Assam News: নিৰ্মলা সীতাৰমণৰ অসম ভ্ৰমণৰ পৰা বন্দে মাতৰম জয়ন্তীলৈ দিনটোৰ শীৰ্ষ খবৰ
বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। নিৰ্মলা সীতাৰমণৰ অসম ভ্ৰমণৰ পৰা বন্দে মাতৰম জয়ন্তীলৈ পলকতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত প্ৰকল্পটোৰ নিৰ্মাণ আৰু তদাৰকৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় সীতাৰমণ।
পুনৰ ৰাজ্যত চলিব ব্যাপক উচ্ছেদ অভিযান। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ মুঠ ১১৪৩ বিঘা ভূমিত উচ্ছেদ চলাব প্ৰশাসনে। অহা ৯ আৰু ১০ নৱেম্বৰত চলোৱা হ’ব এই উচ্ছেদ অভিযান। ইতিমধ্যেই জাননী জাৰী কৰি সেই স্থানত থকা লোকসকলক আঁতৰি যাবলৈ নিৰ্দেশনা দিছে প্ৰশাসনে।
আজি বিয়লি গুৱাহাটীত আন এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ফাঁচী বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা ফেৰীঘাট উদ্বোধনৰ লগতে উজান বজাৰত সতী ৰাধিকা উদ্যানো উদ্বোধন কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত অসম চৰকাৰৰ কেবাগৰাকীও মন্ত্ৰী-বিধায়ক আৰু বিষয়াসকল উপস্থিত থাকে।
লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ
