TV9 ASSAM
দুৰন্ত ফৰ্মৰ পৰিচয় দি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰায়পুৰত দ্বিতীয়খন এদিনীয়াত আন এটা শতক অৰ্জন কৰিছে বিৰাট কোহলীয়ে।
কালি ১০২ ৰানৰ ইনিংছ খেলি শৃংখলাত ক্ৰমাগত দ্বিতীয়টো শতক অৰ্জন কৰিছে। ৰাঁচীত প্ৰথম এদিনীয়াত তেওঁ খেলিছিল ১৩৫ ৰানৰ ইনিংছ।
শৃংখলাত দ্বিতীয় হ’লেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতকৰ হেট্ৰিক কৰিছে কোহলীয়ে। ইয়াৰ পূৰ্বে ২০২৩ৰ বিশ্বকাপত দলটোৰ বিৰুদ্ধে তেওঁ শতক অৰ্জন কৰিছিল।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলীৰ সামগ্ৰিক ৰেকৰ্ডো আকৰ্ষণীয়। কালিৰ শতকসহ দলটোৰ বিৰুদ্ধে এইপৰ্যন্ত তেওঁ ৭টা এদিনীয়া শতক অৰ্জন কৰিছে।
৩ নম্বৰ স্থানত বেটিং কৰি এদিনীয়াত ৪৬টা শতকেৰে বেটিং ক্ৰমৰ এটা স্থানত সৰ্বাধিক শতকৰ অভিলেখ গঢ়িছে কোহলীয়ে। তেওঁ অতিক্ৰম কৰে শচীনক (অপেনিঙত ৪৫টা শতক)।
কোহলীয়ে নিজ কেৰিয়াৰত একাদশ বাৰৰ বাবে এদিনীয়াত একেৰাহে দুটা শতক অৰ্জন কৰিছে। দ্বিতীয় স্থানত থকা ডি ভিলিয়াৰ্ছে ছয়বাৰ এনে সাফল্য লাভ কৰিছিল।
শচীন তেণ্ডুলকাৰৰ আন এক অভিলেখ স্পৰ্শ কৰিছে বিৰাট কোহলীয়ে। কালিৰ শতকসহ কোহলীয়ে ৩৪খন ভিন্ন খেলপথাৰত এদিনীয়া শতক অৰ্জন কৰে।
পঢ়িবলৈ ক্লিক কৰক
মুখৰ এনে সমস্যা হ'ব পাৰে ফেটি লিভাৰৰ লক্ষণ