পুটিনৰ ভাৰত ভ্ৰমণৰ ৬ দিনৰ পাছতে মোদী-ট্ৰাম্পৰ টেলিফোনিক সংযোগ…

দুয়োগৰাকী নেতাই উল্লেখ কৰে যে, ভাৰত-আমেৰিকাৰ সম্পৰ্ক প্ৰতিটো ক্ষেত্ৰতে সুদৃঢ় হৈ আহিছে। মোদী আৰু ট্ৰাম্পে বিশেষভাৱে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

পুটিনৰ ভাৰত ভ্ৰমণৰ ৬ দিনৰ পাছতে মোদী-ট্ৰাম্পৰ টেলিফোনিক সংযোগ...
Updated On: 

11 Dec 2025 | 09:53 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই উল্লেখ কৰে যে, ভাৰত-আমেৰিকাৰ সম্পৰ্ক প্ৰতিটো ক্ষেত্ৰতে সুদৃঢ় হৈ আহিছে। মোদী আৰু ট্ৰাম্পে বিশেষভাৱে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

নতুন প্ৰযুক্তি, শক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দৰে মূল ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰে। এই প্ৰচেষ্টাসমূহ ভাৰত-আমেৰিকা কম্পেক্ট চুক্তিক শক্তিশালী কৰাৰ বাবে, একবিংশ শতিকাত দুয়োখন দেশৰ অংশীদাৰিত্বৰ অবিৰত বৃদ্ধি নিশ্চিত কৰাৰ বাবে কৰা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণৰ মাত্ৰ ছয় দিনৰ পিছতে দুয়োগৰাকী নেতাই ফোনযোগে বাৰ্তালাপ কৰে।

তেওঁলোকৰ আলোচনাৰ অন্তত এক্সত এই খবৰটো শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে মোৰ ফোনযোগে বাৰ্তালাপ হৈছিল। আমি ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ আৰু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিলোঁ। ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰি যাব।”

বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই কেইবাটাও বিশ্বব্যাপী আৰু আঞ্চলিক বিষয়ত মতামত ভাগ-বতৰা কৰে। দুয়োখন দেশে উমৈহতীয়া প্ৰত্যাহ্বানসমূহৰ মোকাবিলা আৰু ইজনে সিজনৰ স্বাৰ্থ আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিব বুলি সহমত প্ৰকাশ কৰে। নিয়মীয়াকৈ যোগাযোগ থাকিব বুলি মোদী আৰু ট্ৰাম্পে জানিবলৈ দিয়ে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনৰ গাড়ীৰ এখন ফটো আমেৰিকাৰ সংসদত আলোচনাৰ বিষয় হৈ পৰিছিল। ছবিখনলৈ আঙুলিয়াই ডেম’ক্ৰেটিক কংগ্ৰেছী কমলাগৰ-ড’ভে কয়, “এই পোষ্টাৰখন হাজাৰ শব্দৰ সমতুল্য।”

ইয়াৰ পিছতে ভাৰতৰ প্ৰতি ট্ৰাম্প প্ৰশাসনৰ বৈদেশিক নীতিক তীব্ৰ সমালোচনা কৰে। কমলাগৰে কয় যে ভাৰত আমেৰিকাৰ শক্তিশালী মিত্ৰ দেশ আছিল যদিও ট্ৰাম্পৰ শুল্ক নীতিয়ে ভাৰতক মস্কোৰ ওচৰলৈ লৈ গ’ল। শেহতীয়াকৈ পুটিনৰ ভ্ৰমণ ইয়াৰ এক উদাহৰণ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...