পৰিস্থিতি এতিয়াও স্বাভাৱিক নহয় ! কাইলৈ পুনৰ ভাৰত-পাকিস্তান সীমান্তৱৰ্তী ৰাজ্যত হ’ব সেনাৰ মক ড্ৰিল…
যুদ্ধ বিৰতিৰ পাছত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনা হ্ৰাস পাইছে যদিও সীমান্ত ৰাজ্য়সমূহৰ পৰা এতিয়াও বিপদ আঁতৰা নাই । সেয়েহে কাইলৈ সীমান্তৱৰ্তী চাৰি ৰাজ্যত হ’ব মক ড্ৰিল ।

কেতিয়াও বিশ্বাসত ল’ব নোৱাৰি পাকিস্তানক ! যুদ্ধ বিৰতিৰ পাছত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনা হ্ৰাস পাইছে যদিও সীমান্ত ৰাজ্য়সমূহৰ পৰা এতিয়াও বিপদ আঁতৰা নাই । সেয়েহে কাইলৈ সীমান্তৱৰ্তী চাৰি ৰাজ্যত হ’ব মক ড্ৰিল । সূত্ৰ খবৰ অনুসৰি, কাইলৈ সন্ধিয়া অৰ্থাৎ ২৯ মে’ত অনুষ্ঠিত হ’ব এই মক ড্ৰিল ।
জানিব পৰা মতে, পুনৰ গুজৰাট, পঞ্জাৱ, ৰাজস্থান, জম্মু-কাশ্মীৰত মক ড্ৰিলৰ জৰিয়তে নাগৰিকসকলক যুদ্ধ পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে সজাগ কৰা হ’ব। লগতে মানুহক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হ’ব। প্ৰশাসনিক পৰ্যায়তো মক ড্ৰিল, ব্লেক আউট, মল খালী কৰা আদি প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ।
মক ড্ৰিল কি ?
মক ড্ৰিল হৈছে বাস্তৱ সময়ৰ জৰুৰীকালীন অৱস্থাৰ অনুকৰণ কৰা এক অনুশীলন। মানুহ আৰু সংস্থাসমূহৰ সম্ভাৱ্য দুৰ্বলতাসমূহ মক ড্ৰিলৰ জৰিয়তে মূল্যায়ন কৰা হয়। তেওঁলোকৰ দুৰ্বলতা উন্নত কৰিবলৈ বহুতো পদ্ধতি অনুসৰণ কৰা হয়, যাতে যুদ্ধসদৃশ পৰিস্থিতিত যিমান পাৰি সিমান মানুহে নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে।
ব্লেকআউট হ’লে কি হয়?
যুদ্ধৰ সময়ত জটিল আন্তঃগাঁথনি আৰু অসামৰিক অঞ্চলসমূহ শত্ৰুৰ লক্ষ্যৰ পৰা লুকুৱাই ৰাখিবলৈ ব্লেকআউট ৰূপায়ণ কৰা হয়। সকলো ষ্ট্ৰীট লাইট, ঘৰুৱা লাইট, বাহনৰ হেডলাইট আৰু ৰাজহুৱা লাইটিং বন্ধ ৰখা হয় । যাতে চহৰখন আকাশৰ পৰা আন্ধাৰ যেন লাগে। খিৰিকীবোৰত ক’লা কাগজ, পৰ্দা ব্যৱহাৰ কৰা হয় যাতে পোহৰ ওলাই নাযায়। মক ড্ৰিলৰ সময়ত এই অনুশীলন কৰা হ’ব।
শেহতীয়াকৈ ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ৭ তাৰিখে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সেন্দূৰ আৰম্ভ কৰাৰ পূৰ্বে সমগ্ৰ দেশত ম’ক ড্ৰিল অনুষ্ঠিত হৈছিল।