পহলগামৰ পিছত আন এক আক্ৰমণৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ! এইবাৰ লক্ষ্য এই স্থান…

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীয়ে চলাইছিল নৃশংস আক্ৰমণ। আক্ৰমণৰ পিছত উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা অত্যন্ত শক্তিশালী কৰি তোলা হৈছে। উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। তথ্য অনুসৰি পহলগাম আক্ৰমণৰ পিছত পুনৰ এবাৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ পৰিকল্পনা কৰিছে।

পহলগামৰ পিছত আন এক আক্ৰমণৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ! এইবাৰ লক্ষ্য এই স্থান…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

02 May 2025 17:19 PM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা অত্যন্ত শক্তিশালী কৰি তোলা হৈছে। উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। তথ্য অনুসৰি পহলগাম আক্ৰমণৰ পিছত পুনৰ এবাৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ পৰিকল্পনা কৰিছে। জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথক লক্ষ্য কৰি সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্য লাভ কৰা হৈছে। চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে জম্মু-কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰিছে নিৰাপত্তা সংস্থাই।

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীয়ে চলাইছিল নৃশংস আক্ৰমণ। পাকিস্তান ভিত্তিক গোটৰ সন্ত্ৰাসবাদীৰ এই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ২৬ জন পৰ্যটকে। দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সংঘটিত এই আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাত বহুগুণে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ঘাইপথ আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত চেকপইণ্ট স্থাপন কৰা হৈছিল। পৰ্যটনস্থলীৰ ওচৰত নিয়োগ কৰা হৈছিল নিৰাপত্তাৰক্ষীৰ দল।

এনে শক্তিশালী নিৰাপত্তা ব্যৱস্থাৰ মাজতো সন্ত্ৰাসবাদীয়ে আন এক আক্ৰমণৰ পৰিকল্পনা কৰা বুলি চোৱাংচোৱা তথ্য পোহৰলৈ আহিছে। ইয়াৰ পিছতে জাৰি কৰা সতৰ্কবাণী। একে সময়তে পহলগাম কাণ্ডৰ পাছত সেনাই সন্ত্ৰাসবাদীক দমনৰ লক্ষ্যৰে ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখিছে। জম্মু-কাশ্মীৰৰ বহু ঠাইত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱা হৈছে। লগতে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ভাঙি তেওঁলোকৰ ঘৰ বুলডজাৰেৰে ভাঙি দিয়াও দেখা গৈছে।

সন্ত্ৰাসবাদী দমনৰ বাবে কেন্দ্ৰীয় চৰকাৰেও দিছে কঠোৰ হুংকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদীক কঠোৰ সতৰ্কবাণী দি প্ৰতিশোধৰ হুংকাৰ দিছে। অমিত শ্বাহে কয়, “এই সন্ত্ৰাসবাদী আক্ৰমণত কোনোবাই পুত্ৰক হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, কোনোবাই পত্নীক হেৰুৱাইছে। নিহত কোনোবাই বাংলা কয়, কোনোবাই কানাড়া কয়, কোনো লোক মাৰাঠী, কোনো উড়িয়া, কোনো গুজৰাটী বা কোনো বিহাৰৰ আছিল।”

“আজি কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে সেই সকলো মানুহৰ মৃত্যুত আমাৰ দুখ একেই। আমাৰ খং একেই। এই আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতেই নহয়, দেশৰ শত্ৰুপক্ষই ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে। আজি কোনেও ভাবিব নালাগে যে আমাৰ ২৭ জন লোকক হত্যা কৰি তেওঁলোকে এই যুদ্ধত জয়ী হৈছে। মই তেওঁলোকক ক’ব বিচাৰো যে প্ৰতিজন ব্যক্তিয়ে এক উত্তৰ পাব আৰু তেওঁলোকৰ পৰা উত্তৰো লোৱা হ’ব।”- এইদৰে লগতে কয় অমিত শ্বাহে।

শিৱলিংগত কি বস্তু আগবঢ়ালে কি ফল পোৱা যায়? সবিশেষ জানক..
বাহনত ভ্ৰমণৰ সময়ত বমি ভাব হয় নেকি? জানক পৰিত্ৰাণৰ উপায়
বন্দে ভাৰত বা শতাব্দী ৰে'লৰ পৰা পোৱা উপাৰ্জনৰ হিচাপ ৰাখেনে চৰকাৰে ? ৰে’ল মন্ত্ৰালয়ে RTI উত্তৰত কি ক'লে ?
Knowledge Story: চেফ্টিপিনত কিয় থাকে বৃত্তাকাৰ অংশটো? কেতিয়াবা ভাবিছেনে?