কন্যা আৰু স্বামীক এৰি ভতিজাকৰ সৈতে পলাই গ’ল মহিলা, ভাইৰেল ভিডিঅ’…
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে কিছুমান আজৱ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ এক প্ৰেম কাহিনী পোহৰলৈ আহিছে। জানিব পৰা মতে, এগৰাকী মহিলা তেওঁৰ ভতিজাকৰ সৈতে পলাই যায়।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে কিছুমান আজৱ খবৰ পোহৰলৈ আহে। কিছুদিনৰ পৰা সামাজিক মাধ্যমত এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাত এজন যুৱকৰ সৈতে একেলগে দেখা গৈছে। অভিযোগ অনুসৰি, এই মহিলাগৰাকী যুৱকজনৰ খুড়ীয়েক। জানিব পৰা মতে, এইগৰাকী মহিলাই নিজৰ স্বামীক বিশ্বাসঘাটকতা কৰি যুৱকজনৰ সৈতে পলাই যায়। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ জামুইত।
জানিব পৰা মতে, পলাই যোৱাৰ কেইদিনমান পাছত দুয়ো গাঁৱলৈ উভতি আহে আৰু স্বামীয়ে দুয়োৰে বিবাহ কৰাই দিয়ে। বিয়াৰ পাছত তেওঁলোকৰ সন্তান স্বামীৰ লগত থাকে আৰু মহিলাগৰাকী ভতিজাকৰ সৈতে হায়দৰাবাদলৈ গুচি যায়। ইয়াৰ মাজতে দুয়োৰে কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে। যাৰ বাবে দুয়ো এতিয়া বিশেষ চৰ্চাত আছে।
পাটনাৰ আয়ুষী (২৪) ২০২১ চনত জামুইৰ চিকাৰিয়া গাঁৱৰ বিশাল কুমাৰ ডুবেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰথম অৱস্থাত দিনবোৰ ঠিকেই পাৰ হৈ আছিল যদিও লাহে লাহে তেওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল। মহিলাগৰাকীয়ে লাহে লাহে ভতিজাকৰ প্ৰতি আকৰ্ষিত হয় আৰু দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ে। এই ঘনিষ্ঠতা লাহে লাহে প্ৰেমলৈ ৰূপান্তৰ হয়। বিশালে দুয়োৰে কথা গম পোৱাৰ পাছতে পত্নীক বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁ কোনো কথা শুনা নাছিল। দুয়োৰে এগৰাকী কন্যাও আছিল। কিন্তু ইয়াৰ পাছতো মহিলাগৰাকীয়ে বিশালক এৰি শচীনৰ সৈতে জীৱন কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
দিনক দিনে মহিলাগৰাকী আৰু বিশালৰ মাজত কাজিয়া বৃদ্ধি পাবলৈ দৰে। পাছত বিশালে আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে। কিন্তু ইয়াৰ মাজতে মহিলা আৰু ভতিজাক নিৰুদ্দেশ হয়। ৫ দিন পাছত দুয়ো উভতি আহে আৰু বিশালৰ আগতে গাঁৱৰ মন্দিৰত বিয়া হয়। বিশালেও নিজৰ পত্নীৰ দায়িত্ব শচীনৰ হাতত অৰ্পন কৰে। কেৱল তেওঁ কয় যে, আয়ুষীয়ে যাৰ লগত ইচ্ছা থাকিব পাৰে, কিন্তু সন্তান মোৰ লগত থাকিব। তাৰ পাছতে মহিলাগৰাকী শচীনৰ সৈতে হায়দৰাবাদলৈ গুচি যায়। এইফালে বিশালে চাহৰ দোকান দি নিজ কন্যাৰ লালন পালন কৰি আছে।
ইয়াৰ পাছতে দুয়োৰে ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত দুই ভতিজাক-খুড়ীয়েকক ৰোমাঞ্চ কৰা দেখা গৈছে। দুয়োকে বিভিন্নজনে সমালোচনা কৰিছে যদিও দুয়ো এতিয়া প্ৰেমত ব্যস্ত।
অন্য খবৰ পঢ়কঃ মোদীৰ ব্ৰাজিল ভ্ৰমণৰ পৰা ইলন মাস্কৰ নতুন দল গঠনলৈ, আজিৰ দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…