ভাৰতৰ আকাশমাৰ্গত পাকিস্তানী বিমানৰ প্ৰৱেশত নিষেধাজ্ঞা, মোদী চৰকাৰৰ আন এক ডাঙৰ পদক্ষেপ
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত উঠিছে। পাকিস্তানৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ কঠোৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এইবাৰ পাকিস্তানৰ পৰা অহা সকলো বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰিলে ভাৰত চৰকাৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফ
পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা নিৰ্মম আক্ৰমণক লৈ দেশবাসীৰ মনত আজিও জ্বলি আছে ক্ষোভৰ জুই। এই সন্দৰ্ভত পাকিস্তানৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ইফালে বুধবাৰে ভাৰত চৰকাৰে পাকিস্তানী বিমান সংস্থাক ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে NOTAM (Notice to Airmen) জাৰি কৰিছে। এই আদেশ বৃহস্পতিবাৰৰ নিশা ১২ বজাৰ পৰা কাৰ্যকৰী কৰা হৈছে। ইয়াৰ পূৰ্বে পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল। ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়া পোনপটীয়া বিমান সেৱা নাই। পাকিস্তানী বিমান সংস্থাসমূহে ছিংগাপুৰ, মালয়েছিয়া আৰু পূব এছিয়াৰ অন্যান্য দেশলৈ বিমান সেৱাৰ বাবে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰে।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানী বিমান সংস্থাক আকাশমাৰ্গ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰতে। সন্ত্রাসবাদী আক্রমণৰ পাছত দুয়োখন দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা৷ উল্লেখ্য যে, পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ দিনা চৌদি আৰৱৰ পৰা ভাৰতলৈ অহাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা নাছিল। কিন্তু তেওঁ পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰেই চৌদি আৰব ভ্ৰমণলৈ গৈছিল।
এই সন্দৰ্ভত NOTAM (Notice to Airmen) জাৰি কৰিছে ভাৰত চৰকাৰে। যাৰ অধীনত পাকিস্তানী বিমান সংস্থাসমূহক ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। NOTAM হৈছে এক প্ৰকাৰৰ তথ্য ব্যৱস্থা যিটো অতি গোপনীয়। ইয়াৰ জৰিয়তে যিকোনো সংকট বা স্পৰ্শকাতৰ পৰিস্থিতিৰ সময়ত পাইলট আৰু বিমান পৰিচালকৰ মাজত তথ্য বিনিময় কৰা হয়। NOTAM কেৱল চৰকাৰী সংস্থাইহে ব্যৱহাৰ কৰে।
এই অনুসৰি এতিয়াৰ পৰা পাকিস্তানৰ পৰা কোনো বিমান ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। বিগত সপ্তাহত ভাৰতীয় বিমান সংস্থাসমূহক আকাশমাৰ্গ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল পাকিস্তানে। তাৰ পািছতে এয়া ভাৰতৰ প্রতিশোধমূলক কার্য৷ এই নিষেধাজ্ঞাৰ জৰিয়তে পাকিস্তানৰ পঞ্জীয়নভুক্ত বিমান, পাকিস্তানী বিমান সংস্থা বা অপাৰেটৰৰ দ্বাৰা পৰিচালিত বা লিজত লোৱা বিমান, ভাৰতীয় আকাশমাৰ্গত সামৰিক বিমানৰ প্ৰৱেশৰ ওপৰত বাধা আৰোপ কৰা হৈছে।
তীব্ৰ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব পাকিস্তান
ভাৰত চৰকাৰে জাৰি কৰা NOTAM অনুসৰি পাকিস্তানী বিমান সংস্থাৰ ওপৰত ৩০ এপ্ৰিলৰ পৰা ২৩ মে’লৈ ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।ইয়াৰ ফলত পাকিস্তানৰ বাবে এক বৃহৎ অৰ্থনৈতিক জোকাৰণিৰ সৃষ্টি হ’ব পাৰে। ইতিমধ্যে দেশখনে ভাৰতৰ এই কাৰ্যৰ পিছত চীন বা শ্ৰীলংকাৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ব। ইয়াৰ ফলত পাকিস্তানৰ ওপৰত অতিৰিক্ত অৰ্থনৈতিক বোজা পৰিব।