চাৰি বছৰৰ পিছত ভাৰতত পুটিন, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে একেখন বাহনতে উঠি উপস্থিত হ’ল চৰ্দাৰ পেটেল মাৰ্গত
সন্ধিয়া মস্কোৰ পৰা দিল্লী বিমান বন্দৰত উপস্থিত হোৱা ৰুছ ৰাষ্ট্ৰপতিগৰাকীক ৰাজকীয় আদৰণি জনোৱা হয়। বিমান বন্দৰৰ পৰা নামি অহাৰ পিছতে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আলিঙ্গন কৰা পৰিলক্ষিত হয়।

ৰাষ্ট্ৰপতি পুটিনক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ
বহু জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। চাৰি বছৰৰ পিছত ভাৰত ভ্ৰমণ কৰা ৰুছ ৰাষ্ট্ৰপতিগৰাকীক দিল্লী বিমান বন্দৰত আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া মস্কোৰ পৰা দিল্লী বিমান বন্দৰত উপস্থিত হোৱা ৰুছ ৰাষ্ট্ৰপতিগৰাকীক ৰাজকীয় আদৰণি জনোৱা হয়। বিমান বন্দৰৰ পৰা নামি অহাৰ পিছতে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আলিঙ্গন কৰা পৰিলক্ষিত হয়।
ইয়াৰ পিছতে একেখন বাহনতে উঠি বিমানবন্দৰৰ পৰা ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিন। ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ আগমন উপলক্ষে বিমানবন্দৰত অত্যন্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা ৰাষ্ট্ৰপতি পুটিনে কাইলৈ দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ২৩তম ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশ ল’ব।
একেখন বাহনেৰে উপস্থিত হ’ল প্ৰধানমন্ত্ৰীৰ বাসগৃহত
আজি সন্ধিয়া প্ৰায় ৬:৫২ বজাত ভ্লাদিমিৰ পুটিনৰ বিমান দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে। তেওঁক আদৰণি জনায় খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চমু বাৰ্তালাপৰ অন্তত দুয়োগৰাকী নেতাই একেখন গাড়ীতে বিমানবন্দৰৰ পৰা পোনে পোনে চৰ্দাৰ পেটেল মাৰ্গৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যাত্ৰা কৰে। বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ মাজৰ পথছোৱাত গঢ়ি তোলা হয় অত্যন্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
কিছুসময় পিছতে তেওঁলোকৰ কনভয় প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়। দুয়োগৰাকী নেতাই একেলগে আজি নৈশ আহাৰ গ্ৰহণ কৰিব। এই সময়ছোৱাত দুয়োগৰাকী ৰাষ্ট্ৰনেতাই সাধাৰণ বাৰ্তালাপ কৰিব পাৰে। কাইলৈ ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে বিস্তৃত কাৰ্যসূচীত অংশ ল’ব। তাৰ পিছতে পুনৰ মস্কোলৈ উভতিব ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।
শীৰ্ষ সন্মিলনত আলোচনা হ’বলগীয়া মূল বিষয়সমূহ
২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ লগত সংগতি ৰাখি এই দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে পুটিন। এই সন্মিলনে প্ৰতিৰক্ষা, শক্তি, বাণিজ্য, মহাকাশ, চাইবাৰ সুৰক্ষা, সংযোগ, বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি কেইবাটাও মূল বিষয়ত দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
পুটিনৰ ভ্ৰমণৰ বাবে দিল্লীত চলোৱা হৈছে বিশেষ প্ৰস্তুতি
পুটিনৰ এই ভ্ৰমণৰ বাবে ৰাজধানী দিল্লীত বিশেষ প্ৰস্তুতি চলোৱা হৈছে। ৰাজধানীৰ সৰ্বপ্ৰান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দিল্লীৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ চিত্ৰ অংকিত বেনাৰ, পোষ্টাৰ, হ’ৰ্ডিং স্থাপন কৰা হৈছে। বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ, ভাৰত মণ্ডপমৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।