ইংৰাজী নৱবৰ্ষ উদযাপনৰ সময়তে ভাৰত-পাক সীমান্তত উৰিল পাকিস্তানী ড্ৰ’ন, সষ্টম ভাৰতীয় সেনা

নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চৰ কৰ্মদা খাদ অঞ্চলত ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰে পাকিস্তানী ড্ৰ’নে। পাঁচ মিনিটতকৈ অধিক সময় ভাৰতৰ ভূখণ্ডৰ ভিতৰতে থাকিল ড্ৰ’নখন। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে অঞ্চলটোত বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। ড্ৰ’নখনৰ উৰণৰ ট্ৰেকত তদন্ত অব্যাহত ৰাখিছে সংস্থাসমূহে।

ইংৰাজী নৱবৰ্ষ উদযাপনৰ সময়তে ভাৰত-পাক সীমান্তত উৰিল পাকিস্তানী ড্ৰন, সষ্টম ভাৰতীয় সেনা

সাংকেতিক ছবি

Published: 

01 Jan 2026 14:47 PM

সমগ্ৰ বিশ্বই নৱবৰ্ষ উদযাপন কৰাৰ সময়তে পাকিস্তানে নিজৰ কুৎসিত কাৰ্যকলাপ অব্যাহত ৰাখিছে। নৱবৰ্ষৰ দিনা জম্মু-কাশ্মীৰৰ পুঞ্চত দেখা গ’ল পাকিস্তানী ড্ৰ’ন। সেনা ইতিমধ্যে তৎপৰ হৈছে আৰু ড্ৰ’নৰ স্থান নিৰ্ণয়ৰ বাবে অনুসন্ধান অভিযান আৰম্ভ কৰিছে।

নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চৰ কৰ্মদা খাদ অঞ্চলত ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰে পাকিস্তানী ড্ৰ’নে। পাঁচ মিনিটতকৈ অধিক সময় ভাৰতৰ ভূখণ্ডৰ ভিতৰতে থাকিল ড্ৰ’নখন। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে অঞ্চলটোত বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। ড্ৰ’নখনৰ উৰণৰ ট্ৰেকত তদন্ত অব্যাহত ৰাখিছে সংস্থাসমূহে।

শেহতীয়াকৈ জম্মু-কাশ্মীৰ প্ৰশাসনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু অশান্তিৰ উচটনি দিয়াৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কিছু অংশত ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক (ভিপিএন) ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। নিষেধাজ্ঞাৰ পিছত দ্বিতীয়বাৰৰ বাবে এল অ’ চিৰ সমীপত ড্ৰ’নৰ কাৰ্যকলাপ দেখা গৈছে।

ড্ৰোনেৰে ডেলিভাৰী কৰা সামগ্ৰী জব্দ

ড্ৰ’নৰ কাৰ্যকলাপ ধৰা পৰাৰ লগে লগে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীৰ সজাগতাৰ বাবেই ড্ৰোনেৰে ডেলিভাৰী কৰা চালান জব্দ কৰা হয়। প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে চালানটোত গোলাবাৰুদ, এটা আই ই ডি, আৰু নিচাযুক্ত দ্ৰব্য আছিল। নিৰাপত্তা সংস্থাসমূহে বিষয়টোৰ ওপৰত এক সম্যক তদন্ত চলাইছে আৰু এই ঘটনাৰ আঁৰত কোনবোৰ সন্ত্ৰাসবাদী নেটৱৰ্ক আছে নেকি সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা চলাইছে। বৰ্তমান অঞ্চলটোত তালাচী আৰু চোৰাংচোৱাগিৰিৰ অভিযান অব্যাহত আছে।

ছাম্বাতো দেখা গ’ল ড্ৰ’ন

ভাৰত-পাকিস্তান সীমান্তৰ সমীপত যোৱা ২৪ ঘন্টাত দ্বিতীয়বাৰৰ বাবে ড্ৰ’ন দেখা গৈছে। এই সন্দেহযুক্ত ড্ৰোন ছাম্বা জিলাৰ ফুলপুৰ অঞ্চলত দেখা গৈছিল। সেই সময়ত ড্ৰ’নখন কিছু সময়ৰ বাবে ভাৰতীয় ভূখণ্ডৰ ভিতৰত আছিল যদিও কিছু সময়ৰ পিছতে ঘূৰি গৈছিল। তদন্তৰ সময়ত একো পোৱা নগ’ল।

২০২৫ চনৰ মে’ মাহত অপাৰেচন সেন্দূৰৰ পিছত পাকিস্তানৰ ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ ঘটনাই দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰে। সেই সময়ত পাকিস্তানে ভাৰতৰ সীমান্তৰ ওচৰলৈ কেইবাখনো ড্ৰোন প্ৰেৰণ কৰিছিল। অৱশ্যে ভাৰতীয় সেনাই আটাইকেইটাকে গুলীয়াই ভূপতিত কৰে। এইবাৰ সেনাই ড্ৰ’নৰ কাৰ্যকলাপ লক্ষ্য কৰি লগে লগে অনুসন্ধান অভিযান আৰম্ভ কৰে।

বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?