সন্ত্ৰাসবাদীয়ে সপোনতো ভবা নাছিল মোদীৰ মুখামুখি হোৱাৰ পৰিণাম কিমান ভয়ানক, গুজৰাটৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে যি কাৰ্য সংঘটিত কৰিলে, মোদী মৌন হৈ থাকিব পাৰিবনে? যিয়ে এই কাম কৰে, মোদীয়ে তেওঁক ধ্বংস কৰিব । এয়া কেৱল অপাৰেচন নহয় । মোদীৰ সৈতে মুখামুখি হোৱাটো কিমান কঠিন হ’ব সেয়া সপোনতো কল্পনা কৰা নাছিল সন্ত্ৰাসবাদীয়ে ।

সন্ত্ৰাসবাদীয়ে সপোনতো ভবা নাছিল মোদীৰ মুখামুখি হোৱাৰ পৰিণাম কিমান ভয়ানক, গুজৰাটৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

গুজৰাটত নৰেন্দ্ৰ মোদী

Published: 

26 May 2025 | 03:08 PM

সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাট ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অপাৰেচন সেন্দূৰৰ পিছত এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গুজৰাট ভ্ৰমণ । সোমবাৰে পুৱা বদোদৰাত উপস্থিত হয় প্ৰধানমন্ত্ৰী । ইয়াৰ পিছত দহোদত ৯০০০ হৰ্চ পাৱাৰ ইঞ্জিন প্লাণ্ট উদ্বোধন কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে দহোদত এখন ৰাজহুৱা সভাতো ভাষণ দিয়ে । ভাষণ আৰম্ভ কৰাৰ সময়ত তেওঁ প্ৰথমে গুজৰাটী ভাষাত ৰাইজক সম্ভাষণ জনায় ।নিজৰ ভাষণত অপাৰেচন সেন্দূৰৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দহোদতো মাতৃ-ভগ্নীয়ে অপাৰেচন সেন্দূৰৰ বাবে ত্যাগ স্বীকাৰ কৰিছে । মহৰ্ষি দধিচিয়ে নিজৰ মৃতদেহ দহোদত এৰি থৈ গৈছিল । জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে যি কাৰ্য সংঘটিত কৰিলে, মোদী মৌন হৈ থাকিব পাৰিবনে? যিয়ে এই কাম কৰে, মোদীয়ে তেওঁক ধ্বংস কৰিব । এয়া কেৱল অপাৰেচন নহয় । মোদীৰ সৈতে মুখামুখি হোৱাটো কিমান কঠিন হ’ব সেয়া সপোনতো কল্পনা কৰা নাছিল সন্ত্ৰাসবাদীয়ে । কল্পনা কৰকচোন, সন্তানৰ সন্মুখত এজন পিতৃক গুলীয়াই হত্যা কৰা হৈছিল। আজিও ছবিখন দেখিলে মোৰ তেজ উতলি উঠে। সেয়ে মোদীয়ে দেশবাসীয়ে বিচৰা কামেই কৰিলে ৷

তেওঁ কয়, “পৃথিৱীয়ে কেতিয়াও দেখা নোপোৱা এক কাম আমাৰ বীৰসকলে কৰিলে । আমি ২২ মিনিটত বিচাৰি উলিয়াই সকলো মাটিত মিলাই দিলোঁ । পাকিস্তানী সেনাই যেতিয়া দুঃসাহস দেখুৱালে, তেতিয়া ভাৰতীয় সেনায়ো ইয়াক যোগ্য প্ৰত্যুত্তৰ দিলে । বিভাজনৰ পিছত যিখন দেশৰ জন্ম হৈছিল, তাৰ এটাই লক্ষ্য আছে, ভাৰতৰ ক্ষতি কৰা । আমাৰ লক্ষ্য এখন উন্নত ভাৰত । আমি সেই দিশত কাম কৰি আছো ।”

ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২০১৪ চনৰ আজিৰ দিনটোতে মই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলোঁ । মই দেশৰ সেৱাত ব্যস্ত। এই বছৰবোৰত দেশখনে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল যিবোৰ কল্পনাও কৰিব নোৱাৰা আছিল। এই বছৰবোৰত আমি দশক দশক পুৰণি শিকলি ছিঙি পেলাইছো । প্ৰতিটো খণ্ডতে দেশে অগ্ৰগতি লাভ কৰিছে । আজি দেশখনে হতাশাৰ অন্ধকাৰৰ পৰা ওলাই আহি আত্মবিশ্বাসৰ পোহৰত ত্ৰিৰংগা উত্তোলন কৰিছে । আজি আমি ১৪০ কোটি ভাৰতীয়ই আমাৰ দেশক এখন উন্নত ভাৰত হিচাপে গঢ়ি তোলাৰ বাবে সকলো শক্তিৰে মিলি কাম কৰি আছো ।”

তেওঁ লগতে কয়, “দেশৰ প্ৰগতিৰ বাবে যি লাগে, আমি নিজেই ভাৰততে বনাব লাগে, এয়া আজিৰ সময়ৰ দাবী । আজি ভাৰতে উৎপাদন জগতত দ্ৰুত গতিত আগবাঢ়িছে ।”

ভাৰতে বিশ্বলৈ সামগ্ৰী ৰপ্তানি কৰি আছে
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ পৰা ৰপ্তানি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । সেয়া দেশৰ প্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদনেই হওক বা আমাৰ দেশত নিৰ্মিত সামগ্ৰীৰ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানিয়েই হওক । তেওঁ কয়, “আজি আমি স্মাৰ্ট ফোনৰ পৰা আৰম্ভ কৰি বাহন, খেলনা, সামৰিক অস্ত্ৰ আৰু ঔষধ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰি আছো । আজি ভাৰতে কেৱল ৰেলৱে’, মেট্ৰ’ আৰু ইয়াৰ প্ৰয়োজনীয় প্ৰযুক্তি নিৰ্মাণ কৰাই নহয়, ইয়াক বিশ্বতো ৰপ্তানি কৰে । আমাৰ দহোদ ইয়াৰ জীৱন্ত নিদৰ্শন ।”

গুজৰাট ৰেলৱে’ নেটৱৰ্কৰ বিদ্যুৎকৰণ সম্পূৰ্ণ: মোদী
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “কিছুদিন পূৰ্বে গুজৰাটত হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাম কৰা হৈছে । ইয়াৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় হৈছে দহোদৰ বৈদ্যুতিক ইঞ্জিন কাৰখানা । ৩ বছৰ আগতে ইয়াৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছিলো । এতিয়া এই কাৰখানাত প্ৰথম বৈদ্যুতিক ইঞ্জিন সাজু হৈছে । আজি গুজৰাটে আন এক মাইলৰ খুঁটি অৰ্জন কৰিছে । গুজৰাটৰ ১০০% ৰেলৱে নেটৱৰ্কৰ বিদ্যুৎকৰণ সম্পূৰ্ণ হৈছে । ইয়াৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো ।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...