ক’ত আছে সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা ১৪ ৰত্নৰ অন্যতম কল্পতৰু? জানি লওক এতিয়াই

শাস্ত্ৰ অনুসৰি, দেৱতা আৰু অসুৰৰ মাজত হোৱা সমুদ্ৰ মন্থনৰ সময়ত যি ১৪টা ৰত্ন সাগৰতলিৰ পৰা ওলাই আহিছিল, এই ৰত্নসমূহৰ ভিতৰত অন্যতম আছিল এই কল্পতৰু গছ। সেয়ে কল্পতৰুক এক ঐশ্বৰিক গছ হিচাপে বাখ্যা কৰা হয়।

ক’ত আছে সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা ১৪ ৰত্নৰ অন্যতম কল্পতৰু? জানি লওক এতিয়াই

কল্পতৰু গছ

Published: 

30 Dec 2025 11:42 AM

ঝাৰখণ্ডৰ ৰাঁচী চহৰৰ ডোৰাণ্ডা অঞ্চলত থকা তিনিজোপা কল্পতৰু গছ সম্প্ৰতি ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে এক গভীৰ আস্থাৰ কেন্দ্ৰ হৈ পৰিছে। পৌৰাণিক বিশ্বাস আৰু বিজ্ঞানসন্মত গুণৰ বাবে এই গছকেইজোপাক অত্যন্ত পবিত্ৰ হিচাপে গণ্য কৰা হয়। শাস্ত্ৰ অনুসৰি, দেৱতা আৰু অসুৰৰ মাজত হোৱা সমুদ্ৰ মন্থনৰ সময়ত যি ১৪টা ৰত্ন সাগৰতলিৰ পৰা ওলাই আহিছিল, এই ৰত্নসমূহৰ ভিতৰত অন্যতম আছিল এই কল্পতৰু গছ। সেয়ে কল্পতৰুক এক ঐশ্বৰিক গছ হিচাপে বাখ্যা কৰা হয়।

কল্পতৰু গছৰ তলত সঁচা অন্তৰেৰে প্ৰাৰ্থনা কৰিলে ইচ্ছা পূৰণ হয় বুলি বিশ্বাস আছে। ৰাঁচীৰ ডোৰাণ্ডা অঞ্চলৰ মূল পথৰ কাষেৰে পাৰ হৈ যোৱা লোকসকলে গছজোপাৰ সন্মুখত ৰৈ নিজৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে। এই গছজোপা বিৰল আৰু ঐশ্বৰিক হোৱাৰ উপৰিও ঔষধি গুণেৰে সমৃদ্ধ বুলিও গণ্য কৰা হয়।

পৌৰাণিক বিশ্বাস

ধৰ্মীয় বিশ্বাস মতে এই কল্পতৰু গছৰ উৎপত্তি অমৃতৰ সৈতেই হৈছিল আৰু দেৱৰাজ ইন্দ্ৰই স্বৰ্গৰ ‘সুৰকানন’ বনত স্থাপন কৰিছিল। জনবিশ্বাস আছে যে কল্পতৰু গছৰ তলত বহি কোনো ব্যক্তিয়ে সঁচা অন্তৰেৰে কিবা প্ৰাৰ্থনা কৰিলে, সেই ইচ্ছা নিশ্চয় পূৰণ হয়। সেইবাবেই ডোৰাণ্ডা অঞ্চলৰ মূল পথৰে পাৰ হৈ যোৱা লোকসকলে গছজোপাৰ ওচৰত প্ৰাৰ্থনা কৰি নিজৰ মংগলৰ বাবে আশীৰ্বাদ বিচাৰে।

২৫০ বছৰৰ ইতিহাস আৰু চৰকাৰী সংৰক্ষণ

ৰাঁচীত থকা এই তিনিজোপা গছ প্ৰায় ২৫০ বছৰতকৈও অধিক পুৰণি বুলি জনা যায়। এই ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্বলৈ লক্ষ্য ৰাখি ঝাৰখণ্ড চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগে গছকেইজোপাক বিশেষভাৱে সংৰক্ষণ কৰিছে। গছজোপাৰ চাৰিওফালে জাননী ফলক লগাই সাধাৰণ লোকসকলক গছকেইজোপাৰ মাহাত্ম্যৰ বিষয়ে অৱগত কৰাৰ ব্যৱস্থা কৰা হৈছে।

বিৰল ঔষধি গুণ

ধৰ্মীয় বিশ্বাসৰ উপৰিও এই গছজোপা ঔষধি গুণেৰে ভৰপূৰ। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে, কল্পতৰুৰ পাত আৰু ছাল ব্যৱহাৰ কৰি বহুতো জটিল ৰোগৰ চিকিৎসা কৰা সম্ভৱ। বৃক্ক আৰু যকৃতৰ সমস্যাত ই অত্যন্ত কাৰ্যকৰী। লগতে হাওঁফাওঁৰ সৈতে জড়িত ৰোগ নিৰাময়ৰ বাবেও ইয়াৰ ঔষধি গুণ ব্যৱহাৰ কৰা হয়। প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ এক বিৰল সমন্বয় হিচাপে এই কল্পতৰু গছজোপাই আজিও মানুহক মোহিত কৰি ৰাখিছে।

শৰীৰত হিম'গ্ল'বিন কমিলে কোনবোৰ লক্ষণ দেখা যায়? জানক...
বিপদ বেছি যুৱক-যুৱতীসকলৰ ! টাইপ ৫ ডায়েবেটিছৰ লক্ষণবোৰ জানক
চুলি সৰা সমস্যা ৰোধ কৰে এইসমূহ খাদ্যই, অধিকাংশই হয়তো আছে আপোনাৰ নিজ ঘৰতে
নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...