পাঠশালাত ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে শোভাযাত্ৰা
পাঠশালাত ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষত বৰ্ণিল শোভাযাত্ৰা । ভগৱান শ্ৰীকৃষ্ণৰ ৰাস লীলা প্ৰদৰ্শন কৰি ৰাজপথত পাঠশালাবাসী দেখুৱালে নিজৰ সংস্কৃতি ।
পাঠশালাত ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষত বৰ্ণিল শোভাযাত্ৰা । ভগৱান শ্ৰীকৃষ্ণৰ ৰাস লীলা প্ৰদৰ্শন কৰি ৰাজপথত পাঠশালাবাসী দেখুৱালে নিজৰ সংস্কৃতি । শোভাযাত্ৰাত ভাগ লয় কন্ঠশিল্পী দীপলীনা ডেকাই আৰু এই সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে মইনবৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰীয়ে l
শোভাযাত্ৰাত পাঠশালাবাসীৰ লগতে কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভগৱান কৃষ্ণৰ লীলা উপস্থাপন কৰি ভাগ লয় । গোপী কৃষ্ণৰ নৃত্য আৰু মানৱ সৃষ্ট দশৱতাৰ উপস্থাপনে এক অনন্য মাত্ৰা প্ৰদান কৰে শোভাযাত্ৰাক ।
