শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ মৃত্যুঃ অহা ১০-১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব-মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ মৃত্যুঃ অহা ১০-১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব-মুখ্যমন্ত্ৰী

barasha-sarma
Barasha Sarma | Published: 25 Sep 2025 17:41 PM

Zubeen Garg: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুই সমগ্ৰ অসম জোকাৰি গৈছে। বৰ্তমান ঘটনা সন্দৰ্ভভত এছ আই টিয়ে তদন্ত অব্যাহত ৰাখিছে। অহা ১০-১৫ দিনৰ ভিতৰত উত্তৰ পাব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। তেওঁ কয় যে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত মই নাভাবো যে তেওঁলোক গুৱাহাটীত আছে । উৰা বাতৰিত বিশ্বাস নকৰি ধৈৰ্য ধৰিব লাগিব। এটা প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় হ’ব। আদালতক সন্তুষ্ট কৰিব পৰাকৈ SIT এ কাম কৰিব লাগিব। কাৰণ তাৎক্ষণিক ন্যায় বিচাৰিলে আমি আদালতত বিফল হ’ম। আমাক নিৰ্দিষ্ট সময় দিয়ক।  SIT ৰ কাম কাজত অসমৰ ৰাইজ যদি সন্তুষ্ট নহয় তাৎক্ষণিক ভাৱে আমি CBI ক তদন্ত অৰ্পন কৰিম বুলি কয় মুখ্যমন্ত্ৰীয়ে।

শৰ্মাই অহা ১০-১৫ দিনত ৰাইজে সকলো উত্তৰ পাব বুলি কয়। লগতে কয় যে, কোনো দোষী সাৰি যাব নোৱাৰে।