শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জলকীয়া গুড়ি ঢালি দিছিল আৰু…এগৰাকী মাতৃৰ কাণ্ডই স্তম্ভিত কৰিব আপোনাক…

Andhra Pradesh: দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ পোহৰলৈ আহিছে এক নৃশংস কাণ্ড। এগৰাকী মাতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ। অতি নৃশংসভাৱে মাতৃয়ে পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জলকীয়া গুড়ি ঢালি দিছিল আৰু…এগৰাকী মাতৃৰ কাণ্ডই স্তম্ভিত কৰিব আপোনাক…
প্ৰতীকি ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 25 Sep 2025 11:28 AM

সন্তান সকলোতকৈ সুৰক্ষিত মাতৃৰ ওচৰত! বহুতে এই কথা কয়। কিন্তু কিছুমান কথাই যেন এই বাক্যশাৰী মিছা বুলি প্ৰমাণিত কৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। ভূমি বিবাদৰ বাবে এগৰাকী মাতৃয়ে নিজ পুত্ৰক অতি নৃশংসভাৱে হত্যা কৰে। এই ঘটনাৰ পাছতে মৃতকৰ পত্নীয়ে অভিযুক্ত শাহুৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ নন্দিয়াল জিলাত।

জানিব পৰা মতে, মটুকুৰু গাঁৱৰ নিবাসী শিৱম্মাৰ ওচৰত ১৩ একৰ মাটি আছিল। ইয়াৰে ৫-৫ একৰ ভূমি তেওঁ দুই পুত্ৰ সুধাকৰ আৰু শিৱাজীক প্ৰদান কৰে আৰু বাকী তিনি একৰ তেওঁৰ নিজৰ নামত ৰাখিছিল। ইফালে সুধাকৰে লাভ কৰা ৫ একৰ ভূমিৰ ১ একৰ শিৱাজীৰ নামত আছিল।

সুধাকৰৰ ওপৰত বহু ঋণ আছিল আৰু তেওঁ মাটি বিক্ৰী কৰিব বিচাৰিছিল। কিন্তু শিৱাজীৰ নামত থকা বাবে তেওঁ মাটি বিক্ৰী কৰিব পৰা নাছিল। সুধাকৰে বাৰে বাৰে সেই মাটিখিনি হস্তান্তৰ কৰিবলৈ কৈছিল যদিও শিৱাজী মান্তি হোৱা নাছিল।

ইয়াৰ মাজতে পিতৃ পক্ষ উপলক্ষে মাতৃ ভেংকটা শিৱম্মা পুত্ৰ শিৱাজীৰ ঘৰত উপস্থিত হয়। সেই সময়ত তেওঁলোকৰ ঘৰত সুধাকৰো আহে। এনেকৈ পুনৰ তেওঁলোকৰ মাটিক লৈ কাজিয়া হয়। ইয়াৰ পৰিণতিতে ৰহস্যজনক অৱস্থাত সুধাকৰৰ মৃত্যু হয়। লগে লগে এই ঘটনা সন্দৰ্ভত সুধাকৰ পত্নীয়ে এজাহাৰ দাখিল কৰে।

সুধাকৰৰ পত্নীৰ মতে, তেওঁৰ স্বামীক শাহুৱেকে হত্যা কৰিছে। তেওঁ প্ৰথমে সুধাকৰৰ চকুত জলকীয়া গুড়ি ঢালি দিয়ে আৰু পাছত ডিঙি চেপি হত্যা কৰে। এয়াই নহয়, এই হত্যাকাণ্ডত শিৱাজী আৰু ননদ জড়িত থকাৰো অভিযোগ উত্থাপন  কৰে তেওঁ। ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ উৎসৱৰ বতৰত ভাল খবৰ! ২৫ লাখ লোকে পাব LPG ৰ বিনামূলীয়া সংযোগ…