‘ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী’- ৰাহুল গান্ধীৰ ভয়ংকৰ অভিযোগ

বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ তোলা ৰাহুল গান্ধীয়ে এইবাৰ আৰু এখোপ আগুৱাই গৈ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। ৰাহুলে দাবী কৰা মতে ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। এই বিষয়ে সমূহ তথ্য তেওঁ প্ৰকাশ কৰিব বুলিও উল্লেখ কৰিছে।

ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী- ৰাহুল গান্ধীৰ ভয়ংকৰ অভিযোগ

নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অভিযোগ ৰাহুল গান্ধীৰ

Published: 

07 Nov 2025 16:43 PM

ভোট চুৰিৰ অভিযোগক লৈ পুনৰ এবাৰ সৰৱ হ’ল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰি ৰাহুলে কয় যে নৰেন্দ্ৰ মোদী “ভোট চুৰি” কৰি প্ৰধানমন্ত্ৰী হৈছিল। জেন-জিৰ সন্মুখত সত্য উদঙাই দিয়াৰ প্ৰতিশ্ৰুতি দি ৰাহুলে কয় যে তেওঁৰ হাতত “বহুতো প্ৰমাণ” আছে।

ৰাহুল গান্ধীৰ উদ্ধৃতি দি পিটিআইয়ে কয়, “আমাৰ হাতত বহুত সামগ্ৰী আছে। আমি প্ৰক্ৰিয়াটো আগবঢ়াই নিম। ভাৰতৰ জেন জি, যুৱক-যুৱতীসকলক আমি স্পষ্টকৈ দেখুৱাম যে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত ভোট চুৰি কৰি কেনেকৈ প্ৰধানমন্ত্ৰী হৈছে আৰু বিজেপিয়ে কেনেকৈ ভোট চুৰি কৰে। আমি স্পষ্টকৈ ক’ম এই কথা, তাত কোনো সন্দেহ নাথাকিব।”

এইচ ফাইল প্ৰেছক সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ দাখিল কৰা প্ৰমাণ নিৰ্বাচন আয়োগৰ পৰাই আহিছে আৰু বিজেপিয়ে “নিৰ্বাচন আয়োগক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল”।

“আপোনালোকে মন কৰিব লাগে যে মোৰ দ্বাৰা উত্থাপন কৰা সকলো অভিযোগ – ভুৱা ভোট, ভুৱা ফটো, ইয়াৰ কোনো সঁহাৰি নিৰ্বাচন আয়োগৰ পৰা অহা নাই আৰু বিজেপিয়ে নিৰ্বাচন আয়োগক ৰক্ষা কৰিছে। কিন্তু, মই কোৱা কথাখিনি তেওঁলোকে নস্যাৎ কৰা নাই।” ৰাহুলে কয়।

ৰাহুলে সংবাদমেলত লাৰিছা নেৰী নামৰ ব্ৰাজিলৰ এগৰাকী মডেলৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কৈছিল যে ইয়াত মডেল ভোটিঙৰ দৰে সৰু সৰু উদাহৰণ আছে। “তেন্তে বাস্তৱ কি। বাস্তৱতা হ’ল নৰেন্দ্ৰ মোদী জী, অমিত শ্বাহজী আৰু নিৰ্বাচন আয়োগে একেলগে সংবিধানক আক্ৰমণ কৰিছে।” ৰাহুলে কয়।

“এজন পুৰুষ আছিল, বহুভোট আছিল, ব্ৰাজিলৰ মহিলাৰ ভোট আছিল, এটা বুথত এগৰাকী মহিলাৰ ২০০ খন ফটো আছিল। বিহাৰত যি কাম কৰিবলৈ ওলাইছে, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো তেওঁলোকে কৰিছে আৰু হাৰিয়ানাতো এনেকুৱা হৈছে। গুজৰাটতো এয়া বাৰে বাৰে ঘটি আহিছে। গতিকে এইটোৱেই মূল বিষয়।” তেওঁ কয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লাৰিছা নেৰী নামৰ ব্ৰাজিলৰ এগৰাকী মহিলাৰ উদ্ধৃতিৰে ভিডিঅ’টোত কোৱা হৈছে যে সংবাদমেলৰ সময়ত প্ৰদৰ্শিত ফটোখন তেওঁৰ পুৰণি ছবি। “বন্ধুসকল, মোৰ পুৰণি ফটো এখন ব্যৱহাৰ কৰি আছে। পুৰণি ফটো এখন ঠিক আছে? ফটোখনত মই সৰু আছিলো, মোৰ বয়স চাগে ১৮ বা ২০… নাজানো এইটো নিৰ্বাচন নে ভোট দিয়াৰ কিবা প্ৰক্ৰিয়া, য’ত আপুনি ভোট দিব লাগিব। আৰু ভাৰতত। আহ! মানুহক প্ৰতাৰণা কৰিবলৈ মোক ভাৰতীয় বুলি দেখুৱাইছে। এইটো কি উন্মাদনা!” পৰ্তুগীজ ভাষাত লাৰিছাই লিখা পোষ্টটোৰ অনুবাদ অনুসৰি এই কথা প্ৰকাশ কৰিছে পিটিআয়ে।

তুলসীৰ ওচৰত কেতিয়াও ৰোপণ নকৰিব এইসমূহ উদ্ভিদ, অন্যথা জীৱনত পৰিব পাৰে কুপ্ৰভাৱ
ভাতৰ লগত পানী খোৱাটো ভাল নে বেয়া? স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ কি? জানক
চকুৰ দৃষ্টি শক্তি বঢ়োৱাত উপকাৰী মাছ, জানক মাছৰ উপকাৰী গুণ
হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে ধনিয়া পাতে, জানক কি কি উপকাৰীতা আছে ধনিয়া...