শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিল্লীৰ পিছত এইবাৰ বিস্ফোৰণত কঁপি উঠিল জম্মু-কাশ্মীৰ; ৬ আৰক্ষীৰ মৃত্যু, কেইবাজনো আহত

চিচিটিভি ফুটেজৰ দৃশ্যত থানাত হোৱা এই বিস্ফোৰণৰ ফলত মুহূৰ্ততে সেইস্থান ধোঁৱা আৰু জুইয়ে আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছতে তাৎক্ষণিকভাৱে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বিস্ফোৰণত লগতে আৰক্ষী আৰু সাধাৰণ লোকসহ ২৭ জন ব্যক্তি আহত হোৱা বুলি জানিব পৰা গৈছে।

দিল্লীৰ পিছত এইবাৰ বিস্ফোৰণত কঁপি উঠিল জম্মু-কাশ্মীৰ; ৬ আৰক্ষীৰ মৃত্যু, কেইবাজনো আহত
শ্ৰীনগৰত ভয়ংকৰ বিস্ফোৰণImage Credit source: ANI
monjit-dutta
Monjit Dutta | Updated On: 15 Nov 2025 06:47 AM

যোৱা ১০ নৱেম্বৰত দেশৰ ৰাজধানী দিল্লী কঁপাই তুলিছিল এক ভয়ংকৰ বিস্ফোৰণে এই বিস্ফোৰণৰ তদন্ত চলি থকাৰ সময়তে শুকুৰবাৰে গভীৰ নিশা আন এক প্ৰবল বিস্ফোৰণত কঁপি উঠিল জম্মুকাশ্মীৰ উপত্যকাটোৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰৰ নৌগাম থানাৰ চৌহদত যোৱা নিশা সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ। সূত্ৰ অনুসৰি, ফৰিদাবাদত জব্দ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাত আকস্মিকভাৱে এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলস্বৰূপে ৬ জন আৰক্ষী নিহত হয়

বিস্ফোৰণত লগতে আৰক্ষী আৰু সাধাৰণ লোকসহ ২৭ জন ব্যক্তি আহত হোৱা বুলি জানিব পৰা গৈছে। চিচিটিভি ফুটেজৰ দৃশ্যত থানাত হোৱা এই বিস্ফোৰণৰ ফলত মুহূৰ্ততে সেইস্থান ধোঁৱা আৰু জুইয়ে আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছতে তাৎক্ষণিকভাৱে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়

বিস্ফোৰক সামগ্ৰীৰ পৰীক্ষণৰ সময়তে বিস্ফোৰণ

ঘটনা সন্দৰ্ভত স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, শেহতীয়াকৈ সন্ত্ৰাসবাদী মডিউলৰ গোচৰৰ সৈতে জড়িত হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয় বিস্ফোৰণত আহতসকলৰ ভিতৰত অধিকাংশই আৰক্ষী আৰু ফৰেনছিক বিষয়া বুলি তেওঁলোকে সদৰী কৰিছে।

বিস্ফোৰণস্থলীৰ পৰা উদ্ধাৰ ৬টা মৃতদেহ

বিষয়াসকলে জানিবলৈ দিয়া মতে, বিস্ফোৰণস্থলীৰ পৰা ছটা মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃত লোকসকলৰ পৰিচয় এতিয়াও নিৰ্ণয় কৰা হোৱা নাই বুলি তেওঁলোকে উল্লেখ কৰে। ইফালে আহত ২৪ জন আৰক্ষী আৰু তিনিজন সাধাৰণ নাগৰিকক অঞ্চলটোৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও তেওঁলোকে সদৰী কৰে।

এই বৃহৎ বিস্ফোৰণে থানা ভৱনটোৰ বিস্তৰ ক্ষতিসাধন কৰে। ধাৰাবাহিকভাৱে হোৱা সৰু সৰু বিস্ফোৰণৰ বাবে বোমা নিষ্কাশন দলে তাৎক্ষণিক উদ্ধাৰ অভিযান চলাবলৈ অসুবিধাৰ সন্মুখীন হয়উল্লেখ্য যে দিল্লী বিস্ফোৰণৰ ঠিক আগে আগে ফৰিদাবাদৰ চিকিৎসক মুজাম্মিল গনাইৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হৈছিল ৩৬০ কিলোগ্ৰাম বিস্ফোৰক

উদ্ধাৰ হোৱা কিছুমান বিস্ফোৰক আৰক্ষীৰ ফৰেনছিক লেবত ৰখাৰ বিপৰীতে এক বৃহৎ অংশ সন্ত্ৰাসবাদী মডিউলৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন হোৱা থানাত ৰখা হৈছে। শুকুৰবাৰে নিশা নৌগাম থানাত থোৱা বিস্ফোৰক সামগ্ৰীসমূহৰ নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হয়