ট্ৰিনিদাদ এণ্ড ট’বাগোত উপস্থিত নৰেন্দ্ৰ মোদী, ভাৰতীয় সাজ পিন্ধি আদৰণি জনালে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় ট্ৰিনিদাদ এণ্ড ট’বাগোত।প্ৰধানমন্ত্ৰী হিচাপে এই কেৰিবিয়ান দেশলৈ মোদীৰ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। ইয়াৰোপৰি ১৯৯৯ চনৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে দেশখন ভ্ৰমণ কৰিছে।

ট্ৰিনিদাদ এণ্ড ট’বাগোত উপস্থিত নৰেন্দ্ৰ মোদী, ভাৰতীয় সাজ পিন্ধি আদৰণি জনালে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে...

নৰেন্দ্ৰ মোদী

Updated On: 

04 Jul 2025 09:23 AM

ঘানা ভ্ৰমণৰ পাছত বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় ট্ৰিনিদাদ এণ্ড ট’বাগোত। প’ৰ্ট অৱ স্পেইনৰ পিয়াৰ্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত মোদীক আদৰণি জনায় প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিছেছাৰকে ধৰি ৩৮ গৰাকী মন্ত্ৰী আৰু ৪ জন সাংসদে। বিশেষ কথা এয়াই যে, ট্ৰিনিদাদ এণ্ড ট’বাগোৰ প্ৰধানমন্ত্ৰীক এই সময়ত ভাৰতীয় সাজ-পোছাকত দেখা যায়।

প্ৰধানমন্ত্ৰী হিচাপে এই কেৰিবিয়ান দেশলৈ মোদীৰ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। ইয়াৰোপৰি ১৯৯৯ চনৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে দেশখন ভ্ৰমণ কৰিছে। মোদীক আদৰাৰ সময়ত বিমান বন্দৰত দেখা যায় ভাৰতীয় সংস্কৃতিৰ আভাস। দেশখনত থকা ভাৰতীয়মূলৰ লোকে মোদীক ত্ৰিৰংগা লৈ আদৰে।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব। ৩-৪ জুলাইৰ দুদিনীয়া এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কাৰ্লা কংগালু আৰু প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিচেছৰৰ সৈতে বৈঠকত মিলিত হৈ দুয়োখন দেশৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ চেষ্টা কৰিব।

প’ৰ্ট অৱ স্পেইনৰ উচ্চায়ুক্তই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে ‘ট্ৰিনিদাদ এণ্ড ট’বাগোলৈ আপোনাক স্বাগতম। ইয়াৰ পূৰ্বে ট্ৰিনিদাদ আৰু ট’বাগোৰ ভাৰতৰ উচ্চায়ুক্ত প্ৰদীপ সিং ৰাজপুৰোহিতে কয় যে দেশখনৰ জনতা আৰু চৰকাৰে ভাৰতৰ সৈতে সহযোগিতাৰ কামনা কৰে।

উচ্চায়ুক্তগৰাকীয়ে লগতে কয় যে, মোদীৰ ভ্ৰমণৰ সময়চোৱাত হ”বলগীয়া আলোচনা ভাৰত-কেৰিকম শীৰ্ষ সন্মিলনৰ বাবে গিয়ানা ভ্ৰমণৰ সময়ত স্থাপন কৰা ভেটিৰ ওপৰত হ’ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰ দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ বাবে গায়ানা ভ্ৰমণ কৰিছিল, য’ত বহু ক্ষেত্ৰৰ ওপৰত আলোচনা কৰা হৈছিল। দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সময়ত স্থাপন কৰা ভেটি এতিয়া আগুৱাই নিয়া হব।আলোচনাৰ মূল ক্ষেত্ৰসমূহৰ ভিতৰত আছে কৃষি, তথ্য প্ৰযুক্তি, স্বাস্থ্য, ঔষধ আৰু নবীকৰণযোগ্য শক্তি আদি।

তেওঁ কয় যে, দেশখনৰ চৰকাৰৰ বহু মন্ত্ৰী ভাৰতীয় মূলৰ যিসকল ভাৰতৰ উন্নয়ন যাত্ৰাৰ সুফল আগুৱাই নিবলৈ ইচ্ছুক। ট্ৰিনিদাদ এণ্ড ট’বাগো কেৰিকম অঞ্চলৰ প্ৰথমখন দেশ যিয়ে ভাৰতৰ আগশাৰীৰ ইউ পি আই প্লেটফৰ্ম গ্ৰহণ কৰিছে আৰু ইয়াৰ ৰূপায়ণ প্ৰক্ৰিয়া চলি আছে। ডিজিটেল বিত্তীয়, নবীকৰণযোগ্য শক্তি, স্বাস্থ্য আৰু তথ্য-প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হ’ব।

উল্লেখ্য যে, ৫ খন দেশৰ ভ্ৰমণত বৰ্তমান ব্যস্ত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঘানা ভ্ৰমণৰ পাছতে তেওঁ এইখন দেশত উপস্থিত হৈছে। তাৰ পাছত তেওঁ আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব। উল্লেখ্য যে, অহা ৬ আৰু ৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ সংসদত গৃহীত ‘ৱান বিগ বিউটিফুল বিল’, বৃদ্ধি পোৱাৰ দিশে ট্ৰাম্প-ইলনৰ সংঘাত…

নিশা শোৱাৰ পূৰ্বে মোবাইল চাই নেকি? আপোনাৰ শৰীৰত এই অভ্যাসৰ কেনে প্ৰভাৱ পৰে চাওক...
আপোনাৰ চুলি পকিছে নেকি? এই সমস্যা ৰোধ কৰাৰ ঘৰুৱা উপায় জানক...
জীৱনত এই কেইটা ভুল কেতিয়াও নকৰিব, নহ’লে জীৱন সৰ্বনাশ!
বৃদ্ধি কৰিব শৰীৰৰ শক্তি, তালিকাত ৰাখক এইসমূহ খাদ্য