পঞ্চভূতত বিলীন নাগাৰা নামৰ মহীৰূহ ৰামচৰণ ভড়ালী
শুকুবাৰে মাজনিশা ১২.২০ বজাত (৭ অক্টোবৰ) নলবাৰীৰ কুমাৰীকটাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। আজি কুমাৰীকাটাতে ৰাজ্যিক মৰ্য্যদাৰে ৰামচৰণ ভড়ালীৰ শেষকৃত্য সম্পন্ন কৰা হয়।
ইহসংসাৰ ত্যাগ কৰিলে বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীয়ে। শুকুবাৰে মাজনিশা ১২.২০ বজাত (৭ অক্টোবৰ) নলবাৰীৰ কুমাৰীকটাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। আজি কুমাৰীকাটাতে ৰাজ্যিক মৰ্য্যদাৰে ৰামচৰণ ভড়ালীৰ শেষকৃত্য সম্পন্ন কৰা হয়।
শেষকৃত্যৰ সময়ত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য, নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে অজস্ৰ গুণমুগ্ধ আৰু বিশিষ্ট ব্যক্তিসকল। সদৌ অসম নাৰাগা নাম সংঘৰ সভাপতি আছিল ভড়ালী। নাগাৰা নামক ৰাইজৰ মাজলৈ লৈ যোৱাত ৰামচৰণ ভৰালীৰ অৱদান অতুলনীয়। নাগাৰ নামৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি জনা যায়।
