ইচ্ছা কৰিলে বহুবিবাহ কৰিব পাৰে, কিন্তু প্ৰতিগৰাকী পত্নীৰ যত্ন সমানে ল’ব লাগিব : এলাহাবাদ ন্যায়ালয়

একৰো অধিক বাৰ বিয়া কৰাব পাৰে । এই ক্ষেত্ৰত নাথাকে কোনো বাধা । কিন্তু সকলোকে আপুনি সমান ব্যৱহাৰ কৰিব লাগিব । এটা গোচৰৰ পৰ্যবেক্ষণ কৰি এই যুক্তি দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে ।

ইচ্ছা কৰিলে বহুবিবাহ কৰিব পাৰে, কিন্তু প্ৰতিগৰাকী পত্নীৰ যত্ন সমানে ল’ব লাগিব : এলাহাবাদ ন্যায়ালয়

প্ৰতীকী ফটো

Published: 

16 May 2025 15:22 PM

আপুনি যদি ইচ্ছা কৰে একৰো অধিক বাৰ বিয়া কৰাব পাৰে । এই ক্ষেত্ৰত নাথাকে কোনো বাধা । কিন্তু সকলোকে আপুনি সমান ব্যৱহাৰ কৰিব লাগিব । এটা গোচৰৰ পৰ্যবেক্ষণ কৰি এই যুক্তি দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে । ন্যায়াধীশৰ যুক্তিত কোৱা হয় যে, যিহেতু কোৰানত বহুবিবাহ সমৰ্থন কৰা হৈছে । গতিকে এই পৰ্যবেক্ষণ ন্যায্য।

২০২০ চনৰ কথা। ফুৰকান নামৰ এজন স্বামীৰ বিৰুদ্ধে তেওঁ পত্নীয়ে ৰুজু কৰিছিল গোচৰ । মহিলাগৰাকীৰ অভিযোগ আছিল যে, তেওঁৰ স্বামীয়ে বিবাহিত বুলি অৱগত নকৰাকৈয়ে তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

সেই অভিযোগৰ ভিত্তিত, গোচৰটো চলিছিল প্ৰথমে নিম্ন আদালতত । নিৰ্দেশ মৰ্মে অভিযুক্ত আৰু আন দুজন আদালতত হাজিৰ হৈছিল। অভিযুক্ত ফুৰকানৰ অধিবক্তাই আদালতত যুক্তি দিয়ে যে, মহিলাগৰাকীয়ে তেওঁৰ ক্লায়েণ্টৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছিল। আৰু সেই কথা মহিলাগৰাকীয়ে নিজেই আদালতত স্বীকাৰ কৰিছিল। আনহাতে মহিলাগৰাকীৰ অধিবক্তাই কয় যে, যিহেতু ফুৰকান ইতিমধ্যে বিয়া হৈ গৈছে, গতিকে এই বিবাহৰ কোনো ভিত্তি নাই।

ইয়াৰ পিছত যেতিয়া মোৰাদাবাদৰ নিম্ন ন্যায়ালয়ত ফুৰকানৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়, তেতিয়া তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে । গোচৰৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ অৰুণ কুমাৰ দেশৱালৰ একক বিচাৰপীঠে।

ন্যায়াধীশে এক প্ৰকাৰে ‘বহুবিবাহ’ৰ সন্দৰ্ভত সেউজ সংকেত দি কয়, “অভিযুক্তই কোনো অপৰাধ কৰা নাই।” তাৰ পিছত ইউনিফৰ্ম চিভিল কোডৰ উদ্ধৃতি দি ন্যায়াধীশগৰাকীয়ে যুক্তি দিয়ে যে, “তেওঁ সৰ্বাধিক চাৰিবাৰ বিয়া হ’ব পাৰে।” আৰু কোৰানে এই বহুবিবাহৰ সপক্ষে যুক্তি দিছে। আনকি তেওঁৰ দ্বিতীয় বিবাহো বৈধ। কাৰণ পত্নীও এগৰাকী মুছলমান মহিলা। অৱশ্যে এই কথা মনত ৰাখিব লাগিব যে, সকলোকে সমান ব্যৱহাৰ কৰিব লাগিব বুলি যুক্তি দিয়ে আদালতে । এই গোচৰৰ পৰৱৰ্তী শুনানি ২৬ মে’ত অনুষ্ঠিত হ’ব। গতিকে আদালতে গোচৰটোত কি ৰায় দিয়ে সেয়া হ’ব লক্ষণীয় ।

টেষ্টৰ পৰা অৱসৰৰ পিছতো ৰোহিত-কোহলীলৈ ধনৰ উজান, লাভ কৰিব বৃহৎ ধনৰাশিৰ পুৰস্কাৰ…
নতুন খেলুৱৈৰ সৈতে IPL ২০২৫ৰ দ্বিতীয়াংশৰ বাবে সাজু কেইবাটাও দল, সুযোগ পালে এইকেইজন খেলুৱৈয়ে….
গৰমৰ দিনত সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চকুৰ যত্ন কেনেকৈ ল'ব ? জানক
কণ বিলাহীত আছে আচৰিত স্বাস্থ্য উপকাৰী গুণ, সবিশেষ জানক