পুত্ৰৰ কইনাক পলুৱাই নিলে পিতৃয়ে! ৮ দিন পাছত বিয়া হৈ উভতিল ঘৰলৈ, চিন্তাত পত্নী…
সকলো ঠিকেই আছিল। কিন্তু প্ৰায় ৮ দিন পূৰ্বে দৰাৰ পিতৃয়ে হ'বলগীয়া বোৱাৰীয়েকৰ ঘৰলৈ যায় আৰু কয় যে, আপোনালোকৰ কন্য অতি দুৰ্বল হৈ পৰিছে। মই তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যাম।

প্ৰতীকী ফটো
প্ৰেম কেতিয়া আৰু কাৰ লগত হৈ যায় কোনোৱে ক’ব নোৱাৰে। যোৱা কেইটামান দিনৰ পৰা প্ৰেমৰ লগত জড়িত কিছুমান অদ্ভুত খবৰ পোহৰলৈ আহিছে। কিছুমাহ পূৰ্বে সৰ্বত্ৰে ভাইৰেল হৈ পৰিছিল উত্তৰ প্ৰদেশ আলিগড়ৰ এজন লোকৰ শাহুৱেকৰ সৈতে থকা সম্পৰ্ক। তাৰ পাছতে দুয়ো পলাই গৈছিল। এনে এক ঘটনাই শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে। এইবাৰ এজন ব্যক্তিয়ে এগৰাকী যুৱতীক পলুৱাই লৈ যায়। এইগৰাকী যুৱতীৰ সৈতে লোকজনে নিজৰ পুত্ৰৰ বিয়া ঠিক কৰিছিল। পলাই গৈ দুয়ো বিয়া পাতে আৰু পাছত পুনৰ ঘৰলৈ উভতি আহে।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰামপুৰত। এই বিশেষ বিবাহ এতিয়া অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে। বহু মানুহে দুয়োকে বিভিন্ন গালি শপনি দিছে। কিন্তু কাৰো কথাত গুৰুত্ব দিয়া নাই নৱবিবাহিত দম্পতীয়ে। পৰিস্থিতি এনে হৈ পৰে যে শহুৰেকে বোৱাৰীয়েকক বিয়া কৰাই ঘৰলৈ অনাৰ লগে লগে ঘৰত কাজিয়াৰ সূত্ৰপাত হয়। পৰিয়ালৰ লোকে দুয়োকে মাৰপিট কৰে আৰু পাছত পঞ্চায়ত অনুষ্ঠিত হয়। পঞ্চায়তৰ সিদ্ধান্ত অনুসৰি দুয়োকে ঘৰৰ পৰা বাহিৰ কৰি দিয়া হয়।
এই ঘটনা ভট অঞ্চলৰ। জানিব পৰা মতে, এই অঞ্চলটোত বাস কৰা ৫৫ বছৰীয়া এজন লোকে এবছৰ পূৰ্বে আজিমনগৰ থানা এলেকাৰ এখন গাঁৱত পুত্ৰৰ বিবাহ ঠিক কৰিছিল। ইয়াৰ পাছত পিতৃয়ে পুত্ৰৰ শহুৰেকৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰাত লাগিছিল। কিন্তু পুত্ৰই গম পোৱা নাছিল তেওঁৰ পিতৃয়ে কি কৰি আছে।
সকলো ঠিকেই আছিল। কিন্তু প্ৰায় ৮ দিন পূৰ্বে দৰাৰ পিতৃয়ে হ’বলগীয়া বোৱাৰীয়েকৰ ঘৰলৈ যায় আৰু কয় যে, আপোনালোকৰ কন্য অতি দুৰ্বল হৈ পৰিছে। মই তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যাম। শহুৰেকে কন্যাক চিকিৎসকৰ ওচৰলৈ নিব বিচৰা বাবে অনুমতি প্ৰদান কৰে পৰিয়ালৰ লোকে। কিন্তু সন্ধিয়ালৈকে দুয়ো উভতি নহা দেখি চিন্তিত হৈ পৰে সকলো। শহুৰেকক ফোন কৰাত কয় যে, বোৱাৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু দুদিন পাছতো দুয়ো ঘূৰি নহাত পৰিয়ালৰ লোকে পুনৰ দৰাৰ লোকজনক ফোন কৰে। কিন্তু সেইবাৰো বিভিন্ন অজুহাত দেখুৱাই শহুৰেকে।
কিন্তু দুয়ো ওলাই যোৱাৰ ৮ দিন পাছত সংঘটিত হোৱা এক ঘটনাই চকু কপালত তোলে পৰিয়ালৰ। কিয়নো পিতৃয়ে পুত্ৰৰ হ’বলগীয়া পত্নীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। দুয়োকে এনেকৈ একেলগে দেখা পাই ঘৰখনত যথেষ্ট হুলস্থুলৰ সৃষ্টি হয়। আনকি পুত্ৰই পিতৃক মাৰধৰ আৰু গালি গালাজ পাৰে। লোকজনৰ পত্নীয়েও ঘটনাত ক্ষোভিত হৈ পৰে। পৰিস্থিতি এনে হৈ পৰে যে দুই পিতা-পুত্ৰই ইজনে সিজনক হত্যা কৰাৰ চেষ্টা চলায়।
পৰিস্থিতি বিষম হোৱা দেখি লগে লগে সেই স্থানত স্থানীয় লোক উপস্থিত হয় আৰু দুয়োকে শান্ত কৰায়। তাৰ পাছতে সন্ধিয়া পঞ্চায়তত বৈঠক অনুষ্ঠিত হয় আৰু সিদ্ধান্ত অনুসৰি নৱবিবাহিত দম্পতী গাঁও এৰি গুচি যায়। দুয়ো বৰ্তমান শ্বাহজাহানগৰ আৰক্ষী থানা এলেকাৰ এখন গাঁৱত বাস কৰি আছে। ইয়াৰ বিপৰীতে আৰ্থিক দুৰ্বলতাৰ বাবে যুৱতীগৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে।
অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডত জড়িত স্থানীয় লোক! পাৰভেজ আৰু বছিৰে সহায় কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদীক…