শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! এগৰাকী মাতৃৰ কু-কাণ্ডই চকু কপালত তুলিব আপোনাৰ…

বৰ্তমান সময়ত বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। যাৰ বাবে মানুহে কিছুমান নৃশংস কাণ্ড কৰিবলৈ কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ পুনৰ এগৰাকী মাতৃৰ জঘন্য কাণ্ডৰ কথা পোহৰলৈ আহিছে।

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! এগৰাকী মাতৃৰ কু-কাণ্ডই চকু কপালত তুলিব আপোনাৰ…
মহিলাগৰাকীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 11 Sep 2025 10:07 AM

আজিকালি বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰকীয়া প্ৰেমৰ লগত জড়িত ঘটনা পোহৰলৈ আহে। এই পৰকীয়া প্ৰেমৰ বাবে একাংশ মানুহে নৃশংস কাণ্ড সংঘটিত কৰিবলৈও কুণ্ঠবোধ নকৰে। দেশত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ ডাঙৰ কাৰণ এই পৰকীয়া প্ৰেম বুলিও ক’ব পাৰি। শেহতীয়াকৈ পৰকীয়া প্ৰেমৰ লগত জড়িত আন এক ডাঙৰ খবৰ পোহৰলৈ আহিছে যিয়ে আচৰিত কৰিব আপোনাক। প্ৰশ্ন কৰিব, এগৰাকী মাতৃয়ে এনে কাম কৰিব পাৰে নেকি?

জানিব পৰা মতে, প্ৰেমিকৰ সৈতে মিলি এগৰাকী মহিলাই নিজ কন্যাক হত্যা কৰে। নিহত শিশুটিৰ বয়স ৪ বছৰ বুলি জানিব পৰা গৈছে। ইফালে মাতৃগৰাকী গংগাম্মা আৰু প্ৰেমিক অন্নপ্পা বুলি চিনাক্ত হৈছে। এই নৃশংস কাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ হাবেৰি জিলাৰ পৰা। এই দুই প্ৰেমিক আৰু বিবাহিতা প্ৰেমিকাই মিলি শিশুটিৰ ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। বুধবাৰে পোহৰলৈ আহিছে এই ঘটনা।

ঘটনাৰ সন্দৰ্ভত পোহৰলৈ আহিছে যে, গংগাম্মাৰ পূৰ্বতে বিয়া হৈছিল। তেওঁৰ এটি সন্তানো আছে। কিন্তু তাৰ মাজতে তেওঁ অন্নপ্পা নামৰ এজন ব্যক্তিৰ সংস্পৰ্শলৈ আহে। দুয়োৰে মাজত প্ৰথমে চিনাকী আৰু পাছত ফোন নম্বৰ আদান প্ৰদান হয়। দুয়ো লাহে লাহে ফোনত কথা পতা আৰম্ভ কৰে। কিন্তু ইয়াৰ পৰাই সলনি হয় সকলো। দুয়োৰে বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হয়। এনেকৈ দুয়ো অহৰহ কথা পাতিবলৈ আৰম্ভ কৰে।

যেতিয়া দুয়োৰে সম্পৰ্ক আগবাঢ়ে তেতিয়া মহিলাগৰাকীৰ স্বামীৰ লাহে লাহে সন্দেহ হয়। সময়ৰ লগে লগে মহিলাগৰাকীৰ পৰিয়ালৰ প্ৰতি গুৰুত্ব কমিবলৈ আৰম্ভ কৰে। ইমানেই নহয়, এই কথাক লৈ মহিলাগৰাকী আৰু স্বামীৰ মাজত কাজিয়াও হয়। পাছত স্বামী নিশ্চিত হয় যে তেওঁৰ পত্নীৰ অন্য় যুৱকৰ সৈতে সম্পৰ্ক আছে, কিন্তু তেওঁ একো কৰিব নোৱাৰিলে।

কিছুদিন পাছত মহিলাগৰাকীয়ে শিশুটিৰ সৈতে ঘৰৰ পৰা ওলাই আহে আৰু প্ৰেমিকৰ সৈতে থাকিবলৈ লয়। ইফালে শিশুটিৰ পিতৃয়ে যেতিয়া নিজ কন্যাক দেখা কৰিবলৈ যায় তেতিয়া মহিলাগৰাকীয়ে বিভিন্ন অজুহাত দেখুৱাই লগ কৰিব নিদিয়ে। পত্নীৰ কথা শুনি স্বামী আচৰিত হয় আৰু তেওঁৰ ওপৰত সন্দেহ জাগে। তাৰ পাছতে তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে, স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰা মহিলাগৰাকীয়ে কন্য়াক হত্যা কৰিছে। প্ৰথমে তেওঁলোকে শিশুটিৰ ডিঙি চেপি হত্যা কৰে আৰু পাছত জ্বলাই দিয়া চেষ্টা কৰে। কিন্তু সম্পূৰ্ণ জ্বলি নাযায় মৃতদেহটো। এনে অৱস্থাত আৰক্ষীয়ে শিশুটিৰ আধা জ্বলা মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰেমিক আৰু মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

 

 

অন্য খবৰ পঢ়কঃ প্ৰথমে তোমাৰ পৰা ৰাখী পিন্ধিম, পাছত বিয়া পাতিম…যুৱকৰ মোবাইলৰ তথ্য দেখি হতবাক আৰক্ষী…