4 Dec 2025
TV9 ASSAM
আমি সকলোৱে বিচাৰো অগাধ ধন–সম্পত্তি অৰ্জন কৰিব। কিন্তু কিমানজনে পাৰে! বহু সময়ত বহু লোকৰ পকেট একেবাৰী খালী হৈ পৰে।
জ্যোতিষ শাস্ত্ৰ মতে মানিবেগত মা লক্ষ্মীৰ বহি থকা অৱস্থাৰ ফটো ৰাখিলে শুভ। কিন্তু কিছুমান ভুলে আপোনাক দেউলীয়া কৰিব পাৰে।
বাস্তু শাস্ত্ৰত কোৱা হৈছে, মানিবেগ অতি ব্যক্তিগত বস্তু। ইয়াত ধনৰ লগত সম্পৰ্কিত শক্তি থাকে। তাৰ ভিতৰত কিছু বস্তু ৰাখিলে সেয়া আপোনাৰ আৰ্থিক অৱস্থা আৰু ধনৰ প্ৰৱাহত বাধা সৃষ্টি কৰিব পাৰে।
জ্যোতিষ শাস্ত্ৰত আহত গছৰ পাতত বিশেষ মন্ত্ৰৰে শুদ্ধ কৰি শুভ মুহূৰ্তত মানি বেগত ৰাখিব পাৰিলেও জীৱনত অৰ্থৰ অভাৱ দূৰ হ’ব।
ৰঙা ৰঙৰ কাগজত নিজৰ ইচ্ছাৰ কথা লিখি ৰঙা সূতাৰে বান্ধি মানি বেগত ৰাখিলেও কেতিয়াও ধনৰ অভাৱ নহয়।
মানি বেগত কেইটামান চাউল ৰাখিলেও খৰচ কম হ’ব। পিতৃ–মাতৃ বা গুৰুজনাৰ পৰা পুৰস্কাৰ হিচাপে পোৱা কোনো টকা মানি বেগত ৰাখিব পাৰে। কড়িও ৰাখিব পাৰে মানি বেগত।
ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।
পঢ়িবলৈ ক্লিক কৰক