অপাৰেচন সেন্দূৰৰ পৰা ক্ৰীড়া জগতলৈ…প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত ভাৰতৰ সফলতাৰ আখ্যান…

"মন কী বাত"ৰ ১২৯ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনক ভাৰতৰ বাবে গৌৰৱৰ বছৰ বুলি অভিহিত কৰিছিল। সংযুক্ত ভাৰতৰ বলিষ্ঠ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি ২০২৬ চনৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে।

অপাৰেচন সেন্দূৰৰ পৰা ক্ৰীড়া জগতলৈ...প্ৰধানমন্ত্ৰীৰ মন কী বাতত ভাৰতৰ সফলতাৰ আখ্যান...

প্ৰধানমন্ত্ৰীৰ ১২৯ সংখ্যক "মন কী বাত" অনুষ্ঠান

Published: 

28 Dec 2025 12:18 PM

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” অনুষ্ঠানৰ ১২৯ সংখ্যক খণ্ডৰ প্ৰচাৰ হয়। এইটো ২০২৫ চনৰ শেষ খণ্ড। সেয়েহে তেওঁ ২০২৬ চনৰ প্ৰত্যাহ্বান, সম্ভাৱনা, আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰে। ২০২৫ চনৰ কৃতিত্বৰ বিষয়েও কয়।২০২৫ চন ভাৰতৰ বাবে গৌৰৱময় মাইলৰ খুঁটিৰ বছৰ বুলিও উল্লেখ কৰে মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২০২৫ চনে আমাক এনে বহু মুহূৰ্ত দিলে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱ কৰিছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ পৰা আৰম্ভ কৰি ক্ৰীড়াক্ষেত্ৰলৈকে, বিজ্ঞান পৰীক্ষাগাৰৰ পৰা আৰম্ভ কৰি বিশ্বৰ প্ৰধান মঞ্চলৈকে ভাৰতে সকলোতে শক্তিশালী চিনাকি দিছে। বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰত ভাৰতে বৃহৎ সফলতা লাভ কৰিছে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল শুভাংশু শুক্লা।”

তেওঁ আৰু কয়, “২০২৬ চনটো পাছত ওচৰ চাপি আহিছে, আৰু আজি আপোনালোকৰ সৈতে কথা পাতি থাকোঁতে মোৰ মনত গোটেই বছৰৰ স্মৃতি ঘূৰি ফুৰিছে। অসংখ্য ফটো, অসংখ্য আলোচনা, আৰু অসংখ্য কৃতিত্বই জাতিটোক একত্ৰিত কৰিছে।” প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, এই বছৰ ‘অপাৰেচন সিন্দূৰ’ প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক হৈ পৰিল। বিশ্বই স্পষ্টকৈ দেখিছিল যে আজিৰ ভাৰতে নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নকৰে।

সংস্কৃতি আৰু ঐতিহ্য সকলো একেলগে দেখুওৱা হৈছে – প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, ২০২৫ চনত আস্থা, সংস্কৃতি, আৰু ভাৰতৰ অনন্য ঐতিহ্য সকলো একত্ৰিত হৈছিল। বছৰৰ আৰম্ভণিতে প্ৰয়াগৰাজ মহাকুম্ভৰ আয়োজনে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছিল। বছৰৰ শেষৰ ফালে অযোধ্যাৰ ৰাম মন্দিৰৰ ধ্বজাৰোহণ অনুষ্ঠানে প্ৰতিজন ভাৰতীয়ৰ মন গৌৰৱেৰে ভৰি পৰিল। ভাৰতৰ যুৱক-যুৱতীসকলৰ সদায় নতুন কিবা এটা কৰিব বিচাৰে, ইয়াৰ প্ৰতি তেওঁলোক সমানেই সচেতন।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, চলিত মাহত ‘Smart India Hackathon 2025’ৰ সামৰণি পৰে। এই Hackathon ৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ৮০টাতকৈও অধিক চৰকাৰী বিভাগৰ ২৭০টাতকৈও অধিক সমস্যাৰ ওপৰত কাম কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলে এনে সমাধান আগবঢ়াইছিল যিবোৰ বাস্তৱ জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে জড়িত আছিল।

তেওঁ আৰু কয়, “Geetanjali IISc… এতিয়া কেৱল শ্ৰেণীকোঠা নহয়, ই কেম্পাছৰ সাংস্কৃতিক কেন্দ্ৰ। ইয়াত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, লোক পৰম্পৰা, শাস্ত্ৰীয় ধাৰা, আৰু ছাত্ৰ-ছাত্ৰীসকলে একেলগে অনুশীলন কৰে। অধ্যাপকসকলে একেলগে বহি থাকে, তেওঁলোকৰ পৰিয়ালেও যোগদান কৰে।”

ক্ৰীড়াৰ বাবে ২০২৫ চন স্মৰণীয় হ’ব – মোদী

পুৰুষৰ ক্ৰিকেট দলে আইচিচি চেম্পিয়নছ ট্ৰফী লাভ, মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়,  Women’s Blind T20 World Cup জয় কৰি ভাৰতৰ কন্যাই ইতিহাস ৰচনা কৰে, এছিয়া কাপ টি-২০ত গৌৰৱেৰে উত্তোলন কৰা হয় ত্ৰিৰংগা, বিশ্ব চেম্পিয়নশ্বিপত পেৰা-এথলীটে একাধিক পদক লাভ কৰে

নিজৰ ভাষা আয়ত্ত কৰিব লাগিব – মোদী

ডুবাইত বাস কৰা কানাড়া পৰিয়ালবোৰে নিজকে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল যে, আমাৰ ল’ৰা-ছোৱালীয়ে  Tech-Worldত আগবাঢ়িছে। কিন্তু তেওঁলোকে নিজৰ ভাষাৰ পৰা আঁতৰি গৈছে। তাৰ পিছতে জন্ম হৈছিল ‘কানাড়া পাঠশালা’… শিশুসকলক কানাড়া পঢ়িবলৈ, শিকিবলৈ, লিখিবলৈ, আৰু ক’বলৈ শিকোৱা এক পদক্ষেপ।

পেট ফুলাৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? খাদ্য খোৱাৰ আগত আৰু পাছত এই ৫ টা নিময় মানি চলক
সুস্বাস্থ্যৰ বাবে খাদ্য ৰন্ধনত কেনেকুৱা পাত্ৰ ব্যৱহাৰ কৰিব লাগে? জানক
শীতকালত খালী পেটত চাহ খোৱাটো উচিত নে অনুচিত?
সেউজীয়া মটৰত কি ভিটামিন বেছিকৈ থাকে? ছালৰ উজ্বলতাৰ বাবে কৰে কাম!
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...