বিয়াৰ হৈছিল ৩২ বছৰ! ৯ সন্তান, বোৱাৰী, নাতিক এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ…

পৰকীয়া প্ৰেমৰ লগত জড়িত বিভিন্ন ঘটনা বহু সময়ত পোহৰলৈ আহে। শেহতীয়াকৈ পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে স্বামী, বোৱাৰীয়েক, নাতি সকলোকে এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰে।

বিয়াৰ হৈছিল ৩২ বছৰ! ৯ সন্তান, বোৱাৰী, নাতিক এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ...

মহিলাগৰাকী

Updated On: 

11 Sep 2025 17:13 PM

দেশত বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। বহু লোকে পৰকীয়া প্ৰেমৰ বাবে কিছুমান ডাঙৰ সিদ্ধান্ত ল’বলৈও কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী মহিলাই বিয়াৰ ৩২ বছৰৰ পাছত অন্য এজন প্ৰেমিকৰ সৈতে পলায়ন কৰে। স্বামীক প্ৰতাৰণা কৰি পলায়ন কৰা মহিলাগৰাকীৰ ৯ টা সন্তানৰ ভিতৰত ৩ টা বিবাহিত। এই ঘটনাৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বদৌনত।

তথ্য অনুসৰি জানিব পৰা মতে মহিলাগৰাকীয়ে পাপ্পু নামৰ এজন যুৱকৰ সৈতে প্ৰথমে বন্ধুত্ব স্থাপন কৰে। তাৰ পাছত দুয়োৰে এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়। প্ৰেম ইমানেই বাঢ়ে যে মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি মহিলগৰাকী স্বামী, পুত্ৰ,বোৱাৰীক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰে। এই কথা পোহৰলৈ অহাৰ পাছতে স্বামীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু পত্নীক ঘূৰাই আনিবলৈ আহ্বান জনায়।

তদন্ত কৰি আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰে আৰু আদালতত হাজিৰ কৰায়। কিন্তু মহিলাগৰাকীয়ে কয় যে, তেওঁ প্ৰেমিকৰ সৈতে থাকিব, স্বামীৰ সৈতে তেওঁ আৰু সংসাৰ নিবিচাৰে। যাৰ পাছত মহিলাগৰাকীক প্ৰেমিকৰ সৈতে যাবলৈ দিয়ে আৰক্ষীয়ে।

মহিলাগৰাকীৰ এই কাণ্ডই আচৰিত কৰি তুলিছে সকলোকে। কিয়নো মহিলাগৰাকীৰ বিয়া হোৱাৰ প্ৰায় ৩২ বছৰ হ’ল। শ্ৰমিক হিচাপে কাম কৰি মহিলাগৰাকীৰ স্বামীয়ে অতি কষ্টৰে পৰিয়ালটো পোহপাল দিছিল। কিন্তু ইফালে পত্নীয়ে অন্য যুৱকৰ প্ৰেমত পৰি পলায়ন কৰে। মহিলাগৰাকীৰ স্বামীয়ে কয় যে, তেওঁ অতি কষ্টৰে ৪ বিঘা মাটি ক্ৰয় কৰিছিল আৰু সেই সকলোবোৰ এতিয়া পত্নীৰ নামতে আছে।

পত্নীয়ে মাটিৰ সকলো নথিৰ লগতে ঘৰত থকা টকা-পইচা সোণৰ আ-অলংকাৰ আদি লৈ যায়। ইমানেই নহয়, ১০ বছৰীয়া এগৰাকী কন্যাকো লগত লৈ গৈছে। মহিলাগৰাকীৰ এনে কাণ্ডৰ পাছতে এতিয়া স্বামী চিন্তিত হৈ পৰিছে। মহিলাগৰাকীয়ে লৈ যোৱা মাটিৰ নথি পত্ৰ ঘূৰাই বিচাৰিছে স্বামীয়ে। পৰিয়ালটোৰ মতে, মহিলাগৰাকীয়ে লাখ লাখ টকাৰ সম্পত্তি লৈ গৈছে।

স্বামীক প্ৰতাৰণা কৰা আদবয়সীয়া মহিলাগৰাকীৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা বিবাহিত আৰু তেওঁলোকৰ সন্তানো আছে। নাতি-নাতিনী থকা এগৰাকী মহিলাই কৰা এনে কাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। ইফালে এই কাণ্ডত তেওঁৰ সন্তানসকলেও লজ্জিত অনুভৱ কৰিছে।

 

অন্য খবৰ পঢ়কঃ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! এগৰাকী মাতৃৰ কু-কাণ্ডই চকু কপালত তুলিব আপোনাৰ…

 

 

মৰ্ণিং ৱাক কৰেনে আপুনি? খালী ভৰিৰে পুৱা খোজ কাঢ়িলে পাব এনে উপকাৰিতা
Janmashtami 2025: জন্মাষ্টমীত বিৰল সংযোগ, ভক্তৰ প্ৰতিটো ইচ্ছা হ’ব পূৰণ!
Types of Condoms: কণ্ডম কেইপ্ৰকাৰৰ আপুনি জানেনে?
অৱশেষত অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ! ২২১ দিনৰ অন্তত ভাৰতীয় দলে দেখিলে এনে সফলতাৰ মুখ