শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিনটোত সৰ্বাধিক কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে জানেনে? AIIMSৰ চিকিৎসকে দিছে সঠিক বিধান

সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে খোজ কঢ়াটো অতি প্ৰয়োজনীয়। কেৱল ফিটনেছৰ বাবেই নহয় দীৰ্ঘায়ু আৰু ৰোগৰ পৰা ৰক্ষা পোৱাৰ বাবেও খোজ কঢ়াটো অতি প্ৰয়োজনীয়। গতিকে সুস্বাস্থ্যৰ বাবে দৈনিক কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে, সেই বিষয়ে জানো আহক।

দিনটোত সৰ্বাধিক কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে জানেনে? AIIMSৰ চিকিৎসকে দিছে সঠিক বিধান
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 25 Sep 2025 20:55 PM

স্বাস্থ্য ভালে ৰখাৰ এক সহজ আৰু ফলপ্ৰসূ উপায় হৈছে খোজ কঢ়াৰ অভ্যাস খোজ কঢ়াৰ ফলত হৃদযন্ত্ৰৰ ক্ষমতা বৃদ্ধি পায়, ৰক্ত সঞ্চালন উন্নত হয়, শৰীৰৰ বিপাকীয় ক্ৰিয়া সক্ৰিয় হয়। এই অভ্যাসে ওজন কমোৱাতো সহায় কৰে, লগতে পেশী আৰু হাড় শক্তিশালী কৰে। তদুপৰি দৈনিক খোজ কঢ়াৰ ফলত মানসিক চাপ কম হয়, টোপনি ভাল হয় আৰু মন সতেজ হয়। সমান্তৰালকৈ খোজ কঢ়াৰ ফলত তেজত চেনি আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত হয়, এইদৰে ডায়েবেটিছ, হৃদৰোগৰ দৰে ৰোগৰ সম্ভাৱনা কম হয়।

এক কথাত শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্য বজাই ৰাখিবলৈ দৈনন্দিন খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে শাৰীৰিক কাৰ্যকলাপক আওকাণ কৰিলে অসংখ্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। মেদবহুলতা বৃদ্ধি পাব পাৰে, যাৰ ফলত হৃদযন্ত্ৰ আৰু ডায়েবেটিছ সম্পৰ্কীয় সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়।

দৈহিক উপকাৰিতাৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰতো এই অভ্যাসে যথেষ্ট প্ৰভাৱ পেলায়, যেনে মানসিক চাপ, হতাশা, টোপনিৰ সমস্যা দূৰ কৰাত এনে সহজ অভ্যাসে যথেষ্ট সহায় কৰে। সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে খোজ কঢ়াটো অতি প্ৰয়োজনীয়। কেৱল ফিটনেছৰ বাবেই নহয় দীৰ্ঘায়ু আৰু ৰোগৰ পৰা ৰক্ষা পোৱাৰ বাবেও খোজ কঢ়াটো অতি প্ৰয়োজনীয়।

গতিকে সুস্বাস্থ্যৰ বাবে দৈনিক কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে, সেই বিষয়ে জানো আহক। নতুন দিল্লীস্থিত এইমছৰ অৰ্থপেডিক বিভাগৰ অধ্যাপক ডাঃ ভৱুক গাৰ্গে কয় যে ১০ কিলোমিটাৰ খোজ কঢ়াৰ ধাৰণাটো সকলোৰে বাবে উপযোগী নহয়। মূলতঃ জাপানত ইয়াৰ জনপ্ৰিয়তা আছে যদিও ভাৰতৰ মানুহে দৈনিক ১০ কিলোমিটাৰ খোজ কাঢ়িব নালাগে।

কিন্তু খোজ কঢ়াটো হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতাৰ বাবে অত্যন্ত উপকাৰী বুলি তেওঁ স্পষ্ট কৰি দিয়ে। দৈনিক ৭,০০০ৰ পৰা ৮,০০০টা খোজ দিলে যথেষ্ট উপকাৰিতা পোৱা যায় বুলি তেওঁ কয়। কিন্তু আঁঠু বা মেৰুদণ্ডৰ সমস্যা হ’লে অত্যধিক খোজ কঢ়াটো বিপদজনক হ’ব পাৰে বুলিও চিকিৎসকগৰাকীয়ে সকীয়াই দিয়ে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ডাঃ গাৰ্গে কয় যে ব্যক্তি এজনে দৈনিক যিকোনো পৰিমাণৰ শাৰীৰিক কাৰ্যকলাপ কৰিলে স্বাস্থ্যৰ অতি উপকাৰ সাধন হয় নিয়মীয়াকৈ খোজ কঢ়াৰ ফলত শৰীৰ সক্ৰিয় হৈ থাকে আৰু গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পৰে। খোজ কঢ়াৰ লগতে স্বাস্থ্যৰ উপকাৰিতা লাভৰ বাবে এনে কিছু পৰামৰ্শও আগবঢ়াইছে

পুষ্টিকৰ খাদ্য খাব লাগে।

যদি আপোনাৰ ওজন বেছি হয়, তেতিয়া ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ কম কেলৰিযুক্ত খাদ্য খাওক আৰু উপযুক্তভাৱে ব্যায়াম কৰক। প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

পেশীৰ আঘাত ৰোধ কৰিবলৈ খোজ কঢ়াৰ আগতে লাইট ষ্ট্ৰেচিং কৰক।

যদি আপোনাৰ পেশী বা গাঁঠিৰ কোনো সমস্যা আছে তেতিয়াহলে চিকিৎসকৰ পৰামৰ্শ লওক।