৰি আজি চাৰিজন মহাকাশচাৰীৰ সৈতে পৃথিৱীলৈ উভতিছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা। এই অভিযানত শুভাশুৱে মহাকাশত প্ৰায় ১৮ দিন অতিবাহিত কৰিছে। এই সময়ছোৱাত তেওঁ বহুতো পৰীক্ষা-নিৰীক্ষাও কৰিছে। প্ৰায় ২৩ ঘণ্টাৰ যাত্ৰাৰ অন্তত তেওঁৰ ড্ৰেগন মহাকাশযানখনে বিয়লি ৩ বজাত কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ পৰিব।

শুভাংশ শুক্লাই তেওঁৰ চাৰিজন মহাকাশচাৰীৰ সৈতে যোৱা ২৫ জুনত ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটত আই এছ এছলৈ ৰাওনা হয়। পৃথিৱীৰ পৰা ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত তেওঁ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হয়। য’ত তেওঁ মুঠ ১৮ দিন কটালে।

এয়া আছিল নাছা আৰু স্পেচএক্সৰ যৌথ অভিযান। এই মহাকাশ অভিযানত ৪ খন দেশৰ ৪ জন মহাকাশচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশসমূহৰ ভিতৰত ভাৰত, আমেৰিকা, পোলেণ্ড, হাংগেৰী যাৰ মহাকাশচাৰীসকলক এই অভিযানত অন্তৰ্ভুক্ত কৰা হৈছে।

শুভাংশুৱে কেতিয়া ক’ত অৱতৰণ কৰিব?

শুভাংশু শুক্লাৰ সৈতে চাৰিওজন মহাকাশচাৰীয়ে ১৪ জুলাইৰ সন্ধিয়া ৪:৪৫ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ ৰাওনা হয়। ১৫ জুলাইত এই সকলো মহাকাশচাৰীয়ে পৃথিৱীত উপস্থিত হ’ব। ১৫ জুলাইৰ বিয়লি প্ৰায় ৩ বজাত কেলিফৰ্ণিয়াৰ উপকূলত স্প্লেছডাউন হ’ব।ইয়াৰ পিছত সকলো মহাকাশচাৰীক সাগৰৰ পৰা উলিয়াই অনা হ’ব।

এক্সিয়াম স্পেচএক্সৰ হেণ্ডেল অনুসৰি এক্সিয়াম স্পেচ ৱেবছাইটত মহাকাশত অৱতৰণৰ লাইভ সম্প্ৰচাৰ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। স্পেচএক্সে এক্সৰ ওপৰত এই তথ্য শ্বেয়াৰ কৰি কয় যে মহাকাশযানখনে পুনৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰাৰ পথত। এই অভিযানক সফল কৰিবলৈ ৬০টাতকৈও অধিক বৈজ্ঞানিক অধ্যয়ন আৰু ২০টাতকৈও অধিক আউটৰিচ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।

শুভাংশুৰ এই মিছন কিয় বিশেষ?

শুভাংশুৰ এই অভিযানটোও অতি বিশেষ কাৰণ ১৯৮৪ চনৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়জন মহাকাশচাৰী।৪১ বছৰ পূৰ্বে ৰাকেশ শৰ্মাই ১৯৮৪ চনত ছোভিয়েট ইউনিয়নৰ মহাকাশযানৰ পৰা মহাকাশলৈ যাত্ৰা কৰিছিল। শুভাংশুৰ এই অভিযানৰ পিছত ভাৰতে ভৱিষ্যতে এটা বাণিজ্যিক মহাকাশ কেন্দ্ৰ স্থাপন কৰিব পাৰে। ইয়াৰ সমান্তৰালকৈ মহাকাশতো নতুন প্ৰযুক্তিৰ পৰীক্ষা আৰু বিকাশ কৰিব পৰা যাব। এই অভিযানে ভাৰতক ২০২৭ চনত মানৱ মহাকাশযান উৎক্ষেপণ কৰাত সহায় কৰিব।

বহু পৰীক্ষাত অংশগ্ৰহণ কৰিছিল

শুভাংশু ভাৰতীয় বায়ুসেনাৰ স্ক্ৱাড্ৰন কমাণ্ডাৰ। ২০০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে তেওঁৰ। মহাকাশ যাত্ৰাৰ সময়ছোৱাত শুভাংশুৱে ভাৰতৰ ৭টা পৰীক্ষাকে ধৰি ৬০টাতকৈও অধিক পৰীক্ষা-নিৰীক্ষাত অংশগ্ৰহণ কৰিছে। শুভাংশুৱে মহাকাশত মেথি আৰু মুগুৰ গুটি খেতি কৰিছে। শেহতীয়াকৈ তেওঁৰ ফটো প্ৰকাশ পাইছিল।

এক্সিয়াম-৪ মিছনৰ ড্ৰেগন মহাকাশযানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে ডক কৰাৰ পিছত সোমবাৰে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ পিতৃ-মাতৃয়ে কয় যে তেওঁলোকে তেওঁৰ নিৰাপদ অৱতৰণৰ বাবে প্ৰাৰ্থনা কৰিব। পিতৃয়ে কয়, “আমি অতি সুখী যে আনডকিং নিৰাপদে হ’ল। আমি আশা কৰিছো যে আজিৰ লেণ্ডিংও মসৃণ হ’ব। ঈশ্বৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।”