শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সেন্দূৰৰ প্ৰতিদান ভাৰতীয় সেনাৰ: শত্ৰুক নিখুঁত আক্ৰমণ কৰাত পাকৈত অপাৰেশ্যন সেন্দূৰত ব্যৱহাৰ কৰা এই মিছাইলটো

স্কেল্প মিছাইল দীৰ্ঘ দূৰত্বৰ আক্ৰমণৰ বাবে পৰিচিত আৰু শত্ৰুৰ ঘাটিক লক্ষ্য কৰি ধ্বংসলীলা চলাবলৈ সক্ষম । শত্ৰুৰ স্থান লক্ষ্য কৰি লোৱাৰ পদ্ধতিও বেলেগ । স্কেল্প মিছাইল কিমান বেলেগ, ই কেনেকৈ আক্ৰমণ কৰে আৰু ই কিমান দূৰলৈকে ধ্বংসলীলা চলাব পাৰে, সেই বিষয়ে জানো আহক-

সেন্দূৰৰ প্ৰতিদান ভাৰতীয় সেনাৰ:  শত্ৰুক নিখুঁত আক্ৰমণ কৰাত পাকৈত অপাৰেশ্যন সেন্দূৰত ব্যৱহাৰ কৰা এই মিছাইলটো
Operation Sindoor (2)
raj-saikia
Raj Saikia | Published: 07 May 2025 10:10 AM

পহলগাম আক্ৰমণৰ ১৫ দিনৰ পাছত ভাৰতে চলালে প্ৰতিশোধমূলক অভিযান ‘অপাৰেশ্যন সেন্দূৰ’ । যোৱা নিশা ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমানেৰে আক্ৰমণ চলায় । ভাৰতে বিমান আক্ৰমণ সংঘটিত কৰা ৯ টা স্থানৰ পৰাই জৈছ-ই-মহম্মদে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । এই আক্ৰমণত ব্যৱহাৰ কৰা হৈছে স্কেল্প মিছাইল । মঙলবাৰে গভীৰ নিশা ভাৰতীয় বায়ুসেনাই ৰাফেলৰ পৰা স্কেল্প মিছাইল নিক্ষেপ কৰে ।

স্কেল্প মিছাইল দীৰ্ঘ দূৰত্বৰ আক্ৰমণৰ বাবে পৰিচিত আৰু শত্ৰুৰ ঘাটিক লক্ষ্য কৰি ধ্বংসলীলা চলাবলৈ সক্ষম । শত্ৰুৰ স্থান লক্ষ্য কৰি লোৱাৰ পদ্ধতিও বেলেগ । স্কেল্প মিছাইল কিমান বেলেগ, ই কেনেকৈ আক্ৰমণ কৰে আৰু ই কিমান দূৰলৈকে ধ্বংসলীলা চলাব পাৰে, সেই বিষয়ে জানো আহক-

স্কেল্প মিছাইল কিমান শক্তিশালী?
ইউৰোপীয় কোম্পানী এম বি ডি এৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে এই স্কেল্প মিছাইল । এইটো ইউৰোপৰ বহুজাতিক প্ৰতিৰক্ষা কোম্পানী । ৯০ দশকৰ শেষৰ ফালে ব্ৰিটেইনৰ ৰয়েল এয়াৰ ফৰ্চ আৰু ফ্ৰান্সৰ এয়াৰ ফৰ্চৰ বাবে এই মিছাইলটো নিৰ্মাণ কৰা হৈছিল । এই ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যত সঠিকভাৱে আঘাত কৰি ধ্বংসলীলা চলাব পাৰে ।

সঠিক লক্ষ্য নিৰ্ধাৰণৰ বাবে ইয়াত এটা উন্নত গাইডেন্স চিষ্টেম সংযুক্ত কৰা হৈছে, যিয়ে জিপিএছ আৰু উন্নত প্ৰযুক্তিৰ তথ্য ব্যৱহাৰ কৰি ব্যাপক ধ্বংসৰ সৃষ্টি কৰে । দাবী কৰা হয়, ই ইমানেই শক্তিশালী যে বেয়া বতৰেও ইয়াৰ ক্ষমতাত কোনো প্ৰভাৱ পেলাব নোৱাৰে ।

ই কেনেকৈ দীৰ্ঘ দূৰত্বৰ লক্ষ্য অনুসৰণ কৰে ?
স্কেল্প মিছাইলে ৫৬০ কিলোমিটাৰ দূৰত্বলৈকে লক্ষ্য অনুসৰণ কৰিব পাৰে । ইয়াৰ বিশেষত্ব হ’ল ইয়াক বহু বিমানৰ প্লেটফৰ্মৰ পৰা নিক্ষেপ কৰিব পাৰি । ইয়াৰ ভিতৰত আছে ৰাফেল, মিৰাজ ২০০০, ইউৰোফাইটাৰ টাইফুন, টৰ্নেডো জি আৰ ৪ । ভাৰতে ৰাফেল ব্যৱহাৰ কৰি বিমান আক্ৰমণ চলাই স্কেল্প মিছাইল নিক্ষেপ কৰিছে ।

আক্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়াত বাৰ্তা
আক্ৰমণৰ পূৰ্বে ভাৰতীয় সেনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্ট দিছিল । সেনাই নিজৰ পোষ্টত লিখিছে- ”প্ৰহৰয়া সনিহিতাঃ, জয়য়া ট্ৰেইনাহনাঃ’ আৰু Ready to Strike, Trained to Win.। পোষ্টটোৰ অৰ্থ স্পষ্ট আছিল যে পহলগাম আক্ৰমণৰ প্ৰতিশোধ আজি নিজেই লোৱা হ’ব । এই আক্ৰমণৰ পিছত ভাৰত চৰকাৰে সেনাবাহিনীক পূৰ্ণ স্বাধীনতা দিছিল, যাৰ বাবেই এই সন্দৰ্ভত ধাৰাবাহিকভাৱে শীৰ্ষ বিষয়াসকলে বৈঠক অনুষ্ঠিত কৰিছিল ।