বিগত ৫ দিন ধৰি LOC ত পাকিস্তানী সেনাৰ অবিৰত গুলীচালনা…

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে পুনৰ LOC ত গুলীচালনা কৰে পাকিস্তানী সেনাই। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত পঞ্চম দিনাও পাকিস্তানী সেনাই অবিৰতভাৱে গুলীচালনা কৰে।

বিগত ৫ দিন ধৰি LOC ত পাকিস্তানী সেনাৰ অবিৰত গুলীচালনা...

ভাৰতীয় সেনা

Published: 

29 Apr 2025 | 10:58 AM

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে ২৮-২৯ এপ্ৰিলৰ নিশা পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখা (LOC)ৰ ওপৰেৰে অপ্ৰৰোচিতভাৱে গুলীচালনা কৰে। এই সময়চোৱাত পাকিস্তানী সেনাই কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ লগতে আখনূৰ খণ্ডকো লক্ষ্য কৰি লয়। পাকিস্তানী সেনাই অবিৰতভাৱে গুলীচালনা কৰি থকাৰ এয়া পঞ্চম দিন। সূত্ৰ অনুসৰি জানিব পৰা মতে, ইয়াৰ বাবে পাকিস্তানে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানী সেনাই কাশ্মীৰ উপত্যকাৰ কুপৱাৰা, বাৰামুল্লা আৰু জম্মুৰ পুঞ্চ, ৰাজৌৰী আৰু আখনূৰ ছেক্টৰত ধাৰাবাহিকভাৱে সীমা ৰেখা উলংঘা কৰি গুলীচালনা কৰি আছে। অৱশ্যে ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিয়া বুলি জানিব পৰা গৈছে। ভাৰতীয় সেনাৰ বিষয়াই কয় যে,  ২৮-২৯ এপ্ৰিলৰ নিশা পাকিস্তানী সেনাই কুপাবাৰা আৰু বাৰামূলা জিলাৰ লগতে আখনূৰ চেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ ইপাৰে অপ্ৰোৰোচিভাৱে গুলীচালনা কৰে। ভাৰতীয় সেনাইও ইয়াৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়ে।

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজন আহত হৈছিল। ইয়াৰ পাছতে পাকিস্তানী সেনাই এল অ’ চিত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় সেনাই ২৬-২৭ নিশা পাকিস্তানে কৰা গুলীচালনাতো ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিছিল। এই গুলীচালনাত পাকিস্তানী সেনাই টুটমাৰী গলী আৰু ৰামপুৰ চেক্টৰক লক্ষ্য কৰি লৈছিল।

ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰি গৈছে। আক্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে। পাকিস্তানী সেনাই এল অ’ চিৰ কাষত গুলীচালনা কৰাৰ কিছু সময় পাছতেই এই বৈঠক হৈছিল। পৰৱৰ্তী সময়ত ভাৰতে পাকিস্তানক প্ৰত্যুত্তৰ জনাই ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰখাৰ লগতে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ভাৰতে কেৱল নহয়, পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে বহু সিদ্ধান্ত গ্ৰহণ কৰে।

মুঠতে পহলগাম আক্ৰমণৰ পাছতে ভাৰত- পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে। ভাৰতে কৈছে যে যিকোনো পধ্যেই সন্ত্ৰাসবাদীসকলক বিচাৰি বিচাৰি শাস্তি প্ৰদান কৰা হব। বিহাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে সন্ত্ৰাসবাদী আৰু এনে কাৰ্যক সমৰ্থন কৰা সকলক বিচাৰি বিচাৰি শাস্তি প্ৰদান কৰা হব। ইমানেই নহয়, কল্পনা কৰাতকৈ অধিক শাস্তি দিয়া হব।

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তানক সকীয়নি! আৰৱ সাগৰৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ভাৰতীয় নৌ সেনাই দিলে বিশেষ ইংগিত…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...