Railway Budget 2024: বাজেটত ৰে’ল সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব, কিমান টকা ধাৰ্য কৰিলে ভাৰতীয় ৰে’লৱেৰ বাবে….

বিত্তমন্ত্ৰীয়ে ৰে’লৱেৰ বাবে ২.৬২ লাখ কোটি টকা আবণ্টন দিছে। ৰে’লৰ সংখ্যা বৃদ্ধি, ৰে’লপথৰ বিদ্যুৎ সংযোগ আৰু নতুন ৰে’ল পৰিচালনাৰ লগতে সুৰক্ষা দিশটোক এইবাৰৰ বাজেটত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। শেহতীয়াকৈ সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰে’ল সুৰক্ষাৰ বাবেও সুকীয়া বাজেট প্ৰস্তুত কৰা হৈছে। বাজেট ভাষণত নিৰ্মলা সীতাৰমণে এই কথা উল্লেখ কৰা নাছিল, যদিও বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত এই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

Railway Budget 2024: বাজেটত ৰে’ল সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব, কিমান টকা ধাৰ্য কৰিলে ভাৰতীয় ৰে’লৱেৰ বাবে....

বাজেটত ৰে’ল সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে

Updated On: 

24 Jul 2024 07:55 AM

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰি বিত্তমন্ত্ৰীয়ে ৰে’লৱেৰ বাবে ২.৬২ লাখ কোটি টকা আবণ্টন দিছে। ৰে’লৰ সংখ্যা বৃদ্ধি, ৰে’লপথৰ বিদ্যুৎ সংযোগ আৰু নতুন ৰে’ল পৰিচালনাৰ লগতে সুৰক্ষা দিশটোক এইবাৰৰ বাজেটত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। শেহতীয়াকৈ সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰে’ল সুৰক্ষাৰ বাবেও সুকীয়া বাজেট প্ৰস্তুত কৰা হৈছে। বাজেট ভাষণত নিৰ্মলা সীতাৰমণে এই কথা উল্লেখ কৰা নাছিল, যদিও বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত এই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

ৰে’ল সুৰক্ষাৰ দিশটোৰ বাবে বাজেটত ১.০৮ লাখ কোটি টকাৰ ধাৰ্য কৰা হৈছে । ইয়াৰ উপৰিও ৰে’লপথ সম্প্ৰসাৰণ, পুৰণি ৰে’লপথ মেৰামতি আৰু বিদ্যুৎ সংযোগৰ কামৰ বিষয়েও বাজেটত উল্লেখ আছে । সেই অনুসৰি,একক ট্ৰেক সমূহ ডাবল ট্ৰেকলৈ ৰূপান্তৰ কৰা হ’ব। সংকেতৰ কম্পিউটাৰাইজেচন হ’ব। ২৫০০ সাধাৰণ ডবা নিৰ্মাণৰ সমান্তৰালকৈ ৰে’লৱেই ১০ হাজাৰ অতিৰিক্ত সাধাৰণ শ্ৰেণীৰ ডবাও নিৰ্মাণ কৰিব। অসম্পূৰ্ণ ৰে’ল দলঙৰ সমান্তৰালকৈ ৰে’লৱে অভাৰব্ৰিজ আৰু আণ্ডাৰব্ৰিজৰ কামো ক্ষিপ্ৰতাৰে কৰা হ’ব।

লগতে পঢ়কঃ চৰকাৰৰ ধন ক’ৰ পৰা আহে আৰু এই ধন কেনেকৈ খৰচ হয় জানি লওক…

ৰে’লৱেৰ বাজেট আবণ্টন দিয়াৰ বাবে বিত্তমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে অশ্বিনী বৈষ্ণৱে। তেওঁ কয় যে,২০২৪-২৫ চনৰ বাজেটৰ অধীনত ভাৰতীয় ৰে’লৱেৰ বাবে ২.৬২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে ১.০৮ লাখ কোটি টকা ৰে’ল সুৰক্ষাৰ প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব। ভাৰতীয় ৰে’লৱেত সাধাৰণ ভ্ৰমণৰ চাহিদা বৃদ্ধি পোৱাৰ কথাও উল্লেখ ৰে’লমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়কঃ শিক্ষা, স্বাস্থ্য, প্ৰতিৰক্ষা, কৃষি ! এইবাৰৰ বাজেটত কোনটো খণ্ড কিমান টকা আবণ্টন দিয়া হৈছে ? চাওক

পুৱা খাওক গাখীৰত তিয়াই থোৱা কিচমিচ, স্বাস্থ্যৰ ওপৰত পৰিব এনে সুপ্ৰভাৱ…
কি কথাত বিতুষ্ট চেন্নাইৰ অনুৰাগী! নায়কৰ দৰে খেলিও খলনায়কৰ দৰে ব্যৱহাৰ পালে নেকি কুৰাণে?
জিভাত বগা তৰপ পৰিছে নেকি? তেন্তে এই সহজ উপায়ৰ দ্বাৰা কৰক আঁতৰ...
অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...