পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Published: 

17 May 2025 08:12 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

  1. অপাৰেচন সেন্দূৰ পাছত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা বাজেট ৫০ হাজাৰ কোটি টকা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । ইয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰস্তাৱ প্ৰস্তুত কৰা বুলি খবৰ প্ৰকাশ পাইছে । সংসদৰ শীতকালীন অধিকৱেশনত উত্থাপন হ’ব পাৰে এই বাজেট প্ৰস্তাৱ ।
  2. পুনৰ অসম চৰকাৰে ঋণ ল’বলৈ সাজু হোৱা বুলি খবৰ প্ৰকাশ পাইছে । অহা ২০ মে’ত ৰাজ্য চৰকাৰে পুনৰ ৭০০ কোটি টকা ঋণ ল’বলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে ।
  3. ত্বৰান্বিত হ’ব উত্তৰ-পূবৰ বিকাশ । এই ক্ষেত্ৰত সহযোগিতা কৰাৰ আশ্বাস দিছে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰ মন্ত্ৰী জ্যোকিৰাদিত্য এম সিন্ধিয়াই । শুকুৰবাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৰুত্বপূৰ্ণ পৰ্যালোচনাৰ বৈঠকত মিলিত হয় সিদ্ধিয়া ।
  4. শুকুৰবাৰে জনগোষ্ঠীয় সংঘাতপূৰ্ণ মণিপুৰৰ কুকি সম্প্ৰদায়ে সিদ্ধান্ত গ্ৰহণ কৰে যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সমাজৰ বিভিন্ন অংশীদাৰৰ সৈতে “ ৰাজনৈতিক আলোচনা” আৰম্ভ নকৰালৈকে কেন্দ্ৰৰ সৈতে আলোচনা নকৰে। মণিপুৰৰ কেইবাজনো কুকি বিধায়কৰ লগতে বিভিন্ন নাগৰিক সমাজ সংগঠন আৰু Suspensions of Operation (SoO) চুক্তিত স্বাক্ষৰ কৰা কুকি উগ্ৰপন্থী সংগঠনৰ প্ৰতিনিধিয়ে শুকুৰবাৰে গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ ৰাজ্যলৈ ক্ৰমান্বয়ে শান্তি ঘূৰি অহাৰ সৈতে তেওঁলোকৰ ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে।
  5. শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত “ৰাষ্ট্ৰ বিৰোধী” কামত লিপ্ত হোৱাৰ অভিযোগত আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা অভিযোগ বা তেওঁলোকে কৰা অপৰাধৰ সবিশেষ উল্লেখ কৰা নাই মুখ্যমন্ত্ৰীয়ে । “ৰাষ্ট্ৰ বিৰোধী” কাৰ্যত লিপ্ত হোৱা অভিযোগত ৰাজ্যত এতিয়ালৈকে ৬৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  6. ‘অপাৰেচন সিন্দুৰ’ৰ সবিশেষ সংবাদ মাধ্যমক অৱগত কৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানজনক মন্তব্য প্ৰকাশ কৰা বিজেপিৰ বিধায়ক তথা মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছে এজাহাৰ দাখিল কৰে। দলটোৰ নাগৰিক আৰু সামাজিক প্ৰচাৰ শাখাই দিছপুৰ থানাত দাখিল কৰে এই এজাহাৰ ।
  7. ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউৰোপীয় নেতাসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয় । আলোচনাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাছিয়াৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যুদ্ধবিৰতি শান্তি অৰ্জনৰ দিশত প্ৰথম পদক্ষেপ। আলোচনাত সামৰিক সাহায্য শক্তিশালী কৰা, ইউক্ৰেইনৰ বিমান প্ৰতিৰক্ষা আৰু প্ৰতিৰক্ষা উৎপাদন ক্ষমতা বৃদ্ধি কৰা, ইউৰোপীয় ইউনিয়নৰ সদস্যপদৰ দিশত ইউক্ৰেইনৰ পথ ত্বৰান্বিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

লগতে পঢ়ক : Horoscope Today : আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

লগতে পঢ়ক : ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

Related Stories
ঘৰত থকা আ-অলংকাৰ লৈ শহুৰৰ সৈতে পলাল তিনি সন্তানৰ মাতৃ, সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা দুৰ্ভগীয়া স্বামীৰ
কংগ্ৰেছ নেতা শশী থাৰুৰক গুৰুত্বপূৰ্ণ দায়িত্ব মোদী চৰকাৰৰঃ আমেৰিকাত উদঙাব পাকিস্তানৰ স্বৰূপ…
এখন গাঁও, প্ৰজন্মৰ পাচত প্ৰজন্ম চুৰি গাঁওবাসীৰ পেশা, চুৰিৰ পূৰ্বে কৰে পূৰ্বপুৰুষৰ পূজা, পৃথকে ৰাখে জামিনৰ টকা
‘ৰাজনৈতিক আলোচনা’ আৰম্ভ নোহোৱালৈকে কেন্দ্ৰৰ সৈতে আলোচনা নকৰাৰ সিদ্ধান্ত মণিপুৰৰ কুকি গোটৰ
অব্যাহত সন্ত্ৰাসবাদ নিৰ্মূল অভিযানঃ কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ জালত ৩ সন্ত্ৰাসবাদী সহায়ক
কাশ্মীৰলৈ আহিলে প্ৰমোশ্যন, লাভ কৰে অন্যান্য সুবিধাও, সন্ত্ৰাসবাদীৰ দৰমহা কিমান জানেনে?
তুৰ্কীত কিমান ভাৰতীয় লোক বাস কৰে?
ৰাছিয়া, চীন নে আমেৰিকা! কাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?
গ্ৰীষ্মকালত খালী পেটত শুকান কিচমিচ খালে স্বাস্থ্যৰ ওপৰত পৰিব পাৰে এনে প্ৰভাৱ…
আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি ? এই সমস্যা দূৰ কৰিবলৈ গ্ৰহণ কৰক ঘৰুৱা উপায়