পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে চৰ্চাত প্ৰধানমন্ত্ৰী মোদীৰ ২০০১ চনৰ বিশেষ ফটো, কি এই চৰ্চাৰ কাৰণ!

চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইখনমান বিশেষ ফটো। এই ফটোকেইখন এতিয়াৰ নহয়, সুদীৰ্ঘ ২৪ বছৰ পুৰণি, অৰ্থাৎ ২০০১ চনৰ। পিছে পুটিনৰ আজিৰ ভাৰত ভ্ৰমণৰ সৈতে কি সম্পৰ্ক প্ৰধানমন্ত্ৰী মোদীৰ ২০০১ চনৰ এই ফটোকেইখনৰ!

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে চৰ্চাত প্ৰধানমন্ত্ৰী মোদীৰ ২০০১ চনৰ বিশেষ ফটো, কি এই চৰ্চাৰ কাৰণ!

প্ৰধানমন্ত্ৰী মোদীৰ পুৰণি ফটো চৰ্চাত

Updated On: 

04 Dec 2025 17:36 PM

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। এই ভ্ৰমণকালত ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশ ল’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আজি তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত পুটিনৰ এই ভাৰত ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই ভ্ৰমণে ভাৰত-ৰুছ সহযোগিতাক অধিক বিকশিত কৰি তুলিব বুলি আশা কৰা হৈছে। স্বাভাৱিকতেই ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ এই ভ্ৰমণ বিশ্ব ৰাজনীতিতে এতিয়া এক চৰ্চিত বিষয়।

ইয়াৰ সমান্তৰালকৈ এতিয়া চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইখনমান বিশেষ ফটো। এই ফটোকেইখন এতিয়াৰ নহয়, সুদীৰ্ঘ ২৪ বছৰ পুৰণি, অৰ্থাৎ ২০০১ চনৰ। পিছে পুটিনৰ আজিৰ ভাৰত ভ্ৰমণৰ সৈতে কি সম্পৰ্ক প্ৰধানমন্ত্ৰী মোদীৰ ২০০১ চনৰ এই ফটোকেইখনৰ!

সেয়া আছিল ২০০১ চনৰ নৱেম্বৰ মাহৰ কথা। দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত তেতিয়া অটল বিহাৰী বাজপেয়ী। ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ মস্কো ভ্ৰমণ কৰিছিল। বৈঠকত মিলিত হৈছিল ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে। তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সৈতে এই মস্কো ভ্ৰমণৰ দলটোত আছিল নৰেন্দ্ৰ মোদী।

সেই সময়ত নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ সময়তো উপস্থিত আছিল নৰেন্দ্ৰ মোদী। সেয়াই আছিল ভ্লাডিমিৰ পুটিনৰ সৈতে নৰেন্দ্ৰ মোদীৰ প্ৰথম সাক্ষাৎ।

২০১৯ চনত ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ২০০১ চনৰ উক্ত ৰুছ ভ্ৰমণ সোঁৱৰণ কৰিছিল। সেই সময়ত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি পুটিনে কৰা অমায়িক ব্যৱহাৰৰ কথা তেওঁ নিজ চ’ছিয়েল মিডিয়া পোষ্টত উল্লেখ কৰিছিল। ইয়াৰ ফলত বন্ধুত্বৰ দুৱাৰ মুকলি হৈছিল বুলিও উল্লেখ কৰিছিল মোদীয়ে।

 

এই পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে ২০০১ চনৰ ৰাছিয়া ভ্ৰমণৰ কেইখনমান ফটোও সংলগ্ন কৰিছিল। এতিয়া পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত এই ফটোকেইখন পুনৰ চৰ্চালৈ আহিছে। এসময়ত প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি দলৰ সদস্য হিচাপে ৰুছ ভ্ৰমণৰ সময়ত ৰুছ ৰাষ্ট্ৰপতি পুটিনক প্ৰথমবাৰৰ সাক্ষাৎ পোৱা মোদীয়ে এতিয়া প্ৰধানমন্ত্ৰী হিচাপে আদৰণি জনাব ৰুছ ৰাষ্ট্ৰপতিগৰাকীক।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...