শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Indian Citizenship: আধাৰ -পেন বা ৰেচন কাৰ্ড নহয়, এই নথিখনে প্ৰমাণ কৰিব আপুনি ভাৰতীয় নাগৰিক হয় নে নহয়…

শেহতীয়াকৈ কেইবাজনো বিদেশী নাগৰিক বিশেষকৈ বাংলাদেশী আৰু ৰোহিংগীয়াই ভুৱা আধাৰ কাৰ্ড, ৰেচন কাৰ্ড বা পেন কাৰ্ড দেখুৱাই ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। তাৰ পিছতে লোৱা হৈছে এই সিদ্ধান্ত।

Indian Citizenship: আধাৰ -পেন বা ৰেচন কাৰ্ড নহয়, এই নথিখনে প্ৰমাণ কৰিব আপুনি ভাৰতীয় নাগৰিক হয় নে নহয়…
আধাৰ কাৰ্ড, পেন কাৰ্ড
trishna-kalita
Trishna Kalita | Updated On: 01 May 2025 16:47 PM

অবৈধ নাগৰিক তথা ভুৱা আধাৰ -পেন কাৰ্ডক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।  এতিৰে পৰা আধাৰ কাৰ্ড বা পেন কাৰ্ডক বৈধ পৰিচয় পত্ৰ বুলি গণ্য কৰা নহ’ব। ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ভোটাৰ আইডি কাৰ্ড দেখুৱাব লাগিব সকলোৱে। আন কোনো পৰিচয় পত্ৰ দেখুৱালে এয়া নাগৰিকত্বৰ প্ৰমাণ বুলি গণ্য কৰা নহ’ব। দিল্লী আৰক্ষীয়ে জনোৱা খবৰ অনুসৰি, কেৱল ভোটাৰ আইডি কাৰ্ডহে নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা হ’ব। এতিয়াৰে পৰা সোধা-পোছাৰ সময়ত সন্দেহযুক্ত বিদেশী নাগৰিকে ভোটাৰ কাৰ্ড দেখুৱাব লাগিব। আধাৰ কাৰ্ড, পেন কাৰ্ড বা ৰেচন কাৰ্ডক বৈধ পৰিচয় পত্ৰ হিচাপে গণ্য কৰা নহ’ব।

জানিব পৰা মতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই। শেহতীয়াকৈ কেইবাজনো বিদেশী নাগৰিক বিশেষকৈ বাংলাদেশী আৰু ৰোহিংগীয়াই ভুৱা আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বা পেন কাৰ্ড দেখুৱাই ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। তাৰ পিছতে লোৱা হৈছে এই সিদ্ধান্ত।

দিল্লী আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, “যোৱা অক্টোবৰৰ পৰা আৰম্ভ হোৱা নাগৰিকত্ব পৰীক্ষণ অভিযানত দেখা গৈছে যে বহু অবৈধভাৱে বাস কৰা বিদেশী নাগৰিকে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু পেন কাৰ্ড বনাই ভাৰতীয় নাগৰিকত্ব দাবীৰ বাবে ব্যৱহাৰ কৰি আহিছে।  ৰোহিংগীয়া শৰণাৰ্থীক প্ৰদান কৰা কাৰ্ড বনাইছে তেওঁলোকে। সেয়েহে এতিয়াৰ পৰা কেৱল ভোটাৰ আইডি কাৰ্ড বা পাছপ’ৰ্টহে নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা হ’ব।”

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাজ্যজুৰি সন্দেহজনক লোকৰ চলাচলৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। এই ক্ষেত্ৰত যদি কোনো ব্যক্তিৰ বৈধ পৰিচয় পত্ৰ পোৱা নাযায় তেন্তে তেওঁক ঘূৰাই পঠিওৱা হ’ব। উল্লেখ্য যে, দিল্লীত প্ৰায় ৩৫০০ পাকিস্তানী নাগৰিক বাস কৰে, ইয়াৰে ৫২০ জন মুছলমান। শনিবাৰে আটাৰী সীমান্তৰ মাজেৰে ৪০০ৰো অধিক পাকিস্তানীক উভতাই পঠিওৱা হয়।

ইফালে অসম-বাংলাদেশ সীমান্তৰে নিতৌ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাই আহিছে  বাংলাদেশী নাগৰিকে। বুধবাৰে নিশা আন্তৰ্জাতিক সীমান্তৰ সমীপত শ্ৰীভূমি আৰক্ষীয়ে ফিৰোজ আহমেদ, মইনা ওৰফে ৰোশনী কাশ্যপ আৰু চেলিনা আখতাৰ নামৰ বাংলাদেশী নাগৰিকক আটক কৰি সীমান্তৰ সিপাৰে ওভতাই পঠিওৱা হয়৷ সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া অবৈধ নাগৰিকৰ প্ৰৱেশত বাধা দিয়াত কেন্দ্ৰৰ এই পদক্ষেপে কিমান সফল হ’ব সেয়া পিছৰ পৰ্যায়তহে দেখা যাব।