দেশত শোকৰ ছাঁ ! জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধীৰ
৫২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে। কোনেও বিশ্বাস নকৰিব নোৱাৰা এটা খবৰ। প্ৰধানমন্ত্ৰী মোদীয়ে শোক প্ৰকাশ কৰি কয়, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছো।

জুবিন গাৰ্গ
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে। কোনেও বিশ্বাস নকৰিব নোৱাৰা এটা খবৰ। প্ৰধানমন্ত্ৰী মোদীয়ে শোক প্ৰকাশ কৰি কয়,”জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছো। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব।”
“তেওঁৰ গীত সকলো শ্ৰেণীৰ মানুহৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔম শান্তি।” এইদৰে শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইফালে, লোকসভাৰ বিৰোধীৰ দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক্স হেণ্ডেলৰ এটা পোষ্ট শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিছে। তেওঁ কয়, “জুবিন গাৰ্গৰ বিয়োগৰ খবৰটো অতি বেদনাদায়ক। তেওঁৰ কণ্ঠই এটা প্ৰজন্মক সংজ্ঞায়িত কৰিছিল, আৰু তেওঁৰ প্ৰতিভা সঁচাকৈয়ে অতুলনীয় আছিল।”
“ব্যক্তিগত প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ অসমীয়া সংগীতক নতুন ৰূপ দিছিল। তেওঁৰ অধ্যৱসায় আৰু সাহসে চিৰস্থায়ী চিন ৰাখি গৈছে। তেওঁ আমাৰ হৃদয় আৰু মনৰ মাজত চিৰদিন জীয়াই থাকিব।” এইদৰে শোক প্ৰকাশ ৰাহুল গান্ধীৰ।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয়, “অসমৰ কণ্ঠ” নামেৰে পৰিচিত তেওঁ কেইবাটাও ভাৰতীয় ভাষাৰ কণ্ঠেৰে মানুহক মন্ত্ৰমুগ্ধ কৰি অতি কম বয়সতে “সাংস্কৃতিক আইকন”ৰ মৰ্যাদা লাভ কৰিছিল। এক্সত এটা পোষ্টত খাৰ্গে কয় যে, এই দুখৰ সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন অনুৰাগীৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছো।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, তেওঁৰ মৃত্যুl অপূৰণীয় ক্ষতি। তেওঁ মৃত্যুৱে শূন্যতা এৰি থৈ গৈছে। শ্বাহে লিখিছে, “অসমৰ এগৰাকী আইকনিক গায়ক, সংগীতজ্ঞ, আৰু চলচ্চিত্ৰ পৰিচালক জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই গভীৰভাৱে দুখী।”
“গাৰ্গে তেওঁৰ সুৰীয়া কণ্ঠৰে দশক দশক ধৰি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিছিল আৰু তেওঁৰ কালজয়ী সংগীতেৰে সমগ্ৰ ভাৰততে ঐক্যৰ বাৰ্তা দিছিল। এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু লাখ লাখ অনুগামীৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো।” এইদৰে কয় অমিত শ্বাহে।
জুবিন গাৰ্গক নিজৰ “ভাতৃ” বুলি অভিহিত কৰি শুকুৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ কয়, “মোৰ মৰমৰ ভাই জুবিন – শান্তিৰে জিৰণি লওক! আমি আপোনাক, আপোনাৰ সুৰীয়া কণ্ঠ আৰু আপোনাৰ অদম্য সাহসক কেতিয়াও পাহৰিব নোৱাৰিম। আপোনাৰ গীতবোৰ সদায় থাকিব।”
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে, জুবিন গাৰ্গ এজন গায়কতকৈও বেছি। তেওঁ কয়, “তেওঁ আছিল এজন সাংস্কৃতিক পথ প্ৰদৰ্শক, যাৰ সুৰে মানুহক একত্ৰিত কৰিছিল। তেওঁৰ অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই শান্তি লাভ কৰক আৰু তেওঁৰ সংগীত চিৰদিনৰ বাবে জীয়াই থাকক।”
একে সময়তে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে, “জুবিন গাৰ্গ এজন প্ৰকৃত সাংস্কৃতিক আইকন, যাৰ কণ্ঠই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আত্মাক প্ৰতিধ্বনিত কৰিছিল। তেওঁৰ পৰিয়াল, অনুৰাগী আৰু সমগ্ৰ অসমীয়া সমাজলৈ মোৰ আন্তৰিক সমবেদনা। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।”
উল্লেখ্য যে, নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। গৰিমা শইকীয়া গাৰ্গে কোৱা মতে, চিজাৰ এটেকৰ সমস্য়া আছিল জুবিন গাৰ্গৰ। এইবাৰো সেয়াই হৈছিল। চিকিৎসালয়ত তেওঁক প্ৰায় দুঘণ্টা আই চি ইউত ৰখা হয়। কিন্তু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে জুবিনে। স্কুবা ড্ৰাইভিঙৰ তথ্য সঁচা নহয় বুলি জনাইছে গৰিমা শইকীয়া গাৰ্গে।
লগতে পঢ়ক- অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যুত শোক প্ৰকাশ আলফা স্বাধীনৰ