Free LPG Connection: উৎসৱৰ বতৰত ভাল খবৰ! ২৫ লাখ লোকে পাব LPG ৰ বিনামূলীয়া সংযোগ…
PM Ujjwala Yojana: লাখ লাখ জনতাৰ বাবে ভাল খবৰ। কেন্দ্ৰই কৈছে যে,চলিত বিত্তীয় বৰ্ষত (২০২৫-২৬) এই ২৫ লাখ এল পি জি গেছ সংযোগ প্ৰদান কৰা হ’ব। ইয়াৰ সহায়ত মুঠ গ্ৰাহকৰ সংখ্যা ১০.৫৮ কোটিলৈ বৃদ্ধি পাব।

দুৰ্গা পূজাৰ পূৰ্বে দেশৰ লাখ লাখ লোকলৈ আছে এক ভাল খবৰ। প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ ২৫ লাখ লোকক নতুন ৰন্ধন গেছৰ সংযোগৰ ব্যৱস্থা কৰিব চৰকাৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে। যিসকলে এতিয়াও ৰন্ধন গেছৰ সুবিধা লাভ কৰা নাই সেইসকলৰ বাবে এই খবৰ ফলপ্ৰসূ বুলি ক’ব পাৰি।
কেন্দ্ৰৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত (২০২৫-২৬) এই ২৫ লাখ এল পি জি গেছ সংযোগৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ পাছতে দেশত প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ গ্ৰাহকৰ সংখ্যা ১০.৫৮ কোটিলৈ বৃদ্ধি পাব। ইয়াৰ বাবে চৰকাৰে ব্যয় কৰিব প্ৰায় ৬৭৬ কোটি টকা। চৰকাৰে ৫১২.৫ কোটি টকা বিনামূলীয়া ৰন্ধন গেছৰ সংযোগৰ বাবে ব্যয় কৰিব। অৰ্থাৎ চৰকাৰে প্ৰতিটো গেছ সংযোগত ২০৫০ টকা খৰচ কৰিব। বাকী ১৬০ কোটি টকা ৰাজসাহায্য প্ৰদানৰ বাবে ব্যয় কৰা হ’ব।
উল্লেখ্য যে, এই আঁচনিৰ সুবিধা পাবলৈ গ্ৰাহকক কোনো জমা ধনৰ প্ৰয়োজন নাই। এক টকাও নিদিয়াকৈ গ্ৰাহকে এই সুবিধা লাভ কৰিব পাৰিব। গ্ৰাহকে প্ৰয়োজন অনুসৰি, ১৪.২ কেজি একক সংযোগ, ৫ কেজি একক সংযোগ বা ৫ কেজি ডাবল সংযোগ ল’ব পাৰিব। ইয়াৰ অধীনত প্ৰতিবছৰে ৯টা ৰিফিল চিলিণ্ডাৰ উপলব্ধ হ’ব। ইয়াৰোপৰি প্ৰতিটো ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ বাবে ৩০০ টকা ভাট্টা উপলব্ধ আছে।
উল্লেখ্য যে, ২০১৬ চনৰ ১ মে’ত উত্তৰ প্ৰদেশৰ বলিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজ্জ্বলা যোজনা (PMUY) আৰম্ভ কৰিছিল। প্ৰথম পৰ্যায়ত ৫ কোটি সংযোগৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমান ইয়াৰ পৰিমাণ প্ৰায় ১০ কোটিৰো অধিক।
এই আঁচনিৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হয়-
- আধাৰ কাৰ্ড (মহিলা আবেদনকাৰীৰ বাবে)
- ভোটাৰ আইডি কাৰ্ড
- পেন কাৰ্ড
- বাসস্থানৰ প্ৰমাণ
- ৰেচন কাৰ্ড (বিপিএল বা অৰ্থনৈতিকভাৱে দুৰ্বল অংশ)
- আবেদনকাৰীৰ নামত বিদ্যুৎ/পানী/গেছৰ বিল
- বেংকৰ পাছবুক বা বেংক ষ্টেটমেন্ট (আবেদনকাৰীৰ নামত)
- আই এফ এছ চি ক’ডৰ সৈতে একাউণ্ট নম্বৰ
- দৰিদ্ৰ সীমা আৰু সামাজিক শ্ৰেণীৰ প্ৰমাণ পত্ৰ
- BPL প্ৰমাণ পত্ৰ, সমাজ কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণ পত্ৰ
- অনুসূচিত জাতি/জনজাতিৰ প্ৰমাণ পত্ৰ
- পাছপ’ৰ্টৰ আকাৰৰ ফটোগ্ৰাফ (মহিলা আবেদনকাৰীৰ বাবে)
- জন্মৰ প্ৰমাণ পত্ৰ/বয়সৰ প্ৰমাণ (যদি প্ৰযোজ্য)
- আগতে এল পি জি সংযোগ নথকাৰ আত্মঘোষণা পত্ৰ।
অন্য খবৰ পঢ়ক- Gold price today: দুৰ্গা পূজাৰ পূৰ্বে দাম হ্ৰাস! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…