ছোৱালীৰ প্ৰতি আগ্ৰহ বেছি! সমকামী নেকি সোণম? এক চাঞ্চল্যকৰ দাবী…
ৰাজা ৰঘুবংশী কাণ্ডত নিতৌ পোহৰলৈ আহিছে ন ন তথ্য। এক দাবী অনুসৰি, সোণমে যি মন যায় তাকেই কৰিছিল। সোণমৰ কুণ্ডলীলৈ চাই গম পোৱা যায় যে তেওঁ বিচৰাখিনি লাভ কৰিবলৈ যিকোনো পৰিসৰলৈকে যাব পাৰে।

সোণম-ৰাজা
ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। বৃহস্পতিবাৰে মেঘালয় আদালতে অভিযুক্ত পত্নী সোণম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক ৰাজ কুছৱাহাৰ আৰক্ষীৰ জিম্মা দুদিনৰ বাবে বৃদ্ধি কৰে। ইয়াৰ উপৰিও আন ৩ অভিযুক্ত আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এই সকলোবোৰৰ মাজতে ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ জ্যোতিষীয়ে এক চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁ কয় যে,সোণমৰ সমকামী সম্পৰ্ক থাকিব পাৰে। ৰাজাৰ পৰিয়ালে কয় যে, ইয়াৰ পূৰ্বেও তেওঁ এনে ধৰণৰ অভিযোগ উত্থাপন কৰিছে।
ৰাজাৰ পৰিয়ালৰ মতে, তেওঁলোকৰ পৰিয়াল সন্দৰ্ভত জ্যোতিষী অজয় ডুবেৰ প্ৰায়বোৰ ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত পণ্ডিত অজয় ডুবেই কোৱা বহু কথা সত্য প্ৰমাণিত হৈছে। ৰাজাৰ পৰিয়ালে তলত দিয়া ধৰণৰ প্ৰশ্ন কৰিছিল-
- ৰাজাৰ পৰিয়ালৰ প্ৰশ্ন : ৰাজাক হত্যা কৰা হৈছে কিন্তু বোৱাৰী সোণম ক’ত?
- পণ্ডিতৰ উত্তৰঃ সোনম জীয়াই আছে আৰু সুৰক্ষিত।
- ৰাজাৰ পৰিয়ালৰ প্ৰশ্ন : সোণম যদি জীয়াই আছে তেন্তে ক’ত আছে?
- পণ্ডিতৰ উত্তৰ : উত্তৰ দিশত।
- ৰাজাৰ পৰিয়ালৰ প্ৰশ্ন : হত্যাকাণ্ডৰ লগত কোন সকলো জড়িত?
- পণ্ডিতৰ উত্তৰঃ তিনিৰ পৰা চাৰিজন মানুহ আৰু এগৰাকী মহিলা।
- ৰাজাৰ পৰিয়ালৰ প্ৰশ্নঃ সেই মহিলা কোন?
- পণ্ডিতৰ উত্তৰঃ তোমাৰ বোৱাৰী সোণম।
ইয়াৰোপৰি জ্যোতিষীগৰাকীয়ে কৈছিল যে, “এই কাণ্ডত অন্য এগৰাকী মহিলা জড়িত আছে। শীঘ্ৰেই তেওঁৰ কথা প্ৰকাশ পাব। আনগৰাকী মহিলা সোণমৰ বন্ধু হ’ব পাৰে”। তেওঁ কয় যে “সোণমৰ বন্ধুৰ লগত হয়তো সমকামী সম্পৰ্ক আছে। সোণমৰ ৰাশিফলৰ পৰা দেখা যায় যে তেওঁৰ ছোৱালীৰ প্ৰতি আগ্ৰহ আছে”।
জ্যোতিষী অজয় ডুবেই কয়- “সোণমৰ পৰিয়ালে ৰাজাৰ পৰিয়ালক প্ৰতাৰণা কৰিছে। কুণ্ডলীত মৃত্যু যোগ আছিল, যাৰ বাবে সোণমৰ পৰিয়ালে ৰাজাৰ পৰিয়ালক সেই বিষয়ে অৱগত কৰা নাছিল। কুণ্ডলী মতে, সোণম বৰ জেদী আৰু হঠকাৰী ছোৱালী। কুণ্ডলীত ৰাহু যোগ আছিল, গতিকে যি মন যায় তাকেই কৰিছিল। সোণমৰ কুণ্ডলীলৈ চাই গম পোৱা যায় যে তেওঁ বিচৰাখিনি লাভ কৰিবলৈ যিকোনো পৰিসৰলৈকে যাব পাৰে”।
উল্লেখ্য যে, ১১ মে’ত সোণম আৰু ৰাজা ৰঘুবংশীৰ বিয়া হৈছিল। বিয়াৰ পাছত দুয়ো মেঘালয়লৈ হানিমুনৰ বাবে আহিছিল য’ত ৰাজাক পৰিকল্পতিভাবে হত্যা কৰা হৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে।
অন্য খবৰ পঢ়কঃ ৰাজাক দিছিল ১০ মিনিট, বিট্টুৰ সৈতে কথা পাতিছিল ঘন্টাৰ পাছত ঘন্টা! সোণম কাণ্ডৰ নতুন তথ্য…