শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এয়া মাথোঁ ট্ৰেইলাৰহে, ভাৰতীয় সেনাৰ প্ৰকৃত শক্তি এতিয়াও দেখিবলৈ বাকী পাকিস্তানৰ

Operation Sindoor: ২৪ ঘন্টাৰ পূৰ্বে খবৰ আহিছিল যে আগন্তুক বাজেট অধিবেশনত পাকিস্তানে প্ৰতিৰক্ষা বাজেট ১৮ শতাংশ বৃদ্ধি কৰিব । ইয়াৰ পাছতো ভাৰতৰ প্ৰতিৰক্ষা বাজেট পাকিস্তানৰ বাজেটতকৈ বহু বেছি হ’ব । প্ৰতি বছৰে ভাৰতে প্ৰতিৰক্ষাৰ বাবে কিমান টকা খৰচ কৰে আৰু পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ চৰ্ত কি ?

এয়া মাথোঁ ট্ৰেইলাৰহে, ভাৰতীয় সেনাৰ প্ৰকৃত শক্তি এতিয়াও দেখিবলৈ বাকী পাকিস্তানৰ
অপাৰেশ্যন সেন্দূৰImage Credit source: AP
raj-saikia
Raj Saikia | Published: 07 May 2025 16:14 PM

ভাৰতৰ অপাৰেচন সেন্দূৰে স্তম্ভিত কৰি তুলিছে পাকিস্তানক । পাকিস্তানৰ ৯টা স্থানক লক্ষ্য কৰি লোৱা হৈছে। জয়ছ, লস্কৰৰ দৰে সন্ত্ৰাসবাদী সংগঠনক লক্ষ্য কৰি চলোৱা আক্ৰমণত বহু সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে । কিন্তু, এইটো মাত্ৰ এটা ট্ৰেইলাৰহে । ভাৰতে এতিয়াও পাকিস্তানৰ আগত নিজৰ প্ৰকৃত শক্তি দেখুওৱা নাই । যদি আমি কেৱল প্ৰতিৰক্ষা বাজেটৰ কথা কওঁ, তেন্তে ভাৰতৰ প্ৰতিৰক্ষা বাজেট পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটতকৈ প্ৰায় ৩ গুণ বেছি ।

২৪ ঘন্টাৰ পূৰ্বে খবৰ আহিছিল যে আগন্তুক বাজেট অধিবেশনত পাকিস্তানে প্ৰতিৰক্ষা বাজেট ১৮ শতাংশ বৃদ্ধি কৰিব । ইয়াৰ পাছতো ভাৰতৰ প্ৰতিৰক্ষা বাজেট পাকিস্তানৰ বাজেটতকৈ বহু বেছি হ’ব । প্ৰতি বছৰে ভাৰতে প্ৰতিৰক্ষাৰ বাবে কিমান টকা খৰচ কৰে আৰু পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ চৰ্ত কি ?

ভাৰতৰ প্ৰতিৰক্ষা বাজেট কিমান?
প্ৰথম কথা, যদি আমি ভাৰতৰ প্ৰতিৰক্ষা বাজেটৰ কথা কওঁ, তেন্তে ই ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা দেখা গৈছে । ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৬.৮১ লাখ কোটি টকা । যিটো যোৱা বছৰৰ তুলনাত ১০ শতাংশ বেছি । আনহাতে ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ প্ৰতিৰক্ষা বাজেট আছিল ৬,২১,৯৪১ কোটি টকা । তাৰ আগতে অৰ্থাৎ ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশৰ প্ৰতিৰক্ষা বাজেট আছিল ৫,৫৪,৮৭৫ কোটি টকা । আনহাতে, ২০২২-২৩ বিত্তীয় বৰ্ষত দেশৰ প্ৰতিৰক্ষা বাজেট আছিল ৫.২৫ লাখ কোটি টকা । অৰ্থাৎ যোৱা ৪ বছৰত দেশৰ প্ৰতিৰক্ষা বাজেট ৩০ শতাংশ বৃদ্ধি পাইছে । আগন্তুক বছৰবোৰত দেশৰ প্ৰতিৰক্ষা বাজেট আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

ভাৰতৰ প্ৰতিৰক্ষা বাজেটৰ কিছু গুৰুত্বপূৰ্ণ পৰিসংখ্যা

মূলধনী ব্যয়ৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৪.৬৫ শতাংশ বৃদ্ধি কৰা হৈছে । য’ত সামৰিক সঁজুলি ক্ৰয়, আধুনিকীকৰণ আৰু আনুষংগিক বিষয়সমূহ অন্তৰ্ভুক্ত । মূলধনী ব্যয়ৰ বাবে মুঠ বাজেট ১,৮০,০০০ কোটি টকা ।

ৰাজহ ব্যয়ৰ বাবে ৩,১১,৭৩১ কোটি টকা ৰখা হৈছে, যিটো পূৰ্বৰ বাজেটতকৈ ৯.২৯ শতাংশ বেছি । এইখিনি পুঁজি দৰমহা আৰু দৈনন্দিন প্ৰয়োজনৰ বাবে ব্যয় কৰা হ’ব ।

প্ৰতিৰক্ষা বাজেটত অসামৰিক ব্যয়ৰো ব্যৱস্থা কৰা হৈছে । যাৰ বাবে ৰখা হৈছে ২৮,৬৮২ কোটি টকা । যিটো যোৱাবাৰৰ তুলনাত ১০.৪৭ শতাংশ বেছি ।

প্ৰতিৰক্ষা বাজেট মুঠ প্ৰকল্পিত জিডিপিৰ ১.৯১ শতাংশ । যোৱা বাজেটত দিয়া মূলধনী বাজেটৰ ভিতৰত ১৩ হাজাৰ কোটি টকাও ঘূৰাই দিয়া হ’ল ৷

আনহাতে ডি আৰ ডি অ’ৰ বাজেট আবণ্টন যোৱাবাৰৰ তুলনাত প্ৰায় ১২% বৃদ্ধি কৰি ২৬,৮১৬ কোটি টকা হৈছে ।

পাকিস্তানেও বৃদ্ধি কৰিছে প্ৰতিৰক্ষা বাজেট

আনহাতে ভাৰতৰ সমান্তৰালকৈ পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটতো বৃদ্ধি পাইছে । খবৰ অনুসৰি ভাৰতৰ সৈতে হোৱা উত্তেজনাৰ বাবে পাকিস্তানৰ মিত্ৰজোঁটৰ চৰকাৰে পৰৱৰ্তী বাজেটত প্ৰতিৰক্ষা ব্যয় ১৮ শতাংশ বৃদ্ধি কৰি ২.৫ ট্ৰিলিয়ন টকাৰ ওপৰত কৰিবলৈ সমৰ্থন আগবঢ়াইছে । ১ জুলাইৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূর্বে অহা মাহৰ প্রথম সপ্তাহত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰাৰ কথা ৷ যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে ৷ এই আক্ৰমণত ২৬ জন লোক নিহত হয় ।

পাকিস্তান পিপলছ পাৰ্টিৰ মুৰব্বী বিলোৱাল ভুট্টো জৰ্দাৰীৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু তেওঁৰ অৰ্থনৈতিক দলটোক সাক্ষাৎ কৰি বাজেটৰ বিষয়ত আলোচনা কৰে বুলি এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰিছে । পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন) নেতৃত্বাধীন চৰকাৰে নিজৰ মূল মিত্ৰ পিপিপিৰ সৈতে প্ৰায় ১৭.৫ ট্ৰিলিয়ন টকাৰ নতুন বাজেট কাঠামো প্ৰস্তুত কৰি প্ৰতিৰক্ষা ব্যয় ১৮ শতাংশ বৃদ্ধিৰ ওপৰত সন্মতি প্ৰকাশ কৰে । সূত্ৰৰ উদ্ধৃতিৰে কাকতখনে প্ৰকাশ কৰিছে যে ভাৰতৰ সৈতে শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ জোৱাৰৰ বাবে প্ৰতিৰক্ষা বাজেট বৃদ্ধিৰ ক্ষেত্ৰত পিএমএল-এন আৰু পিপিপিৰ ঐক্যমতত উপনীত হৈছে ।

তেওঁলোকে কয় যে বৰ্তমানৰ নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাজেট ১৮ শতাংশ বৃদ্ধি কৰি ২.৫ ট্ৰিলিয়ন টকাৰ ওপৰত কৰা প্ৰস্তাৱক পিপিপিয়ে সমৰ্থন জনাইছে । চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ত চৰকাৰে প্ৰতিৰক্ষা ব্যয়ৰ বাবে ২১২২ বিলিয়ন টকা আবণ্টন দিছিল, যিটো ২০২৩-২৪ চনৰ বিদায়ী বিত্তীয় বৰ্ষৰ বাবে বাজেটত আৱন্টন কৰা ১৮০৪ বিলিয়ন টকাৰ তুলনাত ১৪.৯৮ শতাংশ বৃদ্ধি পাইছে । ঋণ পৰিশোধৰ পিছত প্ৰতিৰক্ষা খণ্ডৰ ব্যয় বাৰ্ষিক ব্যয়ৰ দ্বিতীয় বৃহত্তম উপাদান । চলিত বৰ্ষত ঋণ পৰিশোধৰ বাবে আবণ্টন দিয়া ৯৭০০ বিলিয়ন টকা দেশৰ সৰ্বাধিক ব্যয় ।